ডিজিটেল ডেস্কঃ পেট্ৰিছিয়া পেৰোট্টে। ইচ্ছা আছিল জীৱন কালতে কন্যাৰ গ্ৰেজুৱেট ডিগ্ৰীৰ চাৰ্টিফিকেট হাতত লৈ চাব। পিছে সেই আশাত বাধা হৈ দেখা দিয়ে মৃত্যুমুখী এক জটিল ৰোগ।

চিকিৎসালয়ৰ মৃত্যুশয্যা এৰি কন্যা ছামান্থাই স্নাতক ডিগ্ৰী লাভ কৰা অনুষ্ঠানত উপস্থিত থকাতো তেওঁৰ পক্ষে কোনোপধ্যে সম্ভৱ নাছিল। অন্তিম নিশ্বাস এৰাৰ মুহূৰ্তত তেওঁ হেপাঁহৰ অনুষ্ঠানটোত ভৰি দিয়েই বা কেনেকৈ?

নিউয়ৰ্কৰ মৃত্যু পথৰ যাত্ৰী মাতৃগৰাকীৰ শেষ ইচ্ছাৰ কথা কেনেবাকৈ কাণত পৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছামান্থাৰ সৈতে যোগাযোগ কৰে আৰু মাতৃৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ যো-জা চলায়।

এই অনুযায়ী চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি চিকিৎসালয় কক্ষতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশেষভাৱে ডিগ্ৰী প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে।

অন্তিম শয্যাৰত অৱস্থাতে স্তনৰ কৰ্কটত আক্ৰান্ত মাতৃয়ে আধা মেলা চকুৰে প্ৰত্যক্ষ কৰে কন্যা ছামান্থাই গ্ৰেজুৱেশ্যন গ্ৰাউন পৰিধান কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা মধুৰ দৃশ্য।

আনুষ্ঠানিকভাৱে ডিগ্ৰী গ্ৰহণ কৰিয়েই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উপস্থিতিতে মাতৃৰ হাতত চাৰ্টিফিকেটখন তুলি দিয়ে ছামান্থাই। লগাতে মাকক চুম্বনেৰেও উপচাই দিয়ে কন্যাই। এই অনুষ্ঠানৰ দুদিন পিছতে শেষ নিশ্বাস ত্যাগ কৰে পেট্ৰিছিয়াই। 

প্ৰত্যক্ষ কৰক সেই হৃদয় বিদাৰক মুহূৰ্তঃ