ডিফু চহৰক হৰ্ণ মুক্ত কৰাৰ পৰামৰ্শ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ

ডিফুঃ "পথৰ সুৰক্ষাই জীৱনৰ ৰক্ষা" ক সংকল্প হিচাপে লৈ সমগ্ৰ দেশৰ লগতে কাৰবি আংলং জিলাতো ৪ ফেব্ৰুৱাৰীৰপৰা ১০ ফেব্ৰুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে ৩০ সংখ্যক পথ সুৰক্ষা সপ্তাহ৷ এই উপলক্ষে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে আয়োজন কৰা শুভাৰম্ভণি কাৰ্যসূচীৰ অংশ স্বৰূপে অট'ৰিক্সা আৰু মটৰ চাইকেল শোভাযাত্ৰাৰ ফ্লেগঅফ কৰে কাৰবি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই৷ 

ফ্লেগঅফ কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে, জিলাবাসীয়ে জিলাখনত বৃদ্ধি পাই থকা দুৰ্ঘটনাৰ প্ৰতি সচেতন হ’ব লাগিব লগতে পাৰিলে ডিফু চহৰক হৰ্ণমুক্ত এলেকালৈ পৰিণত কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ আজিৰ শুভাযাত্ৰাত প্ৰায় দুই শতাধিক অংশ গ্ৰহণ কাৰীয়ে অংশ গ্ৰহণ কৰি পথ সুৰক্ষা সংক্ৰান্তীয় বিভিন্ন বেনাৰ, প'ষ্টাৰ, ফেষ্টুনলৈ সজাগতা সৃষ্টি কৰে৷ ইয়াৰ পিছতে কাৰেং কাউণ্টাৰত অনুষ্টিত মুকলি সভাত জিলা পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াই কয় যে, ভাৰতৰ ভিতৰত অসমতে দূৰ্ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে৷ অন্ন, বস্ত্ৰ, বাসস্থানৰ দৰে পথ সুৰক্ষাও জীৱনৰ এৰাব নোৱাৰা অংগ৷ আনহাতে, একাংশ চালকে অট'ৰিক্সাক জীৱিকা হিচাপে লৈ ধনৰ লোভত অত্যাধিক যাত্ৰী কঢ়িয়াই আনৰ জীৱনক বিপদাপন্ন কৰাৰ অধিকাৰ নায়৷ ভাড়ৰ লগতে পথ সুৰক্ষাকো চালক সকলে সমানে প্ৰাধান্য দিব লাগিব৷ 

লগতে অতিৰিক্ত উপায়ুক্ত নৰচিং বে'ই কয় যে, পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিগৰাকী লোকে নিজৰ দায়বদ্ধতা বুজি পাব লাগিব৷ চালক সকলে আইএছআই মোহৰযুক্ত ভাল হেলমেট পৰিধান কৰাৰ লগতে গাড়ী চলোৱা সময়ত যান-বাহন আইন শুদ্ধভাৱে পালন কৰাটো সকলোৰে নৈতিক দায়িত্ব৷ আনহাতে, জিলা আৰক্ষী উপাধ্যক্ষা (মুখ্য) এন চিংচনে কয় যে, পথ সুৰক্ষাৰ নিয়ম পালন কৰা জনে নিজৰ পৰিয়ালৰ লগতে আন পৰিয়ালৰ লোকৰ জীৱন ৰক্ষাৰ দায়িত্ব পালন কৰে৷ এই ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টি কৰিব লাগে৷ জিলাখনত হৈ যোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপত যি পৰিমানৰ জীৱন নাশ হৈছে তাতোতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ দিছে৷ 

সভাৰ অন্তত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে চাৰিগৰাকী শ্ৰেষ্ট চালকক বঁটা, মানপত্ৰ আৰু নগধ ধনেৰে সম্মানিত কৰে৷ চালক কেইগৰাকী ক্ৰমে, ডবকাৰপৰা শ্ৰেষ্ট বাছ চালক আব্দুছ ছালাম, হাওৰাঘাটৰ শ্ৰেষ্ট বাছ চালক নৰেশ ৰায়,  শ্ৰেষ্ট অট' চালক ক্ৰমে, এডৱিন টেৰণ আৰু ছৰচৰি বস্তিৰ কৃষ্ণ ছেত্ৰী৷ চালক সকলক ১৫ শ টকা নগধ ধন, মানপত্ৰ আৰু ট্ৰফীৰে সন্মান প্ৰদান কৰা হয়৷