প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে এফালৰ পৰা ধ্বংস কৰিছে এটা এটাকৈ সকলো চৰকাৰী প্ৰতিষ্ঠান! ২০১৪ চনৰ পৰাই এই অভিযোগ মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে বিৰোধীয়ে। তেনে এটা প্ৰতিষ্ঠানৰ বৰ্তমান সময়ৰ নিশকতীয়া অৱস্থাই চিন্তিত কৰিছে সচেতন মহলক। বৰ্তমান সময়ত সাধাৰণ জনতাৰ তথ্য লাভৰ অধিকাৰৰ ওপৰত নামি অহা নতুন সংকটে বৃদ্ধি কৰিছে উদ্বেগ। কিন্তু  দুৰ্ভাগ্যৰ বিষয় যে এনে খবৰবোৰ প্ৰকাশিত নহয় মূলসুঁতিৰ সংবাদ মাধ্যমত।

তথ্য জনাৰ অধিকাৰ বা চমুকৈ আৰ টি আইৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান কেন্দ্ৰীয় তথ্য আয়োগ। কিন্তু বিগত এমাহ ধৰি যোৱা এমাহ মুখ্য আয়ুক্ত অবিহনেই কাম চলি আছিল এই প্ৰতিষ্ঠানৰ। আৰু এমাহৰ অন্তত অৱশেষত সোমবাৰে পুৱা ১১ বজাত হীৰালাল চমৰিয়াই কেন্দ্ৰীয় মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য আয়ুক্ত যশোবৰ্ধন সিং ৰাথোৰে ২০২৩ চনৰ ৩ অক্টোবৰত এই পদৰ পৰা অৱসৰ লোৱাৰ পিছৰে পৰা এই পদটো খালী হৈ আছিল। কেৱল এয়াই নহয়, কেন্দ্ৰীয় তথ্য আয়োগৰ আন চাৰিজন আয়ুক্তইও ৬ নৱেম্বৰত তেওঁলোকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, তথ্য আয়োগ এগৰাকী মুখ্য তথ্য আয়ুক্ত আৰু ১০ গৰাকী তথ্য আয়ুক্তৰে গঠিত হয়। অৰ্থাৎ চৰকাৰৰ এই প্ৰতিষ্ঠানটোৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ১১ জন। নিৰ্বাচন আয়োগ যিদৰে কেন্দ্ৰ আৰু ৰাজ্যত থাকে, সেইদৰেই প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰত থাকে তথ্য আয়োগো।

বেচৰকাৰী সংস্থা  সতৰ্ক নাগৰিক সংগঠনে তথ্য আয়োগ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিছে, য’ত প্ৰকাশ পাইছে যে সমগ্ৰ দেশৰ তথ্য আয়োগত মুঠ ৬ গৰাকী তথ্য আয়ুক্তৰ পদ খালী হৈ আছে আৰু চাৰিখন ৰাজ্যৰ তথ্য আয়োগ দীৰ্ঘদিন ধৰি কাৰ্যক্ষম হৈ থকা নাই। তথ্য আয়োগত কৰ্মচাৰীৰ নাটনি ইমানেই অধিক হৈ পৰিছে যে চলিত বৰ্ষৰ ৩০ জুনলৈকে কেন্দ্ৰ আৰু ৰাজ্যৰ ২৭টা তথ্য আয়োগত দাখিল কৰা ৩.২ লাখ অভিযোগ আজিও শুনানি নোহোৱাকৈ পৰি ৰৈছে।

প্ৰণিধানযোগ্য যে,বিশ্বৰ ভিতৰতে সৰ্বাধিক তথ্যৰ অধিকাৰ ব্যৱহাৰ হোৱা দেশখনেই হৈছে ভাৰত। পৰিসংখ্যা অনুসৰি, ভাৰতত প্ৰতি বছৰে ৬০ লাখ আৰ টি আই দাখিল কৰা হয়। এনে পৰিস্থিতিত আয়োগ সমূহত কৰ্মচাৰীৰ অভাৱে আৰটিআই দাখিল কৰা সাধাৰণ নাগৰিকক কেনেদৰে তথ্য যোগান ধৰি থকা হৈছে তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।

বহু ৰাজ্যত অভিযোগ শুনানিৰ গড় সময় হৈছে এবছৰ পৰ্যন্ত। অৰ্থাৎ চৰকাৰে যদি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰে আৰু আপুনি ইয়াৰ বিৰুদ্ধে আপীল কৰে তেন্তে এবছৰ অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।

আয়ুক্ত পদৰ বাবে ২০০ খন আবেদন, কিন্তু দিয়া হোৱা নাই নিযুক্তি

কিন্তু চিআইচি অৰ্থাৎ কেন্দ্ৰীয় তথ্য আয়োগ কি, আৰু এনেদৰে দুৰ্বল হৈ থাকিলে আপোনাৰ বাবে ইয়াৰ অৰ্থ কি হ’ব? সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰ টি আই আইন অনুসৰি কেন্দ্ৰ আৰু ৰাজ্যত তথ্য আয়োগ আছে। কেন্দ্ৰীয় তথ্য আয়োগত এজন মুখ্য তথ্য আয়ুক্ত আছে আৰু তেওঁৰ লগতে আৰু ১০ জন আয়ুক্ত আছে। অৰ্থাৎ মুঠ ১১ জন কৰ্মচাৰী আছে।

আৰ টি আই আবেদন দাখিল কৰা যিকোনো ব্যক্তিৰ শেষ আশা এই তথ্য আয়োগ। যদি কোনো বিভাগে আৰ টি আইৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে, তেন্তে আৰ টি আই দাখিল কৰা ব্যক্তিজনে তথ্য আয়োগৰ দাৰস্থ হ’ব পাৰে। তথ্য আয়োগে এই অভিযোগৰ শুনানি গ্ৰহণ কৰি সংশ্লিষ্ট বিভাগক তথ্য দিবলৈ বা তথ্য প্ৰদান নকৰাৰ বৈধ কাৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰে। এনে পৰিপ্ৰেক্ষিতত তথ্য আয়োগৰ দৰে গুৰুত্বপূৰ্ণ পদ খালী হৈ থকাৰ অৰ্থ এয়াই যে সাধাৰণ জনতাৰ তথ্য লাভৰ অধিকাৰৰ প্ৰতি ভাবুকি নামি আহিব।

একেদৰে ৰাজ্যসমূহতো তথ্য আয়োগ আছে। কিন্তু ৰাজ্যিক তথ্য আয়োগৰ অৱস্থাও আজি শোচনীয় হৈ পৰাত বৃদ্ধি পাইছে উদ্বেগ। বিগত তিনি বছৰ ধৰি অকাৰ্যক্ষম হৈ আছে ঝাৰখণ্ডৰ তথ্য আয়োগ। একেদৰে ২৭ মাহ ধৰি স্থবিৰ হৈ আছে ত্ৰিপুৰাৰ তথ্য আয়োগো। ইফালে মুখ্য তথ্য আয়ুক্ত আৰু অন্য তথ্য আয়ুক্তৰ নিযুক্তি অবিহনে চলিত বৰ্ষৰ জুন মাহৰ পৰাই বন্ধ হৈ আছে মিজোৰামৰ তথ্য আয়োগ।

তথ্য আয়োগৰ এনে শোচনীয় অৱস্থা সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে এই বিষয়টো কেৱল এটা প্ৰতিষ্ঠানৰ খালী পদৰ কথা নহয়, এয়া হৈছে এখন দেশৰ এটা প্ৰতিষ্ঠানত থাকিবলগীয়া গণতান্ত্ৰিক স্বচ্ছতাৰ কথা। কেন্দ্ৰীয় তথ্য আয়োগৰ পদ খালী হৈ থকাৰ অৰ্থ হ’ল সাধাৰণ জনতাৰ প্ৰতি চৰকাৰৰ জবাবদিহিতা কমি যাব। যিসকল লোকে চৰকাৰী আঁচনিৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল আৰু প্ৰয়োজন সাপেক্ষে আৰ টি আই দাখিল কৰি নিজৰ সমস্যাৰ সমাধান বিচাৰিব, তেওঁলোকৰ উত্তৰ লাভৰ আশা লোপ পাব।

২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুনিৰ্কাত কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিছিল। এই উদ্বোধনী অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে গণতন্ত্ৰত “শক্তিশালী নাগৰিকত্বই হৈছে গণতন্ত্ৰৰ প্ৰাণ”। কিন্তু বৰ্তমান সময়ত বিভিন্ন ৰাজ্যৰ তথ্য আয়োগসমূহৰ লগতে কেন্দ্ৰীয় তথ্য আয়োগেও নিজৰ ক্ষমতাৰ আধাতকৈও কম কাম কৰি থকাত উদ্বেগ ব্যক্ত কৰিছে সচেতন মহলে।

অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ তথা আৰটিআই কৰ্মী লোকেশ বাত্ৰাই দাখিল কৰা আৰটিআইৰ উত্তৰত প্ৰকাশ পোৱা অনুসৰি যোৱা বছৰৰ ডিচেম্বৰ মাহতে কেন্দ্ৰীয় তথ্য আয়োগৰ আয়ুক্ত পদৰ বাবে ২৫৬ জন লোকে আবেদন জনাইছিল। কিন্তু তেতিয়াৰে পৰা প্ৰায় ১০ মাহ অতিক্ৰম কৰাৰ পাছতো চৰকাৰে এই পদৰ বাবে কোনো ব্যক্তিক নিযুক্তি প্ৰদান কৰা নাছিল। অৱশ্যে এই নিযুক্তিসমূহ কিয় প্ৰদান কৰা হোৱা নাছিল, তাৰ কোনো কাৰণ উল্লেখ নাছিল আৰটিআইৰ উত্তৰত।

দেশৰ এগৰাকী সুপৰিচিত আৰটিআই কৰ্মী অঞ্জলী ভৰদ্বাজৰ সংগঠন সতৰ্ক নাগৰিক সংগঠনে চলিত বৰ্ষৰ অক্টোবৰত আৰ টি আই আৰু তথ্য আয়োগৰ সংকট সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি লাখ লাখ অভিযোগ আয়োগৰ ওচৰত পৰি আছে আৰু বহু আয়োগ বৰ্তমান সময়ত অকাৰ্যক্ষম হৈ পৰিছে।

অঞ্জলি ভৰদ্বাজে কয়, ‘আৰ টি আইৰ বিগত ১৮ বছৰত দেশত এনে কোনো বৃহৎ কেলেংকাৰী সংঘটিত হোৱা নাই, যিটো আৰটিআইৰ জৰিয়তে পোহৰলৈ নহাকৈ আছে। ভাৰতে আৰ টি আই আইন সৰ্বাধিক ব্যৱহাৰ কৰে আৰু প্ৰতি বছৰে দাখিল কৰা ৬০ লাখ আৰ টি আইৰ ভিতৰত সমাজৰ নিম্ন শ্ৰেণীয়ে সৰ্বাধিক সংখ্যক আৰ টি আই দাখিল কৰে।"

তেওঁ লগতে কয়, "পেঞ্চন আৰু অন্যান্য চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল লোকসকলে এই অধিকাৰৰ সৰ্বাধিক ব্যৱহাৰ কৰিছে। কিন্তু যোৱা ৭-৮ বছৰত আৰ টি আইক দুৰ্বল কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। ২০১৪ চনৰ পিছত কেন্দ্ৰীয় তথ্য আয়ুক্তৰ অৱসৰৰ পিছত কেন্দ্ৰীয় চৰকাৰে এবাৰলৈও নিজেই তথ্য আয়ুক্তৰ নিযুক্তি প্ৰদান কৰা নাই। তথ্য আয়ুক্তৰ নিযুক্তিৰ বাবে প্ৰতিবাৰেই আদালতৰ কাষ চাপিবলগীয়া হৈছে।" ভৰদ্বাজে আকৌ কয়, “চৰকাৰে কেতিয়াও নিবিচাৰে যে সাধাৰণ মানুহে তেওঁলোকক প্ৰশ্ন কৰক, মন্ত্ৰীৰ বিষয়ে তথ্য জানক। সেয়েহে প্ৰতিষ্ঠানটোক নিশকতীয়া কৰি তোলাৰ ষড়যন্ত্ৰ চলাই অহা হৈছে।”

কেন্দ্ৰীয় তথ্য আয়োগৰ খালী পদ আৰু বিচাৰাধীন লাখ লাখ অভিযোগ

আৰ টি আইৰ এক প্ৰত্যুত্তৰত প্ৰকাশ পোৱা অনুসৰি কেন্দ্ৰীয় তথ্য আয়োগত মুঠ ১১ জন কৰ্মচাৰী থাকিব লাগে যদিও বৰ্তমানো আয়োগৰ ৭টা পদ খালী হৈয়ে আছে আৰু মাত্ৰ ৪ জন কৰ্মচাৰীৰে চলি আছে এই প্ৰতিষ্ঠানটো। ২০২২ চনৰ ২০ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে তথ্য আয়ুক্ত পদৰ বাবে আৱেদন বিচাৰি জাৰি কৰিছিল এক অধিসূচনা। আবেদন প্ৰেৰণৰ তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছিল ২০২৩ চনৰ জানুৱাৰী পৰ্যন্ত।

এক অধিসূচনাত কেন্দ্ৰীয় চৰকাৰে এয়াও উল্লেখ কৰিছিল যে ২০১৯ বৰ্ষত আৰ টি আই আইনত কৰা সংশোধনী অনুসৰি তথ্য আয়ুক্তৰ দৰমহা আৰু তেওঁৰ কাৰ্যকাল আৰু পেঞ্চনৰ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হ’ব। কিন্তু লক্ষণীয়ভাৱে চৰকাৰৰ এই অধিসূচনাৰ পিছতো খালী হৈয়ে ৰ’ল এই পদ।

কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ সঞ্চালক ভেংকটেশ নায়কে কয়, “তথ্য আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা লোকক বাছনি কৰোঁতে এইটো চাব লাগে যে তেওঁলোকে স্বচ্ছতাৰ বাবে কিমান কাম কৰিছে, বা তেওঁলোকে ইয়াক কিমান সমৰ্থন কৰিছে। কিন্তু বাস্তৱত ইয়াৰ বিপৰীতে চৰকাৰৰ ‘হয় হুজুৰ’ কৰা সকলেহে এই পদবোৰত নিযুক্তি লাভ কৰে। পূৰ্বতে শাসকীয় দলৰ সৈতে জড়িত লোকক তথ্য আয়ুক্তৰ পদ দিয়া হৈছিল, তেওঁলোকে দলৰ পৰা পদত্যাগ কৰি আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।"

ভেংকটেশ নায়কে প্ৰাক্তন কেন্দ্ৰীয় তথ্য আয়ুক্ত উদয় মাহুৰকাৰৰ এক বক্তব্যৰ কথা উল্লেখ কৰে, য’ত তেওঁ কৈছিল যে দিল্লীৰ মছজিদৰ ইমামসকলে চৰকাৰৰ পৰা লাভ কৰা দৰমহাই দেশত ‘ভুল নিদৰ্শন’ দাঙি ধৰিছে। নায়কে কয় যে তথ্য আয়ুক্তৰ দৰে পদত থাকি কোনো ব্যক্তিয়ে এনে বক্তব্য দিয়াটো কোনো কাৰণতে সঠিক নহয়।

তেওঁ কয়, ‘আৰ টি আই একমাত্ৰ আইন য’ত চৰকাৰে আইন মানি চলিব লাগিব, বাকী সকলো আইন সাধাৰণ জনতাৰ বাবে বনোৱা হয়। এই আইনখন ২০০৫ চনত আহিছিল যদিও চৰকাৰসমূহে কেতিয়াও ইয়াক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ কোনো উদ্দেশ্য নাছিল আৰু ২০১৪ চনৰ পৰা এই উদ্দেশ্য আৰু অধিক হ্ৰাস পাইছে।”

উল্লেখ্য যে, কেন্দ্ৰীয় মুখ্য তথ্য আয়ুক্তক ৰাষ্ট্ৰপতিয়ে এক পেনেলৰ পৰামৰ্শমতে নিযুক্তি দিয়ে। এই পেনেলত আছে প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু এজন কেবিনেট মন্ত্ৰী। একেদৰে মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী আৰু বিৰোধী দলপতিৰে গঠিত পেনেলৰ পৰামৰ্শমতে ৰাজ্যপালৰ দ্বাৰা ৰাজ্যসমূহৰ তথ্য আয়ুক্ত নিযুক্তি দিয়া হয়।

এই আইনখন দুৰ্বল কৰিবলৈ শেহতীয়াকৈ কৰা দুটা সংশোধনী
 
২০১৯ চনত যেতিয়া নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছিল, তেতিয়া তেওঁৰ চৰকাৰে আৰ টি আই আইনত আটাইতকৈ গুৰুত্বপূৰ্ণ সংশোধনী কৰিছিল। ২০০৫ চনত প্ৰৱৰ্তন কৰা আৰ টি আই আইনত উপায়ুক্ত আৰু তথ্য আয়ুক্তৰ কাৰ্যকাল পাঁচ বছৰ নিৰ্ধাৰণ কৰি তেওঁলোকে লাভ কৰা দৰমহা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ সমান কৰি ৰখা হৈছিল।

ৰাজ্যিক তথ্য আয়ুক্তৰ দৰমহাও ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ সমান আছিল। কিন্তু ২০১৯ চনত এই নিয়ম সলনি কৰি চৰকাৰৰ হাতত এই অধিকাৰ প্ৰদান কৰা হয়। অৰ্থাৎ এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মুখ্য তথ্য আয়ুক্ত আৰু তথ্য আয়ুক্তসকলৰ দৰমহা কিমান হ’ব সেইটো নিৰ্ণয় কৰে আৰু তেওঁলোকে কিমান পেঞ্চনৰ পৰিমাণ পাব সেয়াও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰে।

ইয়াৰ পিছত ২০২৩ চনত ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন বিল অনা হয়, তাৰ পিছত নিৰ্ধাৰণ কৰা হয় যে আৰ টি আইৰ অধীনত “যিসকলৰ ৰাজহুৱা কাৰ্যকলাপৰ সৈতে কোনো সম্পৰ্ক নাই” তেনে কোনো ব্যক্তিৰ বিষয়ে তথ্য লাভ কৰিব নোৱাৰি।  অৰ্থাৎ কোনোবাই যদি কোনো বিশেষ ব্যক্তিৰ বিষয়ে তথ্য বিচাৰে তেন্তে সেয়া ‘ৰাষ্ট্ৰীয় স্বাৰ্থ’ৰ বিষয় বুলি প্ৰমাণিত নোহোৱালৈকে দিব প্ৰদান কৰা নহয়।

অঞ্জলি ভৰদ্বাজে কয় যে আৰ টি আই আইন তিনিটা স্তৰত দুৰ্বল কৰা হৈছে। প্ৰথমটো সংশোধনী আনি, দ্বিতীয়টো সমগ্ৰ দেশৰ আৰ টি আই কৰ্মীক আক্ৰমণ কৰি আৰু তৃতীয়টো ইয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰি। অৰ্থাৎ কেন্দ্ৰীয় তথ্য আয়োগটোক এনেদৰে নিষ্ক্ৰিয় কৰা হৈছে যাতে এই প্ৰতিষ্ঠানে অতি মন্থৰ গতিত কাম কৰিবলৈ বাধ্য হৈ পৰে আৰু  ইয়ালৈ অহা গোচৰবোৰ যাতে বছৰ বছৰ ধৰি বিচাৰাধীন হৈ থাকে।

অভিযোগসমূহৰ ওপৰত তথ্য আয়ুক্তসকলে কিমান সময় সিদ্ধান্ত ল’ব লাগে সেই বিষয়ে আৰ টি আই আইনত এনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, সেয়েহে এই অভিযোগসমূহ বছৰ বছৰ ধৰি বিচাৰাধীন হৈ থাকে, আৰু যিকোনো অভিযোগৰ ওপৰত চি আই চিয়ে সিদ্ধান্ত লোৱালৈকে, দাখিল কৰা ব্যক্তিজনে আৰ টি আই আদালতৰ কাষ চাপিও নাযায়। যাব নোৱাৰে। অৰ্থাৎ সামগ্ৰিকভাৱে চৰকাৰৰ পৰা তথ্য আহৰণৰ ক্ষেত্ৰত চিআইচিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

তথ্য আয়ুক্ত নিযুক্তিত পলম হোৱাক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অঞ্জলি ভৰদ্বাজ আৰু অৱসৰপ্ৰাপ্ত কামাণ্ডাৰ লোকেশ বাত্ৰা। ৩০ অক্টোবৰত অনুষ্ঠিত এই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় তথ্য আয়োগত কিমান পদ খালী হ’ব আৰু কিমান অভিযোগ আছে তাৰ সবিশেষ প্ৰতিবেদন প্ৰস্তুত কৰি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। লগতে ৰাজ্য আৰু কেন্দ্ৰীয় আয়োগসমূহৰ পদ পূৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

অসমত তথ্য জনাৰ অধিকাৰ আইন কিমান শক্তিশালী?

অসমত মুখ্য তথ্য আয়ুক্ত আৰু আন তথ্য আয়ুক্তসকলৰ নিযুক্তি একপ্ৰকাৰ সময়মতে হৈ আহিছে যদিও আৰটিআই কৰ্মীসকলে বিগত কিছুবছৰ ধৰি আৰটিআই আবেদন উত্তৰ আগৰ দৰে ক্ষিপ্ৰ গতিত লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি অহা দেখা গৈছে। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰটিআই কৰ্মীয়ে NNOৰ আগত কয় যে মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্কিত কেবাটাও বিভাগত আবেদন কৰি তেওঁ নিৰাশ হৈ পৰিছে। দুই-এটা বিভাগে উত্তৰ দিছে যদিও বহুকেইটা বিভাগে উক্ত প্ৰশ্নসমূহ তেওঁলোকৰ বিভাগৰ আওতাত নপৰে বুলি গা এৰা দিবলৈ চেষ্টা চলোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

'মই হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত বহুকেইটা বিভাগত আৰটিআই কৰিছো। কিন্তু সময়মতে উত্তৰ লাভ কৰা নাই। মোৰ চিনাকি বিভাগটোৰ একাংশ লোকে জনোৱামতে তেওঁলোকলৈ হেনো সেইবোৰৰ উত্তৰ নিদিবলৈ ওপৰৰ পৰা নিৰ্দেশ আহিছে। মোৰ চিনাকি গোলাঘাট জিলাৰ এজন আৰটিআই কৰ্মীক আৰটিআই নকৰিবলৈ অজ্ঞাত লোকৰ পৰা ভাবুকিও আহিছে।’-এইদৰে কয় আৰটিআই কৰ্মীগৰাকীয়ে। 

অসমত একাংশ ভুৱা আৰটিআই কৰ্মীয়ে আৰটিআই আইনখনে জনতাক প্ৰদান কৰা শক্তিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ ফলতো দুৰ্নীতিপৰায়ণ নেতা-মন্ত্ৰী তথা চৰকাৰী কৰ্মচাৰীসকলে ইয়ালৈ কেৰেপ নকৰা হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে। 'কেইদিনমান আগতে একাংশ সাংবাদিকৰ লগতে আৰটিআই কৰ্মীও জেললৈ যাবলগীয়া হৈছিল। ধনৰ লালসাত আৰটিআই কৰাসকল কেতিয়াও প্ৰকৃত আৰটিআই কৰ্মী হ’ব নোৱাৰে। ধনৰ লোভত বা আৰটিআইৰ জৰিয়তে ব্লেকমেইল কৰাসকল দুৰ্নীতিপৰায়ণ মন্ত্ৰী-বিধায়ক আৰু চৰকাৰী আমোলা-বিষয়াতকৈয়ো সমাজৰ বাবে অতি বিপদজনক।’-যোৱা প্ৰায় ১৫ বছৰ ধৰি আৰটিআইৰ জৰিয়তে চৰকাৰৰ একাধিক দুৰ্নীতি পোহৰলৈ অনা গগৈ উপাধিৰ আৰটিআই কৰ্মীগৰাকীয়ে কয়।

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ গৱেষণা বিভাগৰ অধ্যক্ষ নেত্ৰৰঞ্জন চৌধুৰীয়ে কয়, 'শেহতীয়াভাৱে কেন্দ্ৰ চৰকাৰে হীৰালাল চমৰিয়াক মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। আন দুজন তথ্য আয়ুক্তৰ কাৰ্যকালো অহা সোমবাৰে অন্ত পৰিব। অৰ্থাৎ অহা সোমবাৰৰ পৰা মুখ্য তথ্য আয়ুক্ত সহ ৪ জন তথ্য আয়ুক্তৰে এই তথ্য আয়োগ চলিব লাগিব। গতিকে স্বাভাৱিকতে তথ্য আয়োগৰ দৰে অনুষ্ঠান এটাৰ কাম কৰাৰ যি ধৰণ তাত বিৰূপ প্ৰভাব পৰিবই।’

চৌধুৰীয়ে আৰু কয়, 'যোৱা ৩০ অক্টোবৰত এক শুনানিত সৰ্বোচ্চ ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰি কৈছিল যে পৰ্যাপ্ত পৰিমাণৰ বিষয়া-কৰ্মচাৰীৰ অভাৱৰ বাবে তথ্য জনাৰ অধিকাৰ আইনখন একপ্ৰকাৰ ডেড লেটাৰ বা অপ্ৰচলিত আইন সদৃশ হৈ পৰাৰ উপক্ৰম ঘটিছে। এয়া সঁচাকৈয়ে ভাৰতীয় গণতন্ত্ৰৰ বাবে এক দুৰ্ভাগ্যজনক কথা। এই গোচৰটোত প্ৰতিনিধিত্ব কৰি অধিবক্তা প্ৰশান্ত ভূষণেও কৈছে যে উচ্চতম ন্যায়ালয়ে ২০১৯ চনতে খালী হৈ থকা পদসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও চৰকাৰে এইক্ষেত্ৰত কোনোধৰণ সদিচ্ছা প্ৰকাশ নকৰাতো পৰিতাপৰ কথা। গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে আইনখনক আচলতে চৰকাৰে তলে তলে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে।’

উল্লেখ্য যে, যোৱা ২৮ মাৰ্চত ৰাজ্যৰ নতুন মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ ৩১ জানুৱাৰীত আৰক্ষী সঞ্চালকপ্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ প্ৰায় দুমাহ পিছতে ১৯৮৮ বেটছৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ভাস্কৰজ্যোতি মহন্তক এই দায়িত্ব প্ৰদান কৰা হয়। যোৱা ১২ অক্টোবৰত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত তথ্যৰ অধিকাৰ সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কৰ্মশালাত মুখ্য তথ্য আয়ুক্ত মহন্তই ভাষণ প্ৰসংগত তথ্য জনাৰ অধিকাৰ আইনক গণতন্ত্ৰৰ এক উল্লেখযোগ্য উপাদান হিচাপে অভিহিত কৰে। তথ্য জনাৰ অধিকাৰ চমুকৈ আৰটিআই আইনক পৱিত্ৰ আইন আখ্যা দি তেওঁ চৰকাৰী বিভাগসমূহক আবেদন এখন লাভ কৰিলে উক্ত আবেদনক গুৰুত্ব সহকাৰে ল’বলৈকো আহ্বান জনায়।