ডিজিটেল ডেস্কঃ যৌন আতিশায্যৰ অভিযুক্ত এজন ডাক্তৰে নিজে কাম কৰা হস্পিতালতে চলালে নিৰ্বিচাৰ আক্ৰমণ। ৰোগীৰ ওপৰত যৌন আতিশায্যৰ অভিযোগ উত্থাপিত কৰাৰ ক্ষোভতেই পোতক তুলিবলৈ হাতত ৰাইফল লৈ ব্ৰংক্স লেবানন নামৰ হস্পিতালখনত শুকুৰবাৰে প্ৰৱেশ কৰে ডাক্তৰ হেনৰী বেলো। 

নিউয়ৰ্ক চহৰৰ মানহাট্টানৰ হস্পিতালখনত চলা আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ভালেমান লোকক আহত হয়। পিছত ডাক্তৰ বেলোই নিজকে জ্বলাই দি আপোনঘাতী হোৱাৰ চেষ্টা চলায়। পিছত নিজ ৰাইফলৰ গুলিত বেলোৰ মৃত্যু হয়। 

বন্দুকধাৰীয়ে হস্পিতালত প্ৰৱেশ কৰাৰ লগে লগে ৰোগী-কৰ্মচাৰী সকলোৰে মাজত হুৱা-দুৱা লাগে। বহুতে কোঠাৰ ভিতৰতে নিজকে বহুসময় আবদ্ধ কৰি ৰাখি আত্মৰক্ষাৰ চেষ্টা চলায়। 

হস্পিতালৰ ৱেবছাইটত থকা মতে ৪৫ বৰ্ষীয় বেলো ফেমিলি মেডিচিন বিভাগৰ ডাক্তৰ। বেলোই এআৰ-১৫ ৰাইফলেৰে হস্পিতালখনৰ ১৬ আৰু ১৭ মহলাত আক্ৰমণ চলাইছিল। ২০১৫ চনতে বেলোৰ বিৰুদ্ধে উত্থাপিত হৈছিল যৌন আতিশায্যৰ অভিযোগ।