ডিজিটেল ডেস্কঃ নিজ পত্নীক বৈদ্যুতিক কৰতেৰে টুকুৰা টুকুৰ কৰিছিল লোকজনে। ৭০ টুকুৰা কৰি কিটচ্ছেনৰ ডীপ ফ্ৰীজৰ ভিতৰত ভৰাই ৰাখিছিল। ৭ বছৰ পূৰ্বৰ সেই বীভৎস হত্যাকাণ্ডৰ শুকুৰবাৰে শাস্তি ঘোষণা কৰে আদালতে। ডেৰাডুনৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ছফটৱেৰ ইঞ্জিনীয়াৰ ৰাজেশ গুলাটিক।

২০১০ চনৰ ১৭ অক্টোবৰত স্ত্ৰী অনুপৰ্ণা(৩৬) সৈতে পাৰিবাৰিক সংঘাতৰ সূত্ৰপাত হৈছিল ৰাজেশৰ। তেতিয়া তেওঁলোকৰ মাজলৈ আহিছিল দুটি যমজ সন্তান। কাজিয়াৰ সময়ত অনুপৰ্ণাক চৰ-ভুকু শোধোৱাৰ ফলত অজ্ঞান হৈ পৰি যায়।

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

জ্ঞান ঘূৰাই পালে আৰাক্ষী থানাত গৈ এজাহাৰ দাখিল কৰাৰ ভয়ত মুখত গাৰুৰে সোপা দি হত্যা কৰে পত্নীক। তাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ গৈ এখন বৈদ্যুতিক কৰত কিনি আনে। হিতাহিত জ্ঞান হেুৱাই সেই কৰতখনেৰে পত্নীৰ মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি ৭০ টুকুৰা কৰে। তাৰ পিছত আটাইকেইটা টুকুৰা এটা প্লাষ্টিকৰ বেগত ভৰাই ডীপ ফ্ৰীজত থৈ দিয়ে। 

এই ঘটনাৰ দুমাহ ধৰি ডেৰাডুন চহৰৰ ভিন্ন স্থানত ফ্ৰীজৰ পৰা উলিয়াই এটুকুৰ-দুটুকুৰকৈ পেলাই গৈছিল ৰাজেশে। সকলো ঠিকে ঠাকে আছিল যদিও এদিন পত্নীৰ সম্পৰ্কীয় লোক এজন ঘৰলৈ আহে। কিন্তু ৰাজেশে নানা অজুহাত দেখুৱাই লোকজনক ঘৰত প্ৰৱেশত বাধা দিয়ে।

CLICK ► ​Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

এই কথাতে সন্দেহ ওপজে সুজন নামৰ পত্নী অনুপৰ্ণাৰ ককায়েকৰ। লগে লগে তেওঁ ডেৰাডুন আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তালাচী চলাই ৰাজেশৰ ঘৰৰ পৰা মৃতদহেৰ অৱশিষ্ট উদ্ধাৰ কৰে। লগতে উদ্ধাৰ কৰে পত্নীৰ শিৰ। জানিব পৰা মতে, কলকাতাৰ কোনো এগৰাকী নাৰীৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাক লৈ পত্নীৰ সৈতে কাজিয়া লাগিছিল ৰাজেশৰ।