বালিপৰাঃ ৰাজ্যৰ খনৰ কৃষকসকলে চকুলো টুকি দিন পাৰ কৰিব লগা হয়৷ কেতিয়াবা বানাপনী, কেতিয়াবা পোকে কন্দুৱাই ৰাজ্যৰ কৃষকক৷

কৃষকে কেতিয়াবা খেতি পথাৰত পানীৰ বাবে হাহকাৰ কৰিব লগা হয়৷ কৃষকৰ আৰ্তনাদ মৰিষণ কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰছ কৰি খেতিয়কৰ সমস্যা সমাধানৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও কৃষকৰ চকুলোৰ যেন অন্ত নপৰে৷ ইখনৰ পিছত সিখন চৰকাৰ আহে আৰু কৃষকক আতিশয্যা চলাই যায়৷

কিন্তু খেতিয়কৰ সমস্যা হলে কেতিয়াও চৰকাৰে সমাধান কৰিবলৈ চেষ্টা নকৰে৷ কেৱল ইমানে নহয় দৰিদ্ৰ কৃষকৰ অধিকাৰ কৃষি ভূমি কাঢ়ি নি উদ্যোগ গঢ়িবলৈ চেষ্টা চলাই চৰকাৰে৷ জোৰ-জুলুম কৰি কৃষকৰ ভূমি অধিগ্ৰহণ কৰাৰ চেষ্টা চলাই৷

যাৰ ফলত কৃষকে হাহাকাৰ কৰিব লগা হয়৷ এইবাৰ ৰাজ্য চৰকাৰৰ শক্তি বিভাগে কৃষকক মাধমাৰ শোধাইছে শোণিতপুৰ জিলাত৷ জিলা খনৰ গ্ৰাম্য এলেকাৰ সহজ সৰল থলুৱা কৃষকক ৰামঠগন দিছে শক্তি বিভাগে৷ পাৱাৰ গ্ৰীডে কৃষকৰ ভূমি নষ্ট কৰি জিৰাতৰ ধন আদায় নিদিয়াত হাহাকাৰ কৰিব লগা হয় জনজাতীয় কৃষকে৷

জনগোষ্ঠীয় কৃষক সমূহৰ কৃষি ভূমি ব্যৱহাৰ কৰি পৰিয়াল সমূহক উপয়ুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত প্ৰতিবাদী সাব্যস্ত কৰিব লগা হৈছে কৃষকসকলে৷ নিজৰ কৃষি ভূমি হেৰুৱাই ৰাজ পথত হাহাকাৰ কৰিব লগা হৈছে দৰিদ্ৰ কৃষকে৷ ভূমি হেৰুৱাই জিৰাতৰ ধন নোপোৱাৰ বাবে শোণিতপুৰত পাৱাৰ গ্ৰীডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহে থলুৱা কৃষক৷

জিলা খনৰ চাৰিদুৱাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কৃষকসকলে। দিনৰ ১২ বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে কৃষকসকলে।

পাৱাৰ গ্ৰীডে অসম অৰুণাচল-সিমান্তৰ চটাইত কেইবা সহস্ৰাধিক পৰিয়ালৰ ভূমি, সা-সম্পত্তি নষ্ট কৰি বৃহৎ বৃহৎ খুঁটা বহুৱাই তাৰ টানি নিয়াৰ বাবে কাম কৰি গৈছে যদিও সহজ সৰল কৃষকে ভূমিৰ বিনিময়ত লাভ কৰিব ধন মোকলাই নিদিয়াত প্ৰতিবাদ সাব্যস্ত কৰে৷

বহু গছ গছনি, খেতি-বাতি, ঘৰ দুৱাৰ অনিষ্ট হয় কৃষকসকলৰ। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পাৱাৰ গ্ৰীডে উপযুক্ত ক্ষতিপুৰণ আদায় দিব লাগিছিল যদিও আজিও বঞ্চিত কৰি ৰাখিছে কৃষকসকলক। পাৱাৰ গ্ৰীডে কৃষকক ধন আদায় দিয়াৰ বিপৰীতে আৰক্ষীৰ পহৰাত বলপূৰ্বক কাম কৰি গৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষকৰ ভূমি নষ্ট কৰা বিষয়টোৰ উচিত তদন্ত কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকক জিৰাতৰ ধন আদায় দিবলৈ দাবী জনায় ৰাজ পথ উত্তাল কৰি তোলে৷