ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনত ৩ নং স্বায়ত্ত শাসিত জিলাৰ একমাত্ৰ ১৯ নং ডিফু (জনজাতি) লোকভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা বিজেপিৰ প্ৰাৰ্থী হৰেণ চিং বে’ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তথা সাংসদ বীৰেণ চিং ইংতি দলীয় কৰ্মী সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজত ডিফু উপায়ুক্ত কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ ওচৰত নিজৰ নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে৷

বিজেপিৰ প্ৰাৰ্থী তথা একালৰ বিদ্ৰোহী যুৱনেতা হৰেণ চিং বে’ক লৈ ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰপৰা পাৰ্বত্য জিলা তিনিখনৰ ভিন্ন প্ৰান্তৰপৰা প্ৰায় দহ সহস্ৰাধিক কৰ্মী-সমৰ্থকে ডিফু চহৰৰ মাজেৰে সমদল কৰি ডিফু উপায়ুক্ত কাৰ্যালয়লৈ বিজয় সূচক নানা শ্ল’গান দি উপায়ুক্ত কাৰ্যালয়ত সমবেত হয়৷

প্ৰাৰ্থী হৰেণ চিং বে’ক পৰাম্পৰাগত সাজ-পোছাক পৰিধান কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যদ্বয় তুলিৰাম ৰংহাঙ আৰু দেবুলাল গাৰ্লোচাই উপায়ুক্ত কাৰ্যালয়লৈ আববঢ়াই লৈ যায়৷

ইফালে ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰাও সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে প্ৰাৰ্থী তথা সামসদ বীৰেণ চিং ইংতিক হৰ্ষোল্লাসৰ মাজেৰে ডিফু চহৰৰ মাজেৰে সমদল কৰি উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰে৷ প্ৰাৰ্থীগৰাকীক অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমিনুল ৰশিদ চৌধুৰী, উপসভাপতি প্ৰাণ কুমাৰ দত্ত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ছাৰ্থে ক্ৰামছা, জিলা কংগ্ৰেছৰ প্ৰচাৰ বিভাগৰ সাধাৰণ সম্পাদক বিদ্যাচিং ৰংপিয়ে ডিফু উপায়ুক্ত কাৰ্যালয়লৈ আগবঢ়াই নিয়ে৷

সাংবাদিকৰ আগত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলঙত বিজেপিৰ শাসন কালত ৰাস্তা-ঘাটৰপৰা আৰম্ভ কৰি সৰ্বদিশত চকুত ৰোৱা পৰিৱৰ্তন হৈছে৷ নৰেন্দ্ৰ মোডীক পুণৰবাৰ প্ৰধানমন্ত্ৰী কৰাৰ স্বাৰ্থত জিলা তিনিখনৰ ৰাইজে অতদিনে সাংসদত শুই, বহি খোৱা বয়োজ্যেষ্ঠ সাংসদ বীৰেণ চিং ইংতিক বিদায় দি হৰেণ চিং বে’ক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷

ভাৰতীয় সংবিধানৰ ২৪৪ (ক)ৰ সুবিধা অনুসৰি অসমৰ লগতে থাকি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবী নিৰ্বাচনৰ মূল ইছ্যু বুলি জানিবলৈ দিয়ে৷ ২০১৯ লোকসভা নিৰ্বাচনত অসমৰ চৈধ্যটা আসনৰ ভিতৰত পাৰ্বত্য জিলা তিনিখনৰ একমাত্ৰ ডিফু জনজাতি লোকসভাৰ আসনখনত বিজেপিৰ প্ৰাৰ্থী হৰেণচিং বে’ই অভিলেখ ৰচনা কৰিব পাৰিব বুলি মন্তব্য কৰে৷

প্ৰাৰ্থী হৰেণচিং বে’ই নিজৰ বিজয় নিশ্চিত বুলি ধৰি লৈছে যদিও মুঠ ভোটৰ ৯০ শতাংশ লাভ কৰি অসমৰ ভিতৰত অভিলেখ ৰচনা কৰাৰ কথাহে চিন্তা কৰিছে৷ সাংসদ বীৰেণচিং ইংতি সাতবাৰকৈ সাংসদ থকাৰ পাছতো জিলা তিনিখনত একো উন্নয়ণমূলক কাম কৰাৰ নজিৰ নাই বুলি কয়৷

জিলা তিনিখনৰ উন্নয়ণৰ স্বাৰ্থত ৰাইজে তেওঁক বিপুল ভোটত জয়ী কৰাই নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰিবলৈ আহ্বান জনায়৷ আনহাতে সাংসদ বীৰেণচিং ইংতি সাংবাদিকৰ আগত কয় যে জিলাখনৰ শান্তি, প্ৰগতি, উন্নয়ণ আৰু ২৪৪ (ক) ৰূপায়ণেই হ’ব তেওঁৰ নিৰ্বাচনৰ মূল ইছ্যু৷ 

ইয়াৰোপৰি ২০২৬ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্বি আংলং জিলাৰ উপৰিও ডিমা হাচাও জিলাত আন এটা সাংসদৰ আসন বৃদ্ধি কৰাৰো দাবী উত্থাপন কৰাৰ লগতে পাৰ্বত্য উন্নয়ণ মন্ত্ৰীৰ আসনো আন এখন বৃদ্ধি কৰাৰ চিন্তা কৰিব৷ তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত হাই প্ৰফাইল নেতা প্ৰচাৰ কৰিবলৈ আহিব বুলি কয়৷ 

উল্লেখ যোগ্য যে, আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিজপিৰ সমৰ্থকৰ তুলনাত কংগ্ৰেছৰ সমৰ্থক নগণ্য পৰিলক্ষিত হয়৷