newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ খঁৰাগড়ৰ ঘোঁৰাচোৱা গাঁৱৰ এজন ছাত্ৰৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে। নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ স্নাতক প্রথম বৰ্ষৰ দ্বীপ বৰুৱা নামৰ ছাত্ৰজনৰ সোমবাৰে নিজ ঘৰতে মৃত্যুক আকোৱালি লয়। 

নামতিৰ খঁৰাগড়ৰ ঘোঁৰাচোৱা গাঁৱৰ ভূপেন বৰুৱাৰ পুত্ৰ দ্বীপ বৰুৱাৰ সোমবাৰে পুৱতি নিশা হঠাৎ বুকুৰ বিষ হয়। ছাত্ৰজনক পিতৃ-মাতৃয়ে ততাতৈয়াকৈ  চিকিৎসালয়লৈ নিয়ে যদিও পথতে মৃত্যুক আকোৱালি লয়।

নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 

ছাত্ৰজনৰ মৃত্যুত নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি অখিল আহোম, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, খৰাঁগড় যুৱ চৰা, খৰাঁগড় আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰ, নামঘৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ লগতে বহু দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্রকাশ কৰে। মৃত্যু সময়ত দীপ বৰুৱাই পিতৃ-মাতৃ আৰু দুই ভাতৃৰ লগতে বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।