ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ত ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ণ দাখিল
 

 ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৩নং স্বায়ত্ত শাসিত জিলা ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে সোমবাৰে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিৰপৰা ক্ৰমে বিৰেণচিং ইংতি আৰু হৰেণচিং বে'ই সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকক লগতলৈ হৰ্ষোল্লাসৰ মাজত প্ৰথম পৰ্যায়ত ডিফু উপায়ুক্ত কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰাৰ পাছত মঙলবাৰে দ্বিতীয় পৰ্যায়ত আন চাৰিগৰাকী প্ৰাৰ্থীয়েও নিজৰ নিজৰ মনোনয়ন দাখিল কৰে৷

আজিৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্বত ক্ৰমে অট’নমাছ ষ্টেট ডিমাণ্ড কমিটী চমুকৈ এএছডিচিৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙ, অল পাৰ্টী হিলছ লীডাৰ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া জন ইংতি কাথাৰ, এনপিপিৰ লিএন কচন আৰু এপিএইচএলচিৰ প্ৰাৰ্থী ডেভিদ ৰংপিয়ে মনোনয়ন দাখিল কৰে৷

নিজৰ মন্তব্যত প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে কয় যে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপি দুয়োটাই পাহাৰীয়া জিলা তিনিখনৰ বাবে অশুভ৷ কংগ্ৰেছৰ সাংসদ বিৰেণচিং ইংতি ৭ টাকৈ কাৰ্যকাল সংসদত বহি-শুয়েই কটালে৷ পাহাৰৰ উন্নয়ণত বিৰেণচিঙৰ অৱদান শূন্য৷

আনহাতে বিজেপি দলটো খিলঞ্জীয়া বিৰোধী৷ বিজেপি নিবনুৱা, কৃষক আৰু মজদুৰ সকলোকে প্ৰতাৰণা কৰি আহিছে৷ সেয়ে এইবাৰ ৰাইজে দুয়োটা ৰাষ্ট্ৰীয় দলক প্ৰত্যাখান কৰি এএছডিচিৰ দৰে আঞ্চলিক দলক আকোঁৱালি ল’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ লগতে ৰাইজক ভোট প্ৰাৰ্থনা কৰে৷

ইফালে এপিএইচএলচিৰ প্ৰাৰ্থী জেআই কাথাৰে কয় যে বিজেপিৰ হৰেণ চিং বে’ বংগ সেনাৰ প্ৰাৰ্থী৷ তেওঁ জয়ী হ’লেও কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ গোচৰত ভয় দেখুৱাব। ফলত তেওঁ পাহাৰৰ জনতাৰ প্ৰতি একো উন্নয়ণমূলক কাম কৰিব নোৱাৰিব৷ বিজেপিক আজিৰ দিনত ভোট দি লাভ নাই৷ এপিএইচএলচিৰ প্ৰাৰ্থী হিচাপে জেআই ইংতি কথাৰক জয়ী কৰালে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাৰ লগতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী ৰূপায়ণ কৰাৰ লগতে থলুৱাৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷