২০০৮ চনৰ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আটাইতকৈ কম বয়সীয়া সাক্ষী আছিল এটি কণমানি। ৯ বছৰীয়া কন্যা শিশুটিয়ে পিতৃৰ সৈতে ষ্টেছনত ৰে’লৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে সংঘটিত হৈছিল সেই ভয়াবহ ঘটনা। আক্ৰমণকাৰীৰ গুলীবৰ্ষণত গুলীবিদ্ধ হৈছিল শিশুটিও। সেই নৃশংস আক্ৰমণৰ ঘটনাই আজি ১৫টা বছৰ অতিক্ৰম কৰিছে। তেতিয়াৰ কণমানিটি আজি গাভৰু হৈছে। অলেখ সপোন বুকুত বান্ধি তেওঁ খোজ লৈছে জীৱনৰ বাটত। 

সন্ত্ৰাসবাদী কাছৱৰ গুলীত আহত হোৱা সেই কণমানিটিৰ নাম আছিল দেৱীকা ৰোটাৱান। এতিয়া দেৱীকাৰ বয়স ২৫ বছৰ। কিন্তু ২০০৮ৰ সেই ঘটনাই যেন জীৱনটোকে সলনি কৰি পেলাইছিল দেৱীকাৰ। এতিয়া দেৱীকাক সকলোৱে চিনি পায়, টিভিৰ ৰিয়েলিটী শ্ব’, সংবাদ মাধ্যমৰ এটি পৰিচিত নাম দেৱীকা ৰোটাৱান। কিন্তু এই জনপ্ৰিয়তা, চেলিব্ৰেটীৰ অনুভৱৰ মাজতে যেন নিজৰ এটা সুকীয়া পৰিচয় গঢ়ি তোলাৰ হেঁপাহ লহপহকৈ বাঢ়ে দেৱীকাৰ মনত। সেই কথা দেৱীকাই নিজেও স্বীকাৰ কৰে।

কাছবক চিনি পোৱা কণমানিজনী...

২০০৮ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছত সংঘটিত হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ। সেই আক্ৰমণত ৫০ জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল ১০০ জন লোক। সেই আক্ৰমণৰ সময়ত ষ্টেছনত ট্ৰেইনৰ বাবে অপেক্ষা কৰি থকা সকলৰ মাজত আছিল ৯ বছৰীয়া দেৱীকাও। মহম্মদ আজমল কাছবে যেতিয়া থিয় হৈ থকা লোকসকলৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিছিল, সেই সময়ত পলায়নৰ চেষ্টা কৰিছিল দেৱীকাই। কিন্তু কাছবৰ বন্দুকৰ গুলীয়ে কণমানি দেৱীকাৰ সোঁভৰি ভেদ কৰি পাৰ হৈ গৈছিল।

পিছত এইগৰাকী দেৱীকাই এই আক্ৰমণৰ সন্দৰ্ভত সাক্ষ্য দিয়া আৰু আদালতত আক্ৰমণকাৰী কাছবক চিনাক্ত কৰা আটাইতকৈ কম বয়সীয়া সাক্ষী হৈছিল। নিৰ্জু, মৰমলগা দেৱীকাই শান্তভাৱে আদালতত উত্তৰ দি গৈছিল অধিবক্তাৰ প্ৰতিটো প্ৰশ্নৰ। ইয়াৰ পিছতে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল দেৱীকাই। বাতৰিৰ শিৰোনাম হৈছিল- 'কাছবক চিনি পোৱা কণমাণি ছোৱালীজনী’।

দেৱীকাই কয়, "২০০৯ চনত বিশেষ আদালতৰ শুনানিৰ সময়ত মই কাছবক চিনি পাইছিলোঁ। মই তেওঁৰ ফালে আঙুলিয়াই দিছিলোঁ। কাছবে ক্ষন্তেক সময়ৰ বাবে মোৰ ফালে চাইছিল আৰু তাৰ পিছত চকু দুটা তললৈ নমাই দিছিল।" পিছত ২০১০ চনৰ মে’ মাহত কাছবক মৃত্যুদণ্ডৰ শাস্তি বিহে আদালতে আৰু তাৰ দুবছৰৰ পিছতে প্ৰদান কৰা হৈছিল ফাঁচী।

দেৱীকাৰ মোবাইলত আজিও আছে সেই দিনটোৰ নিজৰ ফটোখন

১৫ বছৰ আগৰ আক্ৰমণৰ সেই দাগ আজি মুম্বাইয়ে নিজৰ বুকুৰ পৰা মচি পেলালেও পিছে আজিও সেই ভয়াবহ দিনটোৰ স্মৃতি সজীৱ হৈ আছে দেৱীকাৰ মনত। বিভিন্ন অনুষ্ঠান, টিভিৰ প্ৰগ্ৰাম, ৰিয়েলিটী শ্ব’ত তেওঁ হাজাৰবাৰ আওৰাইছে সেই ক’লা দিনটোৰ ভয়াবহ স্মৃতি। তেওঁৰ মুখৰ সেই দিনটোৰ কথা শুনি আজিও শিঁয়ৰি উঠে সন্মুখৰ শ্ৰোতা। 

দেৱীকাৰ পৰিয়ালৰ সংগ্ৰাম

সন্ত্ৰাসবাদী আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ মাত্ৰ দুমাহ পিছতে আছিল দেৱীকাৰ দহ বছৰীয়া জন্মদিন। পিতৃ নটৱৰলালে কথা দিছিল- ধুমধামেৰে পালন কৰিব দেৱীকাৰ দহ বছৰীয়া জন্মদিনটো। কিন্তু সেয়া নহ’ল, গুলীবিদ্ধ হৈ আহত হোৱা দেৱীকাই ৬৫ দিন ধৰি হাস্পতালৰ বিছনাতে পৰি থাকিল। এই সময়ছোৱাত সম্পন্ন কৰা হয় দেৱীকাৰ ভৰিৰ ৬টাকৈ অস্ত্ৰোপচাৰ। অৱশ্যে চিকিৎসাৰ খৰছ চৰকাৰেই বহন কৰিছিল।

কিন্তু সেই একেই সময়তে অন্য এক সংগ্ৰামৰ সৈতে যুঁজিবলগীয়া হৈছিল দেৱীকাৰ পৰিয়ালটোৱে। মুম্বাইৰ বস্তি অঞ্চলত বাস কৰা দেৱীকাৰ পৰিয়ালটোৰ একমাত্ৰ জীৱিকা আছিল নটৱৰলালৰ ড্ৰাই ফুডৰ দোকানখন। কিন্তু দেৱীকা হাস্পতালত থকাৰ সময়ত আৰু তেতিয়াৰ মুম্বাইৰ পৰিস্থিতিৰ বাবে দীৰ্ঘ সময়ৰ বাবে দোকানখন বন্ধ ৰাখিবলগীয়া হোৱাত পৰিয়ালটোলৈ নামি আহিছিল তীব্ৰ আৰ্থিক অনাটন। দেৱীকাৰ জ্যেষ্ঠ ভাতৃ জয়শো আছিল হাড়ৰ ৰোগত আক্ৰান্ত। আনকি তেওঁৰ চিকিৎসাৰ বাবেও ধন গোটাব পৰা নাছিল পিতৃ নটৱৰলালে।

আজিও পৰিয়ালটোৰ আৰ্থিক অভাৱ দূৰ হোৱা নাই। তেওঁলোকে পূৰ্বে বাস কৰা বস্তিৰ ঘৰবোৰ ভাঙি তাত ব্যৱসায়িক কাৰ্যালয় আৰু গগণচুম্বী অট্টালিকা নিৰ্মাণ কৰাত্ উপায়ন্তৰ হৈ দেৱীকাৰ পৰিয়ালে অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয়। ৰোটাৱান পৰিয়ালে এতিয়া উপকণ্ঠ অঞ্চলৰ বস্তিবাসীৰ পুনৰ্বাসনৰ বাবে নিৰ্মিত এপাৰ্টমেণ্টৰ ২৫ বৰ্গমিটাৰৰ এটা ঘৰত বাস কৰে। ইয়াৰ বাবদ তেওঁলোকে মাহিলী আদায় দিব লাগে ১৯ হাজাৰ টকা ভাড়া। পিতৃ নটৱৰলালৰ দোকানখনো এতিয়া নাই।

২৬/১১ৰ ঘটনাৰ পিছত হাস্পতালত দেৱীকা

বিগত ১৫ বছৰত যথেষ্ট চৰ্চা লাভ কৰিছে দেৱীকাই। ২৬/১১ৰ কাহিনী শুনিবলৈ দেৱীকাক আমন্ত্ৰণ জনোৱা হয় বিভিন্ন অনুষ্ঠানলৈ। অমিতাভ বচ্চনৰ কৌন বনেগা কৌড়পতি, ইণ্ডিয়ান আইডলৰ দৰে ৰিয়েলিটী শ্ব’ৰো অতিথি হৈছে দেৱীকা। এনে অনুষ্ঠানত ভাগ লোৱাৰ বাবে কিছু মাননি প্ৰদান কৰা হয় তেওঁক। দেৱীকাই কয়, এয়াই তেওঁলোকৰ পৰিয়ালটোৰ এতিয়া মূল উপাৰ্জন। 

সপোনে পাখি মেলে

৯ বছৰ বয়সতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাৰ পিছত দেৱীকাই প্ৰথমবাৰ বিদ্যালয়ত ভৰি দিছিল ১১ বছৰ বয়সত। কিন্তু এই শৈক্ষিক যাত্ৰাও দেৱীকাৰ বাবে সহজ নাছিল। আক্ৰমণকাৰীক চিনাক্ত কৰা কমবয়সীয়া ছোৱালীজনী বুলি দেৱীকাক সকলোৱে চিনি পালেও বহু বিদ্যালয়ে দেৱীকাক নিজৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল। সকলোৱে ভয় খাইছিল- জানোচা আক্ৰমণকাৰীক চিনাক্ত কৰাৰ বাবেই দেৱীকাৰ ওপৰত সংঘটিত হয় আক্ৰমণৰ ঘটনা, জানোচা বিদ্যালয়ৰ আন আন শিক্ষাৰ্থীসকললৈও নামি আহে বিপদ!

কিন্তু এই প্ৰত্যাহ্বান পাৰ হৈ অহা বছৰৰ আৰম্ভণিতে দেৱিকাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিব। ৰাজনীতি বিজ্ঞান আৰু মানৱীয় বিষয়ত অধ্যয়ন কৰি থকা দেৱিকা অধ্যয়নৰ মাজতে এটা সংস্থাপনৰো সন্ধান বিচাৰি ফুৰিছে, যাতে আৰ্থিক সমস্যাৰ সৈতে যুঁজি থকা পৰিয়ালটোক অলপ সকাহ দিব পাৰে। দেৱীকাই কয়, “যোৱা কেইমাহমানৰ পৰা চাকৰি বিচাৰি আছিলো যদিও এতিয়াও বিচাৰি পোৱা নাই। মুম্বাই এখন অতি ব্যয়বহুল চহৰ। এই চহৰখনৰ সৈতে চলিবলৈ জেপত টকা থাকিবই লাগিব।’’

দেৱীকাই দুটা কিস্তিত ইতিমধ্যে ১৩ লাখ টকা আৰ্থিক ক্ষতিপূৰণ হিচাপে লাভ কৰিছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত পিতৃৰ জন্মৰাজ্য ৰাজস্থানত এই যাত্ৰাৰ অংশ হৈছিল দেৱীকা। তেতিয়াই কংগ্ৰেছে তেওঁক ৰাজস্থানত এটি প্লট আৱণ্টন দিছিল। চৰকাৰে দিয়া সেই মাটিতে এটা ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে দেৱীকাই।

ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে দেৱীকা

দেৱীকাৰ সপোন- তেওঁ আৰক্ষী বিষয়া হ’ব বিচাৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ নিজে বলি হৈ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে কাম কৰাৰ ইচ্ছা ব্যক্ত কৰে দেৱীকাই। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত দেৱীকাই তেতিয়াও কৈছিল- 'মই আৰক্ষী বিষয়া হ’ব বিচাৰো।’ কিন্তু এই কথাখিনি কৈ কৈ নিজেও বিষণ্ণ হৈ পৰে দেৱীকা। তেওঁ ভাৱে- এই সপোন কাহানিও সাৰ্থক নহয়। হয়তো এই সপোন বুকুতে গুপুতে হেৰাই থাকিব।

এটা সুকীয়া পৰিচয়ৰ সন্ধানত

দেৱীকাৰ সৰু এপাৰ্টমেণ্টৰ সৰু কোঠাটো ভৰি আছে অলেখ প্ৰশস্তি পত্ৰ, মেডেল, বঁটাৰে। দেৱালত আঁৰি থোৱা আছেে বিভিন্ন অনুষ্ঠানত তেওঁৰ উপস্থিতিৰ প্ৰমাণ। বিচনাৰ কাষৰ এটা আলমীৰাত ঠাহ খাই আছে অসংখ্য টেডি বিয়েৰ। বিগত ১৫ বছৰত এই সকলোবোৰ তেওঁক প্ৰদান কৰিছে চৰকাৰ, বিভিন্ন প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীসকলে। যোৱা বছৰ মুম্বাইলৈ অহা ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছৰ এখন ফটোও তেওঁৰ সৈতে দেখা গৈছে।

দেৱীকা আজি এগৰাকী চেলিব্ৰেটী। প্ৰতিদিনেই বিভিন্ন অনুষ্ঠানলৈ তেওঁ আমন্ত্ৰণ লাভ কৰে। যেতিয়াই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ খবৰ আহে, সাংবাদিকসকলে তেওঁৰ ব্যক্তব্য ল’বলৈ ভিৰ কৰে। দেৱীকাই কয়, “কেতিয়াবা সাংবাদিক পোনে পোনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ই এক অদ্ভুত পৰিস্থিতি।" অৱশ্যে এই কথাত দেৱীকাৰ খং নুঠে, মাথো মাজে মাজে কেতিয়াবা বিৰক্তি অনুভৱ কৰে।

দেৱীকাক মানুহে চিনি পায় কাছবৰ বাবে। অৰ্থাৎ দেৱীকাৰ সকলো জনপ্ৰিয়তা, সকলো খ্যাতি আৰু চৰ্চাৰ সৈতে সাঙোৰ খাই আছে এটা নাম- সন্ত্ৰাসবাদী আজমল কাছবক চিনি পোৱা ছোৱালীজনী। মাজে মাজে ইয়াৰ বাবেই অস্বস্তিত ভোগে দেৱীকা। তেওঁ কয়, “মোৰ ওপৰত এই পৰিচয় জাপি দিয়া হৈছে। কিন্তু মই এই পৰিচয়ৰ পৰা পলায়ন কৰা নাই। মই ইয়াক গ্ৰহণ কৰিছো।” 

দেৱীকাই লগতে কয়, ''মই এটা সুকীয়া পৰিচয় গ্ৰহণ কৰিব বিচাৰিম। জীৱনটো নিজৰ পৰিচয়ৰে যাপন কৰিব বিচাৰিম। মই এগৰাকী আৰক্ষী বিষয়া হৈ মোৰ এই দেশখনক সন্ত্ৰাসবাদীৰ পৰা ৰক্ষা কৰিব বিচাৰিম।’’