থিৰুৱানন্তপুৰমঃ মাছৰ আঞ্জা খাই অসুস্থ হৈ পৰিছে কেৰালাৰ পাল্লিপুৰমস্থিত চি আৰ পি এফ কেম্পৰ ৪০০ জোৱান৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি উক্ত কেম্পটোৰ প্ৰায় ১০৯ জন জোৱানৰ অৱস্থা অতি গুৰুতৰ৷

খাদ্যৰ বিষক্ৰিয়াৰ ফলতে বমি আৰু ডায়েৰীয়াত আক্ৰান্ত হৈ পৰা জোৱানসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷

প্ৰাথমিক তদন্তৰ অন্তত দেখা গৈছে যে মাছৰ আঞ্জা খোৱাৰ পিছৰে পৰা অসুস্থ হৈ পৰে জোৱানসকল৷ অসুস্থ জোৱানসকলৰ ১০৯ জনক লগে লগে সংকটজনক অৱস্থাত ত্ৰিভান্দ্ৰাম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়৷

ইফালে চি আৰ পি এফ জোৱানসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলাজা৷