ডিব্ৰুগড়ঃ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায় নিৰ্বাচনৰ দিনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। এনে সন্ধিক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিজ দলৰ মনোনীত প্ৰাৰ্থীগৰাকী জয়ী কৰিবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

শনিবাৰে লাহোৱাল সমষ্টিৰ অন্তৰ্গত লাহোৱালৰ মটক চাহ বাগিচা খেলপথাৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। 

ডিব্ৰুগড় লোকসভাৰ সংসদীয় সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীক ভোটদান কৰিবলৈ মন্ত্ৰী হিমন্ত্ৰ বিশ্ব শৰ্মা আৰু লাহোৱালৰ বিধায়ক ঋতুৰ্পন বৰুৱাই আহ্বান জনায়। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী শৰ্মাই চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে অৱগত কৰা লগতে বিগত সময়ত কংগ্ৰেছ দলে দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাটো কোঙা কৰি পেলাইছিল বুলি উল্লেখ কৰে।

মোদী চৰকাৰক পুনৰ দেশৰ শাসন ভাৰ লৈ আনিলে আগন্তুক সময়ত সমগ্ৰ ভাৰতবৰ্ষ আৰ্থসামাজিক ব্যৱস্থাটো অধিক উন্নত হ'ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়ায়। মটক চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বিধায়ক বিমল বৰা, প্ৰশান্ত ফুকন, বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি ইন্দ্ৰ গগৈ, লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকাৰ লগতে শ শ কৰ্মী উপস্থিত থাকে।