কোকৰাঝাৰঃ ডিভাইড আছাম ফিফটি -ফিফটি শ্লোগানত পুনৰাই উত্তাল হৈ পৰিল বিটিএডিৰ সদৰভূমি কোকৰাঝাৰ। পৃথক বড়োলেণ্ড গঠন অাৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ দাবীত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এবছু , এনডিএফবি(প্ৰ)অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত অাৰম্ভ হোৱা অামৰণ অনশনৰ প্ৰতি সমৰ্থন জনাই অাজি কোকৰাঝাৰত এক বিশাল সমদল বাহিৰ হয় ।

বড়োলেণ্ড গঠনৰ দাবীত প্ৰায় ২০ সহস্ৰাধিক পিকেটিংকাৰীয়ে ডিভাইড আসাম ফিফটি-ফিফটি , অসম চৰকাৰ হায় হায়, বড়োলেণ্ড আমাক লাগিবই আদি শ্লোগানেৰে কোকৰাঝাৰ সদৰ চহৰৰ আকাশ- বতাহ কঁপাই তোলে । কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা বিশাল সমদলটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথেৰে পাথৰঘাট ভাতাৰমাৰী, বিজ্ঞান মহাবিদ্যালয়, ডনবক্স স্কুলৰ সন্মুখৰে জেডি ৰোড হৈ পুনৰ উক্ত খেলপথাৰত উপস্থিত হয় ।

ইয়াৰ পিছতে উক্ত খেলপথাৰতে প্ৰায় ২০ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাত বড়ো সাহিত্য সভাৰ সভাপতি কামেশ্বৰ ব্ৰহ্ম, বিটিচিৰ এমচিএলএ ৰণগৌৰা নাৰ্জাৰী, এনডিএফবিৰ ( আৰ) নেতা ৰঞ্জন দৈমাৰী,ইউপিপিএল'ৰ সভাপতি তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি এবছু,পিজেএচিবিএম আৰু এনডিএফবি (প্ৰ)ৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰি  অতি শীঘ্ৰে চৰকাৰক পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰে বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে।

উল্লেখ্য যে অাজি পঞ্চম দিনত ভৰি দিয়া অনশনৰ ফলত ক্ৰমাৎ অনশনকাৰী সকলৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰাৰ সময়তে অাজি বিয়লি ৰাজ্য চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগৰ সচিব স্বাক্ষৰিত এক পত্ৰ অনশনকাৰীকাৰীলৈ প্ৰেৰণ কৰে । কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু অাৰক্ষী অধীক্ষক ৰাজেন সিঙে ৰাজ্য চৰকাৰৰ পত্ৰ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ হাতত তুলি দিয়ে । ৰাজ্য চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগে প্ৰেৰণ কৰা উক্ত পত্ৰত অহা ১৪ এপ্ৰিলৰ পূৰ্বে ত্ৰিপাক্ষিক অালোচনা অনুষ্ঠিত কৰা হব বুলি উল্লেখ কৰি অামৰণ অনশন প্ৰত্যাহাৰ কৰাৰ অাহ্বান জনায় ।

উক্ত পত্ৰ লাভ কৰাৰ পিছতেই এবছু , এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমৰ নেতৃবৰ্গই অনশনথলীতে এক বৈঠকত মিলিত হয় আৰু চৰকাৰৰ পত্ৰ সন্দৰ্ভত অালোচনা কৰে । পত্ৰত এনডিএফবি(প্ৰ)ৰ নাম উল্লেখ নথকাত সংগঠন তিনিটাৰ নেতৃবৰ্গই ক্ষোভ প্ৰকাশ কৰে অাৰু তিনিওটা সংগঠনে অনশন কাৰ্যসূচী স্হগিত ৰখা-নৰখা সন্দৰ্ভতো অালোচনা কৰে।

এবছুৰ সভাপতি প্ৰমোদ বড়োই অনশন কাৰ্যসূচী পঞ্চম দিনৰ বাবেও অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰি কাইলৈ অৰ্থাৎ ১৫ মাৰ্চৰ পুৱা ৯:০০বজাৰ পিছত হে অনশন ভঙ্গ হ'ব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে। এবছুৰ সভাপতি প্ৰমোদ বড়োই চৰকাৰৰ বঞ্চনা অাৰু প্ৰতাৰণাৰ বাবেই দীৰ্ঘদিনে বড়ো সমস্যাৰ হোৱা নাই বুলি মন্তব্য কৰি অালোচনাৰ নামত ইতিপূৰ্বে ঘোষিত হোৱা অান্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি সদৰী কৰিছে।

অানহাতে এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেন বড়োই চৰকাৰে বিগত দহ বছৰত এনডিএফবি(প্ৰ)ৰ সতে ১৫ বাৰকৈ অালোচনাত বহিলে যদিও বড়ো সমস্যাৰ সমাধান নতুবা বড়োলেণ্ড ৰাজ্য গঠন সন্দৰ্ভত একোৱেই ধনাত্মক পদক্ষেপ গ্ৰহন নকৰিলে বুলি উল্লেখ কৰি অতি শীঘ্ৰে বড়ো সমস্যাৰ সমাধান কৰাৰ আহ্বান জনাইছে ।