কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিবেশন দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে৷ উল্লেখ্য যে, অধিবেশনখনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত অনুষ্ঠানথলী নিকাকৰন কৰা হয়৷ ইয়াৰ পিছতে ৯-৪৫ বজাত বৃ্ক্ষৰোপন আৰু ১১-৪৫ বজাৰ পৰা অন্তিম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷

আনহাতে দ্বিতীয় দিনা অৰ্থ্যাৎ কাইলৈ ২০ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৯-৪৫ বজাত দ্বাৰ মুকলি,৯-৩০ বজাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলন,৯-৪৫ বজাত স্মৃতি তৰ্পণ আৰু ১০ বজাত প্ৰতিনিধি পঞ্জীয়ন কৰা হ’ব৷ ১০-১৫ বজাত আলোক চিত্ৰ প্ৰদৰ্শন আৰু ১০-৩০ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হব৷ আনহাতে দুপৰীয়া ১-৪৪ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব৷

মুকলি সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী অংশগ্ৰহণ কৰিব ৷বিশিষ্ট অতিথি হিচাপে বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন,সন্মানীয় অতিথি হিচাপে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক ৰবিশংকৰ বৰগয়াৰী, বিশেষ আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ উল্লেখ্য যে কাইলৈৰ মুকলি সভাতেই 'সমন্বয়' নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰিব কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কৰেন্দ্ৰ গয়াৰীয়ে।