গুৱাহাটীঃ নীৰ নিৰ্মল পৰিযোজনা আঁচনিৰ অধীনত অসম চৰকাৰৰ কাৰিকৰী বিভাগৰদ্বাৰা বহু কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ পানী যোগান অনিয়ম আৰু কেলেংকাৰী পোহৰলৈ আনিছে দুৰ্নীতি বিৰোধী, মানৱ অধিকাৰ সুৰক্ষা মঞ্চই।

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া আৰু চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অধীনত বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিব লোৱা এই দুটা যোগান প্ৰকল্পত একাংশ বৰমুৰীয়া আমোলা, ইঞ্জিনীয়াৰে ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ সৈতে মিলি অতি উচ্চ হাৰত নিৰ্দ্ধাৰণ কৰি অতি কৌশলেৰে ধন আত্মসাৎ কৰাৰ আঁচনি তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মানৱ অধিকাৰ সুৰক্ষা মঞ্চই৷

এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী, মানৱ অধিকাৰ সুৰক্ষা মঞ্চই এখন সংবাদ মেলৰ আয়োজন কৰে৷ অভিযোগ মতে পিএনই বিভাগে শ শ কোটি ৰাজহুৱা ধন খৰছ হোৱা ২০১৪-১৫ আৰু ২০১৫-১৬ নিৰ্মাণ কৰা বহু নতুন PWSS ত আজি পৰ্যন্ত এটোপালো পানী নিদিয়াকৈ বন্ধ হৈ আছে৷ তেনেস্থলত নতুনকৈ পুনৰ হাজাৰ কোটি টকা খৰচ কৰি অতি উচ্চ হাৰত কামৰ নিৰিখ নিৰ্দ্ধাৰণ কৰি বিষয়া ঠিকাদাৰ মিলিত হৈ ধন আত্মসাৎৰ ফন্দি আৰু লুন্ঠনৰ দিহা কৰা বাবে দূৰ্নীতি বিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চই তীব্ৰ প্ৰতিবাদ কৰে৷

আজিৰ এই সংবাদ মেল যোগে মঞ্চৰ সভাপতি প্ৰদীপ বৰুৱাই অসম চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী তথা বিভাগীয় কতৃপক্ষক অতি শীঘ্ৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰি দোষী বিষয়া ঠিকাদাৰসকলক শাস্তি প্ৰদানৰ দাবী জনায়৷