গুৱাহাটীঃ সমগ্ৰ দেশতে কাইলৈ  মুক্তি পাব দীপিকা পাডুকন অভিনীত ‘চপাক’৷ দুদিন আগলৈকে ছবিখনক লৈ চলা চৰ্চা আছিল ইতিবাচক৷ কিন্তু যোৱা মঙলবাৰে অভিনেত্ৰী দীপিকাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(JNU)ত ৫ জানুৱাৰীত সংঘটিত আক্ৰমণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱাৰ পিছতে সলনি হৈ পৰে পৰিৱেশ৷

জে এন ইউৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ অভিনেত্ৰীগৰাকী ঘৰলৈ ওভতাৰ কিছু সময় পিছতে ছ’চিয়েল মিডিয়াত ‘চপাক’ ছবিখনক লৈ আৰম্ভ হয় বিতৰ্কৰ সূত্ৰপাত৷ মূলত উগ্ৰ হিন্দুত্ববাদৰ একাংশ সমৰ্থকে কৰা দাবীক লৈ বিতৰ্কত সোমাই পৰে এচিড আক্ৰমণৰ ভূক্তভোগী লক্ষ্মী আগৰৱালৰ জীৱনক ভিত্তি হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন৷

♦ কি দাবী কৰিছে দীপিকা বিৰোধীসকলে?

২০০৫ চনত নতুন দিল্লীৰ টোঘলক ৰোডত এচিড আক্ৰমণৰ সন্মুখীন হৈছিল লক্ষ্মী আগৰৱাল নামৰ ১৫ বছৰীয়া এগৰাকী কিশোৰী৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যখ্যান কৰা বাবেই লক্ষ্মীলৈ লক্ষ্য কৰি এচিড নিক্ষেপ কৰিছিল নাদিম খান নামৰ এজন ৩২ বৰ্ষীয় যুৱকে৷ কেবাদিনো চিকিৎসালয়ত থকাৰ অন্তত সুস্থ হৈ সাহসিকতাৰে জীৱন যুঁজত নামি পৰে সাহসী লক্ষ্মী৷ বৰ্তমান দেশৰ সফল আৰু প্ৰভাৱশালী মহিলাসকলৰ অন্যতম লক্ষ্মী৷

লক্ষ্মীৰ সাহসিকতাৰ এই কাহিনীক লৈয়ে নিৰ্মিত হৈছে ‘চপাক’৷ জে এন ইউৰ প্ৰতিবাদলৈ সমৰ্থন জনোৱাৰ পিছতে দীপিকা পাডুকন বিৰোধী হৈ পৰা সকলে দাবী কৰিছে যে চিনেমাখনত এচিড আক্ৰমণ সংঘটিত কৰা জনৰ ধৰ্ম সলনি কৰি দিয়া হৈছে৷ তেওঁলোকৰ দাবী মতে বাস্তৱত আক্ৰমণকাৰীজন মুছলমান হোৱা সত্বেও চিনেমাখনত পৰিচালকে আক্ৰমণকাৰীজনৰ চৰিত্ৰটো হিন্দুলৈ সলনি কৰি ‘ৰাজেশ’ দিয়া হৈছে৷

ফেচবুক, টুইটাৰত এবিভিপি তথা শাসকীয় দল বিজেপিৰ অধিকাংশ সমৰ্থকে ‘চাপাক’ চিনেমাখনে এচিড আক্ৰমণকাৰীজনৰ চৰিত্ৰটোৰ ধৰ্ম মুছলমানৰ পৰা হিন্দুলৈ পৰিৱৰ্তনৰে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ তুলি বৰ্জন কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে৷

অসমতো বিজেপিৰ একাংশ সমৰ্থকে অসমীয়া ভাষাতে উক্ত পোষ্ট কৰা দেখা গৈছে৷ সুমন্ত কে দত্ত নামৰ এজন ফেচবুক ইউজাৰে এই সন্দৰ্ভত এটি পোষ্ট কৰি লিখিছে, ‘অপৰাধীটোৰ নাম আছিল "নইম খান" যিটোৱে "লক্ষ্মী আগৰৱাল"  নামৰ ছোৱালীজনীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰিছিল। এতিয়া চাপাক নে লাপাক বুলি বলিউডৰ "আৰবান নক্সাল"  কেইজনীমানে লক্ষ্মী আগৰৱালৰ real storyৰ ওপৰত এখন চিনেমা বনাইছে আৰু "নইম খানৰ" নামটো সলনি কৰি "ৰাজেশ শৰ্মা" ৰাখিছে যিটো উদ্দেশ্যপ্ৰণোদিত আৰু অসহ্যকৰ।’ 

এনেদৰে ছবিখনত বাস্তৱৰ ঘটনাৰ আক্ৰমণকাৰীজন অৰ্থাৎ ছবিখনৰ খলনায়কজনৰ ধৰ্ম ইছলামৰ পৰা হিন্দুলৈ সলনি কৰা কাৰ্যক নিন্দা কৰা হৈছে আৰু হিন্দু বিৰোধী ছবিখন প্ৰকৃত ভাৰতীয়সকলক চোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে৷

♦ প্ৰকৃত সত্য কি?

‘চাপাক’ ছবিখনকলৈ এনেদৰে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে ফেক্টচেক আৰম্ভ কৰে৷ হিন্দুস্তান টাইমছ, দ্য হিন্দু, ইণ্ডিয়া টুডে, ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য নিউজ মিনিট, লালনটপকে আদি কৰি অধিকাংশ সংবাদ প্ৰতিষ্ঠানে চিনেমাখনৰ পৰিচালক-প্ৰযোজকৰ সৈতে এই বিষয়ে যোগাযোগ কৰে আৰু পোহৰলৈ আনে প্ৰকৃত সত্য৷

প্ৰকৃত সত্য এয়ে যে একাংশ লোকে দাবী কৰাৰ দৰেকৈ ‘চপাক’ চিনেমাত এচিড আক্ৰমণকাৰীৰ চৰিত্ৰটোৰ ধৰ্ম সলনি কৰা হোৱা নাই৷ বাস্তৱৰ ঘটনাত আক্ৰমণকাৰীজনৰ ধৰ্ম যি আছিল ছবিখনতো উক্ত চৰিত্ৰটোৰ একেটাই ধৰ্ম অৰ্থাৎ ইছলামেই ৰখা হৈছে৷ বাস্তৱৰ ‘নাদিম’ক চিনেমাখনত ধৰ্ম সলনি কৰি ‘ৰাজেশ’ কৰা হোৱা নাই৷ 

অৱশ্যে এয়া সত্য যে চিনেমাখনত ‘ৰাজেশ’ নামৰ এটা চৰিত্ৰ আছে৷ কিন্তু এই ‘ৰাজেশ’ চৰিত্ৰটো এচিড আক্ৰমণকাৰীজনৰ নহয়৷ চিনেমাখনত এচিড আক্ৰমণকাৰী চৰিত্ৰটোৰ নাম ৰখা হৈছে ‘বছিৰ খান’ ওৰফে ‘বাবু’৷ আনহাতে নায়িকা লক্ষ্মী অগ্ৰৱালৰ চৰিত্ৰটোৰ নামাকৰণ কৰা হৈছে ‘মালতী অগ্ৰৱাল’ হিচাপে৷ ‘ৰাজেশ’ চৰিত্ৰটো হৈছে চিনেমাখনত ‘মালতী’ৰ বয়ফ্ৰেইণ্ডহে, এচিড আক্ৰমণকাৰী নহয়৷ 

অৰ্থাৎ এয়া স্পষ্ট যে একাংশ লোকে দাবী কৰাৰ দৰেকৈ দীপিকা অভিনীত ‘চাপাক’ত এচিড আক্ৰমণকাৰীজনৰ নাম মুছলমানৰ পৰা হিন্দুলৈ সলনি কৰা হোৱা নাই৷ এইসকল লোকৰ দাবী হৈছে সম্পূৰ্ণৰূপে ফেকনিউজ বা উৰাবাতৰি৷