ডিজিটেল ডেস্কঃ ডিজিটেল ভাৰতৰ প্ৰভাৱ যেন সকলো ক্ষেত্ৰতে বিৰাজমান৷ আনকি মানুহৰ সম্পৰ্ককো এৰি দিয়া নাই ছ’চিয়েল মিডিয়াই৷ এইবাৰ আইন ব্যৱস্থাতো অনুপ্ৰৱেশ ঘটিল ডিজিটেল মিডিয়াৰ৷

স্কাইপৰ জৰিয়তে বিবাহ বিচ্ছেদৰ এনে এক নাভুত নাশ্ৰুত ঘটনাই ঘটিল এইখন দেশতে৷  বিবাহ বিচ্ছেদ গোচৰৰ শুনানীৰ বাবে স্বামী চিংগাপুৰৰ পৰা ভাৰতলৈ আহিছিল যদিও কামৰ তাগিদাত লণ্ডনৰ পৰা আহিব পৰা নাছিল পত্নী৷

ফলত আদালতে স্কাইপতে পত্নীক উপস্থীত থাকিবলৈ নিৰ্দেশ দিয়ে৷  ২০১৫ত বিবাহপাশত আবদ্ধ হোৱা দম্পত্তিহালে ২০১৬ত বিচাৰপতি ভি এস মালকানপাট্টে ৰেড্ডিৰ ওচৰত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে৷

কৰ্মসুত্ৰে দুয়োগৰাকী ব্যাক্তি চিংগাপুৰ আৰু লণ্ডণত বসবাস কৰিছিল৷  উল্লেখযোগ্য যে ২০১৫বৰ্ষতো অনুৰtপ ঘটনা সংঘটিত হৈছিল৷