প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দামী মোবাইল হাতত লোৱাৰ ছখ। পিছে ইমান দামী মোবাইল কিনি দিবলৈ সামৰ্থ্য নাই পিতৃ-মাতৃৰ। সেয়ে দামী মোবাইল কিনাৰ টকা যোগাৰ কৰিবলৈ গোপনে অপৰিচিত লোকৰ সৈতে হোটেলত নিশা কটালে এগৰাকী কলেজীয়া ছাত্ৰীয়ে।

যোৱা শুকুৰবাৰে মাজ নিশা জলপাইগুৰিৰ ৰাজপথৰ পৰা নিচাগ্ৰস্ত অৱস্থাত ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। নিচা শাম কটাৰ পিছত যুৱতীগৰাকীয়ে দিয়া ভাষ্য শুনি হতবাক হৈ পৰে দুই মহিলা আৰক্ষী বিষয়া। আৰক্ষীৰ আগত যুৱতীগৰাকীয়ে মুকলিকৈ স্বীকাৰ কৰিছে যে মাক-দেউতাকে মনে বিচৰা মোবাইলটো কিনি দিবলৈ অপাৰগ বাবেই তেওঁ এই চৰম সিদ্ধান্ত লৈছে।

এয়া কোনো বিক্ষিপ্ত ঘটনা নহয় বুলিয়েই মন্তব্য কৰিছে আৰক্ষী আৰু মনোবিজ্ঞানীসকলে। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ সকলো বন্ধু-বান্ধৱীৰে হাতত দামী মোবাইল আছে। সেয়ে মাক-দেউতাকক তেওঁ এটি দামী মোবাইল কিনি দিবলৈ আবদাৰ কৰিছিল। কিন্তু বহুবাৰ কোৱাৰ পিছতো সেয়া কিনি নিদিয়াত হতাশ হৈ পৰে যুৱতীগৰাকী।

হতাশগ্ৰস্ত হৈ যুৱতীগৰাকীয়ে সেইদিনা ফেচবুকত এজন অচিনাকি যুৱকৰ সৈতে চাট কৰে। যুৱকজনক কথাটো কোৱাত ৯ হাজাৰ টকাৰ বিনিময়ত নিশা হোটেললৈ যোৱাৰ প্ৰস্তাৱ দিয়ে। কিছু সময় ভাবি যুৱকজনৰ প্ৰস্তাৱত সন্মতি জনায় যুৱতীগৰাকীয়ে।

এই যুৱকজনৰ সৈতে কথা পতাৰ পৰামৰ্শ আগবঢ়াইছিল তেওঁৰ এগৰাকী বান্ধৱীয়ে। বান্ধৱীৰ পৰামৰ্শ মতেই অচিনাকি বেংক মেনেজাৰ যুৱকজনৰ সৈতে কেইঘণ্টামানতে ঘনিষ্ঠ হৈ পৰিছিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীগৰাকী। 

এনেদৰে সেই নিশাটোত সকলো ঠিকে ঠাকে আগবাঢ়িছিল। পইছাও হাতলৈ আহিছিল। কিন্তু হোটেলৰ পৰা ওভতাৰ পিছতে যুৱতীগৰাকীৰ ভাৱ হয় যে তেওঁ ভুল কৰিছে। ভুল কৰাৰ দুখতে অত্যাধিক মদ্যাপান কৰি হোটেলৰ পৰা ওলাই আহে যুৱতীগৰাকী। ফলত নিচাৰ বাবে যুৱতীগৰাকী ৰাজপথতে পৰি যায়।

সেই সময়তে উক্ত স্থানৰ কাষেৰে পাৰ হৈ যোৱা আৰক্ষীৰ এটা দলে অচেতন অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। প্ৰাথমিক চিকিৎসাৰ অন্তত চেতনা ঘূৰাই পোৱাত আৰক্ষীয়ে সোধ-পোছ কৰাত সকলো পোহৰলৈ আহে।

বৰ্তমান যুৱতীগৰাকীৰ দৃষ্টিভংগী সলনি কৰিবলৈ পৰিয়ালৰ সহযোগত কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।