ডিফুঃ  আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰা দেশৰ দৰিদ্ৰ সকলৰ বাবে পৃথিৱীৰ ভিতৰত  বৃহৎ আঁচনি "ন্যুনতম আয় যোঁজনা"ক লৈ সাংসদ তথা ডিফু (জনজাতি) লোক সভা সমষ্টিৰ প্ৰাৰ্থী বীৰেণছিং ইংতিয়ে জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি এক সংবাদ মেলৰ আয়োজন কৰে৷ 

সাংসদ বীৰেণ চিং ইংতিয়ে "ন্যুনতম আয় যোজনা"ৰ উদৃতি দি কয় যে ২০ শতাংশ দৰিদ্ৰ পৰিয়ালক বছৰি ৭২ হাজাৰ টকা প্ৰদান কৰাৰ সম্পূৰ্ণ গেৰাণ্টি, উক্ত ৭২ হাজাৰ টকা মহিলাৰ একাউণ্টত প্ৰত্যক্ষভাৱে সোমোৱাই দিয়া হ’ব৷ উক্ত ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ৫ কোটি জনতা উপকৃত হ’ব৷ জনকল্যাণমূলক কোনো আঁচনি কৰ্তন কৰা নহ'ব, ছাবছিডি সমুহ অক্ষত থাকিব৷ কংগ্ৰেছ-ইউপিএই মহাত্মা গান্ধী এনৰেগা আঁচনিৰ ৰূপায়ণৰ জৰিয়তে ১৪ কোটি লোকক উপকৃত কৰাৰ লগতে 'ন্যুনতম আয় যোজনা'ৰ জৰিয়তে ২৫ কোটি লোকৰ সহায় হ'ব৷ 

লগতে এই প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ বাবে কংগ্ৰেছ বদ্ধ পৰিকৰ বুলি সাংসদ বীৰেণছিং ইংতিয়ে জানিবলৈ দিয়ে৷ ইয়াৰোপৰি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে বিজেপি ধনী শ্ৰেণীৰ চৰকাৰ বিজেপিয়ে দুখীয়াৰ দুখ বুজি নাপায়৷ কংগ্ৰেছ মহাত্মাগান্ধীৰ আদৰ্শত চলা দল৷ পূৰ্বে কংগ্ৰেছে কৃষকৰ ঋণ মাফ কৰাৰ বাবে কৃষক সকলে ৰাহুল গান্ধীক কৃষকৰ প্ৰতিনিধি আখ্যা দিছে৷ বিজেপিয়ে  মিছা প্ৰলোভন দি ভোট আদায় কৰাৰ কথা ৰাইজে জ্ঞাত৷ জিলাখনত বিজেপিৰ শাসনত অবৈধ কয়লা সৰবৰাহৰ লগতে অবাধ হাৰত গছ-গছনি কটা হৈছে বুলি অভিযোগ উত্থাপন কৰে৷ 

নিজৰ সমৰ্থনত সাংসদ বীৰেণছিং ইংতিয়ে কয় যে তেওঁৰ দিনতে বহুতো আঁচনি ৰূপায়ণ হোৱাৰ লগতে ডিফুত অঁনাতাৰ কেন্দ্ৰ, দূৰদৰ্শন কেন্দ্ৰ, কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে বৰ্তমান অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদক লৈ বা:বা: লোৱা বিশ্ববিদ্যালয়েও তেওঁৰ দিনতে স্থাপিত হোৱা৷ এমঅ'এচ চুক্তি মতে বিজেপিয়ে প্ৰত্যক্ষ পুঁজি জিলাখনলৈ দিয়াৰ কথাকৈ ক্ৰেডিট ল’ব বিচাৰিছে৷ 

স্বায়ত্ত ৰাজ্যৰ ইছ্যুলৈ জিলাখনৰ দলসংগঠনে ঐক্যমতত উপনিত নোহোৱাৰ বাবে এতিয়ালৈ হাচিল কৰিব পৰা নায় বুলি কয় সাংসদগৰাকীয়ে৷ বিগত সময়ছোৱাত 'পাপা' ই স্বায়ত্ত ৰাজ্যৰ পৰিৱৰ্তে অধিক ক্ষমতাৰ কথাহে চুক্তিত উল্লেখ কৰাৰ বাবে ইছ্যুটোত কিছু  শিথিলতা আহিছিল৷ বীৰেণ ছিং ইংতি স্বৰাজ্যৰ সদায় সমৰ্থন কৰাৰ বাবে স্বৰাজ্যৰ দাবীত বিগত সময়ছোৱাত সৰ্বদলীয় দিল্লী যাত্ৰাত অংশ গ্ৰহণ কৰিছিল৷ সদনত শুই-বহি থকাৰ অভিযোগক খণ্ডন কৰি সাংসদ গৰাকী কয় যে তেওঁৰ দিনতে পাহাৰলৈ এইছএডি মন্ত্ৰীৰ বিভাগ অনা হৈছিল৷ নিজৰ বিজয়ত প্ৰবল আত্ম বিশ্বাসী বয়োজ্যষ্ঠ সাংসদ গৰাকীয়ে তেওঁৰ প্ৰতি জিলাখনৰ ৰাইজৰ পূৰ্বৰ দৰে আস্থা আৰু বিশ্বাস অক্ষুণ্ণ আছে আৰু তেওঁক ৰাইজে পুণৰ সাংসদ হিচাবে নিৰ্বাচিত কৰি সংসদলৈ পঠিয়াব বুলি মন্তব্য কৰে৷