টাৱাংঃ উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা অৰুণাচল প্ৰদেশৰ টাৱাঙত চহৰত ভক্তিৰ সোঁত বৈছে৷ তীব্বতীয় ধৰ্মগুৰু দালাই লামাই সহশ্ৰাধিক লোকক সম্বোধিত কৰি আধ্যাত্মিক ভাষণ আৰম্ভ কৰিছে৷ সকলোৱে হাতযোৰ কৰি চতুৰ্দশ দালাই লামাৰ আধ্যাত্মিক বক্তৃতা শুনিছে৷

১২ দিনীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণত থকা আধ্যাত্মিক গুৰুজনে অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ উপস্থিতিত টাৱাং ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে৷ চীনৰ অসন্তুষ্টি স্বত্বেও ভাৰত চৰকাৰৰ উৎসাহতে দালাই লামাই আজি এনে এক বিশাল জনতাক সম্বোধন কৰিবলৈ সুযোগ লাভ কৰা বুলি মূখ্যমন্ত্ৰী খাণ্ডুৱে মন্তব্য কৰে৷

আজিৰ পৰা ৬ টা দশক পূৰ্বে চীনৰ পৰা নিৰ্বাসিত দালাই লামা ভাৰতলৈ আগমণ ঘটা ঐতিহাসিক মূহুৰ্তটো ৰাজ্যখনে কেতিয়াও নাপাহৰে বুলি খাণ্ডুৱে মন্তব্য কৰে। উল্লেখ্য যে চলিত দশকত দালাই লামাৰ এইটোৱে প্ৰথমটো সাক্ষাত৷

লামাৰ সান্নিধ্য পাবলৈ ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানম্যাৰ, ভূটান আদিৰ পৰাও অনুৰাগীৰ সমাগম ঘটে৷ এইফালে চীন-ভাৰত সীমান্তৰ স্পৰ্শকাতৰ এলেকাত দালাই লামাৰ কাৰ্য্যকলাপ মুঠেও পছন্দ কৰা নাই ৰঙা চীনে৷ দালাই লামাক ভাৰত চৰকাৰে কৰা সহযোগিতাৰ ফলত দেশ দুখনৰ মাজত সীমান্ত সংক্ৰান্তীয় সমস্যাই বেয়াৰ দিশত অধিক অৱনতি ঘটিব পাৰে বুলি চীন চৰকাৰে ভাৰতক সকীয়াই দিয়ে৷ আনকি সীমা চেৰাই গৈ কাশ্মীৰ বিষয়ত হস্তক্ষেপৰো এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে চুবুৰীয়া চীনে৷