গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ অসমৰ বাকী চাৰিটা সমষ্টিৰ বাবে কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰায় নিশ্চিত। কেৱল অনুষ্ঠানিকভাৱেহে ঘোষণা কৰিবলৈ বাকী৷

সেই অনুসৰি ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিতৰত আবু তাহেৰ বেপাৰী, বৰপেটাত আব্দুল খালেক, কুকুৰাঝাৰত শব্দ ৰাভা আৰু গুৰুত্বপূৰ্ণ গুৱাহাটীৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ববিতা শৰ্মা। 

ইতিমধ্যে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি বৈঠকত প্ৰাৰ্থীসকলৰ নাম নিশ্চিত কৰাৰ বুলি উল্লেখ কৰিছে কংগ্ৰেছ দলৰ এক বিশেষ সূত্ৰই। আজি বিয়লি অনুষ্ঠানিকভাৱে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে প্ৰাৰ্থী সকলৰ নাম৷