গুৱাহাটীঃ বাংলাদেশীৰ প্ৰতি দৰদ থকা বুলি সততে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়৷ কিছু দিন পূৰ্বে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কংগ্ৰেছ দলক এটি নিৰ্দিষ্ট ধৰ্মৰ লোকক প্ৰাধান্য থকা দল বুলি কোৱাৰ লগতে দলটোত উক্ত ধৰ্মৰ লোকৰ বিধায়কৰ সংখ্য বহুত বুলি কংগ্ৰেছক আক্ৰমণ কৰিছিল৷

এই অভিযোগ কেৱল শিলাদিত্য দেৱে উত্থাপন কৰিছে এনে নহয়, সময়ে সময়ে এই অভিযোগ ভিন্নজনে দলটোৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে৷ ৰাজ্যৰ জাতীয় দল-সংগঠনেও এই অভিযোগ উত্থাপন কৰি আহিছে ৰাষ্ট্ৰীয় দলটোৰ বিৰুদ্ধে৷

স্বাধীনতাৰ পাছত অধিকাংশ সময় ৰাজ্যৰ শাসনত থকা দলটোৱে অবৈধ বাংলাদেশী সমস্যা সমাধান নকৰাৰ লগতে ৰাজ্যৰ অবৈধ বাংলাদেশীক বিতৰণৰ ব্যৱস্থা নকৰি সংস্থাপন কৰাৰ হে অভিযোগ উত্থাপন হয়৷ অবৈধ লোকসকলক সংস্থাপন কৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হয় ভাৰতীয় কংগ্ৰেছ দলৰ বিৰুদ্ধে৷

যোৱা বিধান সভা নিৰ্বাচনত বিজেপি, বিপিএফ আৰু অগপ মিত্ৰজোঁটে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা প্ৰতিখন সভাত মিত্ৰজোঁটৰ নেতা সকলে কংগ্ৰেছ দল বাংলাদেশীৰ দল বুলি ব্যাপক প্ৰচাৰ চলাই ভোট আদায় কৰাটো সফল হৈছিল৷ বাংলাদেশী তুষ্টিকৰণত ব্যস্ত থকা কংগ্ৰেছ দলে এইবাৰ বাংলাদেশৰ লোকক আক্ৰমণৰ বিৰোধিতা কৰিবলৈ গৈ ৰাজ্যৰ এগৰাকী কংগ্ৰেছী বিধায়কে অসম বিধান সভাৰ মজিয়া ত্যাগ কৰি নতুন বিতৰ্কত সোমাই পৰিছে দলটো৷

চুবুৰীয়া দেশ ম্যানমাৰত বাংলাদেশী মূলৰ ৰোহিংগীয়া মুছলমানক বৰ্বৰ আক্ৰমণ কৰি প্ৰতিদিনে হত্যা কৰি আহিছে দেশখনৰ সেনাবাহিনীয়ে। ম্যানমাৰৰ সেনাৰ আক্ৰমণত এতিয়ালৈ প্ৰায় ৬০০ লোক নিহত হোৱাৰ লগতে অতি কমেও ২ লাখ লোক গৃহহাৰা হৈ বাংলাদেশ আৰু ভাৰতত শৰণাৰ্থী হিচাপে থিতাপি ল'বলৈ বাধ্য হৈছে৷

ম্যানমাৰত কেচুৱা, মহিলা আদিক গুলীয়াই হত্যা কৰাৰ লগতে গছত বান্ধি পৈশাচিক আক্ৰমণ চলোৱা কাৰ্যই বিশ্বত খলকনিৰ সৃষ্টি কৰিছে৷ বিশ্বৰ কেইবাখনো দেশে এই ঘটনাক বৰ্বৰ আখ্যা দি হত্যাকাণ্ড বন্ধ কৰাৰ দাবী জনায়৷ 

ইয়াৰ মাজতে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদ, শুকুৰ আলী, জাকিৰ হুছেইন ছিকদাৰ আৰু আব্দুল খালেকে এই ঘটনাৰ আলোচনা কৰাৰ বাবে অসম বিধানসভাৰ মজিয়াত দাবী উত্থাপন কৰে৷ বিধান সভাৰ প্ৰশ্নত্তোৰ কালত অধ্যক্ষৰ পৰা ম্যানমাৰৰ ৰোহিংগীয়া মুছলমান হত্যা সন্দৰ্ভত আলোচনাৰ অনুমতি বিচাৰে বিধায়ককেইজনে৷

বিষয়টো অসমৰ সৈতে কোনোপধ্যে সম্পৰ্কিত নহয় বুলি স্পষ্ট কৰি দি অধ্যক্ষই আলোচনাৰ বাবে অনুমতি নিদিয়াত সদন ত্যাগ কৰে কংগ্ৰেছৰ উক্ত বিধায়ককেইজনে৷ ইয়াৰ পিছতে একাংশ কংগ্ৰেছৰ বিধায়কে সভা স্থগিতৰ প্ৰস্তাৱ আনে৷ ৰোহিংগীয়া মুছলমান হত্যা সন্দৰ্ভত প্ৰস্তাৱ আনিছিল যদিও বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে অনুমতি প্ৰদান নকৰাত ক্ষোভিত হৈ সদন ত্যাগ কৰে কংগ্ৰেছৰ কেইবাজনো বিধায়কে৷ অৱশ্যে পিছত বিধায়ক কেইজনে এয়া দলৰ পৰিৱৰ্তে নিজা মন্তব্য বুলি সদৰী কৰে।

কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰাৰ পাছতে ফেচবুকত একাংশ লোকে কংগ্ৰেছক উভতি ধৰে৷ দীনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপন, নগাঁও কাণ্ড, বান, খৰাং, গৰাখহনীয়া আদিৰ লগতে ৰাজ্যখনৰ শ শ সমস্যা থকাৰ পাছত এটি আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ অসমৰ কংগ্ৰেছীয়ে কিয় মূৰ ঘমাইছে বুলি প্ৰশ্ন কৰে বহুতে৷ একাংশ লোকে কংগ্ৰেছে অহাবাৰ বাংলাদেশ আৰু ম্যানমাৰত নিৰ্বাচন খেলিব নেকি বুলিও প্ৰশ্ন কৰে। আন একাংশই আকৌ ৰোহিংগীয়া শৰণাৰ্থীক অসমত স্থান দি কংগ্ৰেছে ভোট বেংক কৰিব বিচাৰিছে বুলি অভিযোগ কৰে।