ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত শেহতীয়া হিংসা দমনৰ বাবে ভাৰতীয় সেনাৰ কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ নিউয়ৰ্ক টাইমচে। কাকতখনৰ সম্পাদকীয়তে সেনাৰ কাৰ্যকলাপক 'বৰ্বৰ’ আৰু 'ভীৰু’ বুলি কোৱাৰ লগতে সেনাৰ এনে কাৰ্যই সংঘৰ্ষজৰ্জৰিত ৰাজ্যখনত সন্ত্ৰাসবাদক উৎসাহ যোগাব বুলি সম্ভাৱনা ব্যক্ত কৰি বিশ্লেষণ আগবঢ়োৱা হৈছে।

কেন্দ্ৰ চৰকাৰে ৰাজ্যখনত মানৱধিকাৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব দিব লাগে বুলি সম্পাদকীয়টোত পৰামৰ্শ দিয়া হৈছ। উল্লেখ্য যে কেইদিনমান পূৰ্বে শ্ৰীনগৰত হোৱা উপনিৰ্বাচনৰ সময়ত সেনাই প্ৰতিবাদকাৰীৰ গুলিবৰ্ষণৰপৰা পৰিত্ৰাণ পাবৰ বাবে পথচাৰী এজনক ঢাল হিচাপে সেনাৰ জীপৰ বনেটত বান্ধি নিয়াৰ দৃশ্যই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে বিশ্বৰ জনপ্ৰিয় কাকতখনত এনেধৰণৰ কঠোৰ ভাষাৰ সমালোচনাৰ সমুখীন হৈছে ভাৰতীয় সেনাৰ লগতে কেন্দ্ৰ চৰকাৰ।

২৪ বৰ্ষীয় ফাৰুক আহমেদ নামৰ কাশ্মীৰী যুৱকজনক এনেদৰে বনেটত বান্ধি নিয়া ঘটনাই সমগ্ৰ ৰাজ্যখনত মানৱধিকাৰ উলংঘনৰ দীঘলীয়া ইতিহাসক আটাইতকৈ নীচ পৰ্যায়লৈ অৱনমিত কৰিছে বুলি মত প্ৰকাশ কৰা হৈছে লেখাটোত।

'কাশ্মীৰত বৰ্বৰতা আৰু ভীৰুতা’ শীৰ্ষক এই সম্পাদকীয়টোত কোৱা হৈছে- 'চ’ছিয়েল মিডিয়াৰ যোগেদি পোহৰলৈ অহা এই ঘটনাটোৱেই কাশ্মীৰত প্ৰায় তিনিটা দশকজুৰি চলি অহা সন্ত্ৰাসবাদৰ গভীৰতাৰ ছবি ফুটাই তুলিছে।’ সেনাৰ এনেধৰণৰ কাৰ্যকলাপে ৰাজ্যখনত হতাশা আৰু তাৰ পৰবৰ্তী সময়ত সন্ত্ৰাসবাদৰ জন্ম দিব বুলি আশংকা ব্যক্ত কৰিছে কাকতখনে।