ৰঙিয়াঃ ঐতিহ্যমণ্ডিত গৰিয়াকোঠত সমবেত হ’ব হাজাৰ হাজাৰ লোক৷ প্ৰত্যেক বছৰে পালন কৰি অহাৰ দৰে এই বছৰতো পৰম্পৰাগত ৩৮সংখ্যক দৌল উৎসৱ উলহ-মালহেৰে আয়োজন কৰিবলৈ লৈছে পাণ্ডুৰীবাসী ৰাইজে৷

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত গৰিয়াকোঠৰ হাঁহিৰাম ক্ষেত্ৰত  দৌল মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে ২৮ ফেব্ৰুৱাৰী পৰা ২ মাৰ্চ লৈকে অনুষ্ঠিত কৰা হৈছে। জানিব পৰা মতে ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা দৌল মহোৎসৱত পুৱা ৮ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ভুৱনেশ্বৰ গোস্বামীয়ে।

উক্ত দিনাই স্মৃতি তৰ্পণ, বৃক্ষৰোপন, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই সন্ধিয়া ৫ বজাত দৌল মন্দিৰৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে বন্তি প্ৰজ্বলন আৰু গোসাঁই আদৰি অনা পৰ্ব আনুষ্ঠিত হ’ব। ইয়াৰোপৰি নিশা বহ্নি পূজা, আতচবাজী আৰু ঘগ্ৰাপাৰৰ কাবেৰী নাট্য গোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত হ’ব।

আনহাতে ১ মাৰ্চৰ কাৰ্যসূচী ৯ বজাত জল আৰোহণ, পূজা আৰম্ভ, নাগাৰা নামৰ লগতে দুপৰীয়া সম্বৰ্ধনা অনুষ্ঠান, সমূহীয়া পুষ্পাঞ্জলী ভোগ বিতৰণৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন, নাগাৰা নাম আৰু নিশা গৰিয়াকোঠ একনাম পাৰ্টিৰ আৰতি পৰিবেশন হ’ব। মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী পুৱা ১০ বজাত পূজা আৰম্ভ, ভাগৱত পাঠ, আয়তীৰ নাম পৰিবেশন, সন্ধিয়া আধুনিক নৃত্য পৰিবেশন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব।

সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণীয় শিল্পী হিচাপে অংশগ্ৰহণ কৰিব বিদ্যা সাগৰ, চুমী চাইনৰ লগতে স্থানীয় শিল্পী সকলে। ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে আয়োজনৰ দিহা কৰা এই দৌল মহোৎসৱটি সফলতাৰে উদযাপনৰ ক্ষেত্ৰত সকলো লোকৰে সহায়-সহযোগ উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে৷