দেশৰ ভিতৰতে আয়কৰ অভিযানত নজিৰ সংখ্যক নগদ ধন উদ্ধাৰ হ’ল ওড়িশাত। এগৰাকী সুৰা ব্যৱসায়ীৰ দেশীয় সুৰাৰ কাৰখানাৰ লগতে ভিন্ন স্থানত আয়কৰ বিভাগে চলোৱা অভিযানত উদ্ধাৰ হোৱা নগদ ধনৰ পাহাৰে স্তম্ভিত কৰি তুলিছে সকলোকে। গণি গণি শেষ কৰিব নোৱাৰা নগদ ধনৰ হিচাব কৰিবলৈ আয়কৰ বিভাগক সময় লাগিল সম্পূৰ্ণ ৫টাকৈ দিন। অৱশেষত যেনিবা শেষ হয় এই ক’লা ধনৰ গণনা। দেওবাৰে নিশাৰ ভাগত আয়কৰ বিভাগৰ ৫০ জনীয়া বিষয়াৰ দলে যেতিয়া গণনা সম্পূৰ্ণ কৰে, সেই সময়ত কেৱল দেশীয় সুৰাৰ কাৰখানাটোৰ পৰাই উদ্ধাৰ হয় মুঠ ২৫ কোটি টকা। 

এই বৃহত্ কেলেংকাৰীৰ কাহিনী ওড়িশাৰ সুৰা ব্যৱসায়ী সঞ্জয় চাহুৰ। যোৱা বুধবাৰে ওড়িশাৰ বালাংগীৰ চহৰৰ সুদপড়াস্থিত সঞ্জয় চাহুৰ দেশীয় সুৰাৰ কাৰখানাত অভিযান আৰম্ভ কৰিছিল আয়কৰ বিভাগে। এই অভিযানকালত উদ্ধাৰ হোৱা নগদ ধনৰ গণনা সম্পূৰ্ণ হয় দেওবাৰে নিশা। কাৰখানাটোৰ পৰা আয়কৰ বিভাগে ২৮৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰাৰ উপৰিও তিতালগড়ৰ দুটা বেংকত সঞ্জয় চাহুৰ নামত থকা দুটা লকাৰৰ পৰা উদ্ধাৰ হয় বৃহত্ পৰিমাণৰ সোণৰ আ-অলংকাৰ। 

ইফালে বালাংগীৰ জিলাৰ তিতালগড় আৰু সম্বলপুৰ চহৰতো আয়কৰ বিভাগে অভিযান চলায়। এই অভিযানতো উদ্ধাৰ কৰা হয় ক্ৰমে ১১ কোটি আৰু ৩৭.৫০ কোটি টকা নগদ ধন। এইদৰে ওড়িশাৰ বিভিন্ন স্থানত একেলগে চলা অভিযানত এতিয়ালৈকে ৩৩৩.৫০ কোটি টকা উদ্ধাৰ হৈছে। এই নগদ ধনৰ উদ্ধাৰ কেৱল ওড়িশাৰ ভিতৰতে সৰ্বাধিক নহয়, বৰং সমগ্ৰ দেশৰ ভিতৰতে আয়কৰ অভিযানত সম্ভৱ হোৱা এয়া হৈছে সৰ্ববৃহত্ নগদ ধনৰ উদ্ধাৰ। 

নোট গণি গণি বিকল মেচিন

উল্লেখ্য যে আয়কৰ অভিযানৰ সময়ত এই সকলোখিনি ধন উদ্ধাৰ হয় সুদপড়া ভাটা আৰু ওচৰতে থকা মেনেজাৰ বণ্টি চাহুৰ বাসগৃহত। ১৭৬ টা বস্তাৰ ভিতৰত ভৰাই লুকুৱাই ৰখা হৈছিল এই বৃহৎ পৰিমানৰ ধন। ৫০০, ২০০ আৰু ১০০ টকীয়া নোটৰ ৰূপত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ধনৰ মাজত আছিল বহু পুৰণি আৰু ধূলিৰে পৰিপূৰ্ণ নোটো। উদ্ধাৰ হোৱা ধনৰ হিচাপ কৰিবলৈ নিয়োগ কৰা হৈছিল ষ্টেট বেংকৰ ৫০ জনৰো অধিক কৰ্মচাৰী। ২৫টা নোট গণনা কৰা মেচিনেৰে এই ধনৰ গণনা কৰিবলৈ সময় লাগিছিল সম্পূৰ্ণ ৫ দিন।

অন্যহাতে নোট গণনাত নিয়োজিত কৰ্মচাৰীসকলে কয় যে পুৰণি নোটৰ বাবে মেচিনবোৰ কেইবাবাৰো বিকল হৈ পৰাত উপায়ন্তৰ হৈ হাতেৰেও নোটৰ বাণ্ডিল গণনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। বস্তাৰ ভিতৰত ভৰাই থোৱা বহু নোটৰ ওপৰত ধূলিৰ ডাঠ তৰপ পৰিছিল। তাৰ বাবে মুখত মাস্ক পৰিধান কৰি গণনা অব্যাহত ৰাখিবলগীয়া হৈছিল কৰ্মচাৰীসকলে।     

এতিয়া অভিযানত উদ্ধাৰ হোৱা নগদ ধনৰ গণনা সম্পূৰ্ণ হৈছে। কিন্তু অভিযান এতিয়াও শেষ হোৱা নাই। সুদপড়াৰ সুৰা কাৰখানাৰ পৰিচালক বণ্টি আৰু আন এজন কৰ্মচাৰীৰ পৰা জেৰাৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত আজিও আন বহু ঠাইত অভিযান চলোৱা হৈছে। গতিকে অধিক নগদ ধন জব্দ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে ওড়িশাৰ লগতে ঝাৰখণ্ড আৰু পশ্চিম বংগৰ বহু স্থানতো আয়কৰ বিভাগে অভিযান চলাইছিল। কিন্তু বংগ আৰু ঝাৰখণ্ডৰ অভিযানত কিমান টকা উদ্ধাৰ হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সকলোবোৰ অভিযান ঝাৰখণ্ড ৰাজ্যসভাৰ সাংসদ ধীৰাজ কুমাৰ চাহু আৰু তেওঁৰ পৰিয়ালৰ সৈতে জড়িত কোম্পানী আৰু বিভিন্ন স্থানত সংঘটিত হৈছে। তিনিখন ৰাজ্যৰ ৩০ৰো অধিক স্থানত একেলগে চলা অভিযানত আয়কৰ বিভাগৰ ১০০ৰো অধিক বিষয়া জড়িত হৈ আছে।

চাহু পৰিয়াল আৰু সুৰা ব্যৱসায়

এটা মাত্ৰ সুৰা ভাণ্ডাৰৰ পৰাই ইমান বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে এতিয়া আচম্বিত কৰি তুলিছে ওড়িশাৰ সাধাৰণ জনতাক। ইফালে আয়কৰ বিভাগৰ এই অভিযানৰ পিছতে এতিয়া চৰ্চালৈ আহিছে ৰাজ্যৰ দেশীয় সুৰাৰ ৰমৰমীয়া ব্যৱসায় আৰু কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ পৰিয়ালৰ মাজত থকা অতি পুৰণি আৰু গভীৰ সম্পৰ্ক।

বিশ্লেষকসকলৰ মতে, ধীৰাজ চাহু আৰু ওড়িশাৰ দেশীয় সুৰাৰ ব্যৱসায়ৰ মাজৰ সম্পৰ্ক এতিয়াৰ বা দশক পুৰণি নহয়। এই সম্পৰ্কৰ আৰম্ভণি ঘটিছিল প্ৰায় ৯০ বছৰ পূৰ্বেই। স্বাধীনতাৰ পূৰ্বে যেতিয়া লোহাৰদগা ব্যৱসায়ী ৰায় চাহেব বলদেৱ চাহুৱে (ধীৰাজ চাহুৰ পিতৃ) তদানীন্তন বালাংগীৰ ৰাজ্যৰ ৰজাৰ লগত বন্ধুত্ব স্থাপন কৰিছিল, তেতিয়াই আৰম্ভ হৈছিল তেওঁলোকৰ মাজৰ সম্পৰ্ক। বিশেষজ্ঞসকলৰ মতে, সেই তেতিয়াই ৰজাই ৰায় চাহেব বলদেৱ চাহুক নিজৰ ৰাজ্যত এখন দেশীয় সুৰাৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছতে ৰাজ পৰিয়ালৰ সমৰ্থন লাভ কৰি চাহু পৰিয়ালে ওড়িশাত ইটোৰ পিছত সিটো ভাণ্ডাৰ স্থাপন কৰি নিজৰ ব্যৱসায়ৰ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে।

আজি পৰিস্থিতি এনে হৈছে যে বালাংগীৰ জিলাত থকা ৬২ টা সুৰা ভাণ্ডাৰৰ ভিতৰত ৪৬ টাৰে মালিক হৈছে চাহু পৰিয়ালৰ। স্বাধীনতাৰ পাছতো এই ধাৰা অব্যাহত আছিল। বালাংগীৰৰ পৰা পশ্চিম ওড়িশাৰ অন্যান্য অঞ্চললৈও চাহু পৰিয়ালৰ সুৰা সাম্ৰাজ্যৰ সম্প্ৰসাৰণ আৰম্ভ হয়। আন আন জিলা যেনে কালাহাণ্ডী, নুৱাপাড়া, সম্বলপুৰ, সুন্দৰগড়তো দেশীয় সুৰা ব্যৱসায়ৰ এক বৃহৎ অংশ ক্ৰমান্বয়ে চাহু পৰিয়ালৰ নিয়ন্ত্ৰণলৈ আহিছিল।

সময়ৰ লগে লগে বলদেৱ চাহু এণ্ড ছন্সে দেশীয় সুৰাৰ লগতে বিদেশী সুৰাৰ ব্যৱসায়তো নিজৰ স্থান দখল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে এটা সহযোগী কোম্পানী ‘বৌধ ডিষ্টিলেৰী প্ৰাইভেট লিমিটেড’ (BDPL) স্থাপন কৰা হৈছিল। ৰাজ্যখনৰ বিলাতী সুৰা ব্যৱসায়ৰ সৈতে জড়িত এটি সূত্ৰ অনুসৰি এই কোম্পানীয়ে সুৰা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় ৮০ শতাংশ স্পিৰিট ৰাজ্যৰ ১৮টা ইণ্ডিয়ান মেড ফৰেইন লিকুৱেৰ (আইএমএফএল) বটলিং প্লাণ্টলৈ যোগান ধৰে। কেৱল ওড়িশাতে নহয়, বংগ আৰু ঝাৰখণ্ডকে ধৰি পূব ভাৰতৰ বেছিভাগ বটলিং প্লাণ্টেও স্পিৰিটৰ বাবে বিডিপিএলৰ ওপৰত নিৰ্ভৰশীল।

স্পিৰিট যোগান ধৰাৰ উপৰিও বিডিপিএলে ‘এক্সট্ৰা নিউট্ৰেল এলক’হল’ বা ইএনএ উৎপাদন কৰে, যিটো হুইস্কি, ভ’ডকা আৰু জিনৰ দৰে বিদেশী সুৰা প্ৰস্তুত কৰাৰ লগতে ৰং, চিয়াঁহী আৰু প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। চাহু পৰিয়ালৰ সদস্যৰ দ্বাৰা পৰিচালিত হৈ আছে আন দুটা কোম্পানীও। ইয়াৰে এটা হৈছে 'কিশোৰ প্ৰসাদ বিজয় প্ৰসাদ বেভাৰেজ প্ৰাইভেট লিমিটেড', এই কোম্পানীয়ে আই এম এফ এলৰ বহু ব্ৰেণ্ড বিক্ৰী আৰু বিতৰণ কৰে আৰু আনটো হৈছে 'কোৱালিটী বটলাৰ্ছ প্ৰাইভেট লিমিটেড' যিয়ে বিলাতী সুৰাৰ বটলিং কৰে।

ক’ৰ পৰা আহিল ইমান টকা?

বিডিপিএলৰ এজন ব্যক্তিয়ে দাবী কৰিছে যে এই সকলো ধন কেৱল সুৰা ব্যৱসায়ৰ সৈতে জড়িত। নাম প্ৰকাশ নকৰাৰ চৰ্তত ব্যক্তিজনে কয়, "দেশীয় সুৰা প্ৰস্তুত কৰাত মহুৱা ফুল ব্যৱহাৰ কৰা হয়। হাবিৰ পৰা মহুৱা সংগ্ৰহ কৰা আদিবাসী শ্ৰমিকসকলে ডিজিটেল পেমেণ্টৰ কথা নাজানে। গতিকে তেওঁলোকক কেৱল নগদ ধনহে প্ৰদান কৰা হয়। একেদৰে ৬০ টকা দি সুৰাৰ বটল ক্ৰয় কৰা ব্যক্তিজনেও নগদ ধনহে প্ৰদান কৰে।"

এই ব্যক্তিজনে কয় যে জব্দ কৰা ধনখিনি সুৰা ব্যৱসায়ৰ সৈতে জড়িত নহয় বুলি কোৱাটো ভুল। তেওঁ দাবী কৰে যে এই ব্যৱসায়ৰ সিংহভাগ নগদ ধনৰ ওপৰতে চলে, আৰু তেনে পৰিপ্ৰেক্ষিতত ইয়াত বিপুল পৰিমাণৰ ধন উদ্ধাৰ কৰাটো কোনো আচৰিত কথা নহয়। তেওঁ কয়, "২০১৯ চনতো চাহু পৰিয়ালটোৰ ওপৰত অভিযান চলাই প্ৰায় ৩৫ কোটি টকা নগদ ধন জব্দ কৰা হয়। কিন্তু পিছত এই নগদ ধনৰ উৎস আৰু ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিশ্চিত কৰাৰ পিছত আয়কৰ বিভাগে চাহু পৰিয়ালক ধন ঘূৰাই দিয়ে।"

কিন্তু চাহু পৰিয়ালে ইমান বিশাল সুৰা সাম্ৰাজ্য চলাই থকাৰ পিছতো আদায় কৰা সকলো নগদ ধন সুৰা ব্যৱসায়ৰ পৰা পোৱা উপাৰ্জনৰেই বুলি বিশ্বাস কৰিবলৈ কোনো সাজু নহয়। বালাংগীৰত দেশীয় সুৰা ব্যৱসায়ৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা এজন ব্যক্তিয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত সংবাদ সংস্থা বিবিচিৰ আগত কয়, "দেশীয় সুৰা খোৱা ব্যক্তিৰ হাতত মাত্ৰ ১০০ বা ২০০ টকাৰ নোট থাকিব। কিন্তু ইয়াত জব্দ কৰা ধনৰ অধিকাংশই হৈছে ৫০০ টকীয়া নোট। স্পষ্টভাৱে এয়া আছিল ক'লা ধন যিটো সম্ভৱতঃ আগন্তুক নিৰ্বাচনত ব্যৱহাৰ কৰিবলগীয়া আছিল।"

তেওঁ দাবী কৰে, "চাহু ব্রাদাৰ্ছ কোম্পানীয়ে কেৱল সকলো দল-সংগঠন আৰু স্থানীয় কৰ্তৃপক্ষৰ প্ৰতিনিধিলৈ অনুদান আগবঢ়োৱাই নহয়, ইয়াত পূজা, ক্ৰীড়া বা অন্যান্য সামাজিক অনুষ্ঠানৰ দৰে প্ৰতিটো সামূহিক কামত মুকলিকৈ ধন খৰচ কৰি আহিছে। এই কাৰণেই যে সকলো জানিও, এই বিষয়ে আজিলৈকে কোনেও মুখ খুলিব পৰা নাই। আপুনি ইয়াক কোম্পানীটোৰ 'চি এছ আৰ নীতি' বুলি ক'ব পাৰে।" লোহাৰদগা আৰু ৰাঁচীৰ পৰা পোৱা তথ্য অনুসৰি, তাতো চাহু পৰিয়ালে সামূহিক কামৰ বাবে বহু ধন খৰচ কৰাৰ লগতে আৰ্তজনক সহায় কৰি আহিছে।

ইডি আৰু চিবিআইৰ তদন্তৰ দাবী বিজেপিৰ

ঝাৰখণ্ড বিজেপিৰ মুখপাত্ৰ প্ৰতুল শ্বাহ দেৱে দাবী কৰিছে যে উদ্ধাৰ হোৱা নগদ ধনখিনি প্ৰকৃততে ক’লা ধন। তেওঁ কয়, "তেওঁৰ কোম্পানীৰ বেলেন্স শ্বীট অনুসৰি তেওঁৰ সমগ্ৰ ব্যৱসায়ৰ বাৰ্ষিক টাৰ্ণঅভাৰ হৈছে ১২০ কোটি টকা। তেনেহ'লে তেওঁৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন কেনেকৈ উদ্ধাৰ কৰা হ’ল?" তেওঁ লগতে কয়, “ধীৰাজ চাহুৰ জ্যেষ্ঠ ভাতৃ গোপাল চাহু বহু বছৰ ধৰি ঝাৰখণ্ড কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে কাম কৰি আহিছে। কিন্তু আমি ধাৰণা কৰো যে ধীৰাজ হৈছে কংগ্ৰেছ দলৰ অনানুষ্ঠানিক কোষাধ্যক্ষ। গতিকে জব্দ কৰা ধনৰাশি কংগ্ৰেছৰ ক’লা ধনৰ এক ক্ষুদ্ৰ অংশহে। সেইবাবেই আমি দাবী জনাইছো যে এই সমগ্ৰ বিষয়টো ইডি আৰু চিবিআইয়ে তদন্ত কৰক। এই ধনৰ লিংক কংগ্ৰেছ হাইকমাণ্ডলৈকে আছে নে নাই সেয়া জানিব লাগিব।"

আনহাতে কংগ্ৰেছে কয় যে ধীৰাজ চাহুৰ ব্যৱসায়ৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। দলৰ মুখপাত্ৰ জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়াত কয়, 'এই নগদ ধনৰ উদ্ধাৰ সম্পৰ্কে ধীৰাজ চাহুৱেহে ক’ব পাৰিব আৰু তেওঁ স্পষ্টকৈ এই বিষয়ে কোৱা উচিত। আয়কৰ বিভাগৰ বিষয়াসকলেও কোন স্থানৰ পৰা কেনেকৈ কি অৱস্থাত ইমান বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিছে সেয়াও ৰাজহুৱা কৰা উচিত।’

এই অভিযানত বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ পিছত বিজেপিয়ে আগ্ৰাসী যেন লাগিলেও কংগ্ৰেছ যেন প্ৰতিৰক্ষামূলক দিশত আগবাঢ়িছে। কাৰণ চাহু পৰিয়ালৰ সৈতে দলটোৰ সম্পৰ্ক অতি পুৰণি আৰু সেই সম্পৰ্কৰ বিষয়ে সকলোৱেই অৱগত।

চাহু পৰিয়াল আৰু কংগ্ৰেছৰ সম্পৰ্ক

সুৰা ব্যৱসায়ত প্ৰৱেশ কৰা পৰিয়ালটোৰ প্ৰথমজন ব্যক্তি ৰায় চাহেব বলদেৱ চাহু আছিল কংগ্ৰেছৰ প্ৰচণ্ড সমৰ্থক। দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকে ধৰি বহু বিশিষ্ট কংগ্ৰেছ নেতাই চাহু পৰিয়ালৰ আতিথ্য লাভ কৰিছে।

লোহৰদগাৰ পুৰণি বাসিন্দাসকলে কয় যে ১৯৫৮ চনত যেতিয়া ড০ ৰাজেন্দ্ৰ প্ৰসাদ তালৈ আহিছিল তেতিয়া তেওঁক বলদেৱ চাহুৱে নিজৰ গাড়ীত উঠাই ঘূৰি ফুৰিছিল আৰু সেইখন গাড়ী আছিল সমগ্ৰ অঞ্চলটোৰ একমাত্ৰ গাড়ী। ঠিক তেনেদৰে ১৯৮৪ চনত মৃত্যুৰ কেইমাহমান আগতে ৰাঁচীৰ মেছৰাত অনুষ্ঠিত ভাৰতীয় বিজ্ঞান কংগ্ৰেছত অংশগ্ৰহণ কৰিবলৈ আহি ইন্দিৰা গান্ধীয়ে মহানগৰীৰ ৰেডিয়াম ৰোডত অৱস্থিত চাহু ব্রাদার্ছৰ (সুশিলা নিকেতন) বিলাসী বাংলোটোত নিশা পাৰ কৰিছিল৷

ধীৰাজৰ জ্যেষ্ঠ ভাতৃ শিৱপ্ৰসাদ চাহু (বৰ্তমান মৃত) আছিল এজন প্ৰভাৱশালী কংগ্ৰেছ নেতা আৰু ৰাঁচীৰ দুবাৰৰ সাংসদ। ছয় ভাতৃৰ ভিতৰত কনিষ্ঠ ধীৰাজ বৰ্তমান তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সদস্য।

উল্লেখযোগ্য যে ধীৰাজ চাহুৱে ২০১৮ চনত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ শপতনামাত মুঠ সম্পত্তিৰ পৰিমাণ ৩৪.৮৩ কোটি টকা বুলি উল্লেখ কৰিছিল। যাৰ ভিতৰত স্থাৱৰ সম্পত্তিৰ অংশ আছিল ২.০৪ কোটি টকা। শপতনামাত তেওঁ মাত্ৰ ২৭ লাখ টকাহে “হাতত থকা নগদ ধন” বুলি দেখুৱাইছিল। সেয়েহে তেওঁলোকে পৰিচালনা কৰা কোম্পানীসমূহৰ চৌহদৰ পৰা শ শ কোটি টকাৰ নগদ ধন উদ্ধাৰ হোৱাটোৱে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। এই প্ৰশ্নসমূহৰ উত্তৰ তদন্তকাৰী সংস্থাসমূহৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে জনতাই জানিব পাৰিব।

একশ্যনত মোদী! বিৰোধীয়ে ক’লে, ‘যদি চাহুৱে বিজেপিত যোগদান কৰে...’

কংগ্ৰেছ সাংসদৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ পিছতে এতিয়া একশ্যনত দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ আন আন নেতা-মন্ত্ৰীকে। সততে দুৰ্নীতি প্ৰতিৰোধৰ শ্লোগান দি অহা বিজেপিয়ে এই আয়কৰ বিভাগৰ সফল অভিযানৰ সুৱৰ্ণ সুযোগ সম্পূৰ্ণৰূপেই গ্ৰহণ কৰা দেখা গৈছে। সমান্তৰালভাৱে বিৰোধীয়ে ইডি, চিবিআই আদিৰ দৰে সংস্থাক মোদী চৰকাৰে নিজৰ হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি অহা বুলি কৰি অহা অভিযোগৰো প্ৰত্যুত্তৰ প্ৰদান কৰিছে বিজেপিয়ে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পেনিছ হিট ধাৰাবাহিক “মানী হেইষ্ট”ৰ আধাৰত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্মাণ কৰা এটা মৰ্ফড ভিডিঅ' শ্বেয়াৰ কৰে। ভিডিঅ’টো এক্সত শ্বেয়াৰ কৰি মোদীয়ে লিখিছে, "ভাৰতত কংগ্ৰেছ পাৰ্টি থকাৰ সময়ত 'মানী হেইষ্ট'ৰ দৰে কল্প কাহিনীৰ কাক প্ৰয়োজন, যাৰ ডকাইতি ৭০ বছৰ ধৰি অবিৰতভাৱে চলি আছে আৰু এতিয়াও গণনা চলি আছে!" উল্লখ্যে মোদীয়ে শ্বেয়াৰ কৰা এই মৰ্ফড ভিডিঅ’টোত ৰাহুল গান্ধীৰ মুখমণ্ডল ব্যৱহাৰ কৰা হৈছে আৰু মানী হেইষ্টৰ বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে চাহুৰ বাসগৃহত উদ্ধাৰ হোৱা কোটি কোটি নগদ ধন দেখুওৱা হৈছে।

বিৰোধীয়ে প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে যে বিৰোধী নেতাৰ ঘৰত ষড়যন্ত্ৰমূলকভাৱে নিজৰ স্বাৰ্থত ইডি, আয়কৰ বিভাগ, চিবিআই আদি চৰকাৰী সংস্থাক প্ৰেৰণ কৰি আহিছে বিজেপিয়ে। কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ নগদ ধনৰ পিছত এতিয়া তাৰো প্ৰত্যুত্তৰ দিবলৈ পিছ পৰি ৰোৱা নাই বিজেপি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ হিচাপে কয়, “মই বুজি পাওঁ যে কংগ্ৰেছ নীৰৱ যিহেতু দুৰ্নীতি তেওঁলোকৰ স্বভাৱত আছে, কিন্তু জেডিইউ, আৰজেডি, ডিএমকে, আৰু এছপি সকলোৱে মনে মনে বহি আছে। এতিয়া মই বুজি পাইছো যে কিয় প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এজেন্সীৰ অপব্যৱহাৰ কৰা হৈছে বুলি প্ৰচাৰ চলোৱা হৈছিল। আছিল বাবেই চলোৱা হৈছিল। তেওঁলোকৰ মনত এটা ভয় যে তেওঁলোকৰ দুৰ্নীতিৰ সকলো গোপন কথা প্ৰকাশ পাব।’’ 

ইফালে অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে সৰৱ হৈ পৰে বিৰোধীও। একাংশ বিৰোধী নেতাই কয় যে যি বিজেপিক সমৰ্থন কৰা বাবেই অজিত পাৱাৰ গোটৰ এনচিপি নেতা ছগন ভূজবলৰ বিৰুদ্ধে চলি থকা গোচৰ ইডিয়ে উঠাই লোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্নীতিৰ প্ৰসংগত বিৰোধীক সমালোচনা কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। এই উদাহৰণেৰে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে কংগ্ৰেছৰ সাংসদ ধীৰাজ চাহুৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে বিৰোধীক দোষাৰোপ কৰা উচিত নহয়। তেওঁৰ বক্তব্যত চতুৰ্বেদীয়ে যুক্তি আগবঢ়ায় যে চাহুৰ লগত থিয় হোৱা আৰু তেওঁৰ কাৰ্যক সমৰ্থন কৰা একে নহয় আৰু তেওঁ বিজেপিত যোগদান কৰিলে তেওঁ সকলো অভিযোগৰ পৰা মুক্ত হ’ব।

"বিজেপিয়ে সদায় অভিযোগ কৰিবলৈ সুযোগ বিচাৰি থাকে। বিৰোধী দল চাহুৰ পক্ষত থিয় দিছে বুলি কোৱাটো ভুল। তেওঁ বহুদিন কংগ্ৰেছত আছে আৰু তেওঁৰ ব্যৱসায়িক কাৰ্যকলাপৰ বাবে দলৰ ওপৰত দোষ জাপি দিয়াতো মুঠেই শুদ্ধ নহয়। মই দাবী সহকাৰে কৈছো যে এবাৰ যদি ধীৰাজ চাহুৱে বিজেপিত যোগদান কৰে তেন্তে তেওঁ মোদীৰ ৱাশ্বিং মেচিনৰ মাজেৰে গৈ সকলো অভিযোগৰ পৰা মুক্ত হৈ পৰিব।’’– প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়।