ডিজিটেল ডেস্কঃ কলম্বিয়াৰ মেডেলিনৰ এটা জলাশয়ত পৰিভ্ৰমণ কৰি থকা অৱস্থাত ১৬০ জন পৰ্যটকৰ নাও ডুবি ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।

কলম্বিয়াৰ সময় অনুযায়ী দেওবাৰে আবেলি ঘটা এই ঘটনাৰ পিছত পেছাদাৰী ডুবাৰু আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে বিশাল অভিযান অব্যাহত ৰাখিছে।

বহুমহলাৰ জাহাজখনেৰে জনপ্ৰিয় পৰ্যটন কেন্দ্ৰটোৰ জলাশয়টোত নৌকাবিহাৰ কৰি থকাৰ সময়তে হঠাতে জাহাজখন পানীত ডুব যায়।

লগে লগে কাষত থকা সৰু সৰু নাওবোৰে সহায়ৰ বাবে আগবাঢ়ে যদিও ইতিমধ্যে জাহাজৰ ভৰত বহুলোক গভীৰ পানীত ডুব যায়। মৃতকৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে।