ডিজিটেল ডেস্কঃ অলপতে চত্তিশগড় ৰাজ্যৰ সুকমাত ২৫ জন চি আৰ পি এফ জোৱান ছহীদ হৈছিল মাওবাদীৰ হাতত। মাওবাদীৰ ভয়ংকৰ আক্ৰমণৰ বাবে দেশজুৰি হৈছিল কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা।

পৰবৰ্তী সময়ত কোনো সময়ৰ ব্যয় নকৰি ২৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাওবাদীৰ সন্ত্ৰাস দমনৰ বাবে চি আৰ পি এফক সকলো প্ৰট’কলৰপৰা পৰা মুক্ত কৰি দিছিল ৭৫ দিনৰ বাবে। উক্ত সময়ছোৱাত চি আৰ পি এফ বাহিনীক যিমান সেনা, যি ধৰণৰ অস্ত্ৰৰ প্ৰয়োজন হয় যোগানৰ নিশ্চয়তা প্ৰদান কৰিছিল কেন্দ্ৰই।

সংবাদ মাধ্যমৰ সুত্ৰত প্ৰকাশ পোৱা মতে মাওবাদী দেখিলেই ঘৰৰ পৰা টানি আজুৰি উলিয়াই আনি হ’লেও গুলিওৱাৰ অনুমতি দিয়া হৈছে। কেন্দ্ৰৰ সেউজ সংকেত পোৱাৰ পাচতে চি আৰ পি এফ বাহিনিয়ে আৰম্ভ কৰিছে 'অপাৰেচন অন্ত'।

অপাৰেচনৰ প্ৰথম দিনটোতে সেনাই ১০ জন মাওবাদীক ধৰাশায়ী কৰিবলৈ সক্ষম হয় সেনা। সংবাদ প্ৰতিস্থান এএনআইৰ তথ্য মতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব কাৰণ প্ৰায় ৫ জন মাওবাদী গুৰুতৰভাবে আহত হৈছে।