যি নামেৰেই মাতিলেও পালেং-পনীৰ এবিধ সমগ্ৰ বিশ্বৰে জনপ্ৰিয় ব্যঞ্জন ৷ পালেংশাকৰ জুতি নোলোৱা মানুহ হয়তো বিশ্বতে বিৰল ৷ বিবাহ বা আন যি কোনো অভ্যৰ্থনাৰ অনুষ্ঠানত পালেংপুৰি, পালেং পকৰী, পালেংপৰঠা, পালেংশাকৰ চাটনি বা মাছৰ সৈতে পালেংশাকৰ আঞ্জাৰ যোগাৰ থকাটো তেনেই সাধাৰণ কথা ৷

এই পালেংশাক কিয় আমাৰ দৈনন্দিত খাদ্য তালিকাত  অন্তৰ্ভুক্ত হোৱা উচিত আজি তাৰে বাখ্যা আগবঢ়াবৰ প্ৰয়াস এই নিবন্ধৰ যোগেদি কৰিম ৷ বৰ্ষজীৱী সপুষ্পক উদ্ভিদ পালেংশাকৰ বৈজ্ঞানিক নাম হ'ল  Spinacia oleracea  আৰু ইয়াৰ বংশাৱলী হ'ল Amaranthace ৷ ইয়াৰ প্ৰাথমিক বসতিস্থল হ'ল মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া ৷ পালেংশাকৰ বিষয়ে প্ৰাচীনতম লিখিত বিৱৰণ চীনদেশত পোৱা গৈছে ৷

অনুমানিক ৬৪৭খৃষ্টাব্দত নেপালৰ পৰা পালেংশাকৰ সঁচ চীনদেশলৈ অনা হৈছিল ৷ এচামৰ মতে ইয়াৰ আগতে ইৰাণৰ পৰা নেপাল আৰু ভাৰতবৰ্ষলৈ পালেংশাক আহিছিল ৷ ৮২৭খৃষ্টাব্দত  ভূমধ্যসাগৰৰ চিচিলি (Sicily) দ্বীপলৈ পালেংশাকৰ আগমণ ঘটে ৷ কালক্ৰমত ১২শতিকাত স্পেইনত, ১৩শতিকাত জাৰ্মানীত,১৪শতিকাত ফ্ৰান্স আৰু ইংলণ্ডলৈ পালেংশাকৰ সঁচ যায় ৷

বেহা-ব্যাপাৰ আৰু পৰিভ্ৰমণ-পৰিব্ৰজনৰ মাধ্যমেৰে ইউৰোপৰ পৰা আমেৰিকালৈ পালেংশাকৰ সঁচ যায় আৰু আজি আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ল বিশ্বৰ ১০খন সৰ্বোচ্চ পালেং উৎপাদনকাৰীৰ এখন অন্যতম দেশ ৷ পালেংশাকৰ সৰ্বোচ্চ উৎপাদন হয় চীনদেশত ৷ ভাৰত,তুৰস্ক,জাপান,ইণ্ডোনেচিয়া, ফ্ৰান্স,পাকিস্তান হ'ল আন কেইখনমান উচ্চ পালেং উৎপাদনকাৰী দেশ ৷ প্ৰথম বিশ্বযুদ্ধত ৰক্তক্ষৰণ হোৱা আৰু আঘাত প্ৰাপ্ত হোৱা ফৰাচী সৈনিকক পালেংশাকৰ ৰস বা চুপ খাবলৈ দিয়া হৈছিল ৷

পালেংশাক ঘাইকৈ শীতকালৰ শাক হলেও বিশ্বৰ নানান ঠাইত ইয়াক গোটেই বছৰ জুৰি উৎপাদন কৰা হয় ৷ কংক্ৰিটৰ বাসভৱনত মাটিৰ নাটনি থকা লোকে পালেংশাকৰ খেতি টাবটো অনায়াসে কৰিব পাৰে ৷ ১৯৪১ চনত পালেংশাকত ভিটামিন-বি৯ (ফলিক এচিড) আবিষ্কৃত হৈছিল ৷

 ভিন্ন ভিন্ন ভাষাত ইয়াৰ নামাৱলী : ইংৰাজীত-Spinach, জাৰ্মান,স্বেডিছ, নৰৱেত-Spinat , স্পেইনৰ কেটলেনিয়াত –Espinac, ৰচিয়াত-Shpinat, গ্ৰীকত - Spanaki, ফিলিপিনোত –Spinach,  ইটালিত - Spinaci, জৰ্জিয়াত-Spinach , ভিয়েটনামত – Rav Bim ,টাৰ্কিত –Ispanak, ইণ্ডোনেচিয়াত –Bayam, টাই ভাষাত-ফাক্-মে-ছি ও আৰু আৰবীত - Sabanikh বুলে ৷ ভাৰতীয় ভাষাত হ'ল-পালক হিন্দী,পঞ্জাবী,ওৰিয়া,কানাড়া,তেলেগু, মাৰাঠী), পালং শাক (বাংলা), পচলা কৰাই (তামিল), ভাজি (কোংকনি), পালক চেৰা (মলয়ালম), ফালে বিলাই (বড়ো), ফালেং (ডিমাছা) ৷

পালেংশাকৰ গছৰ বৰ্ণনাঃ এজোপা পালেংশাকৰ উচ্চতা ৩০চেন্টিমিটাৰ পৰ্য্যন্ত হব পাৰে ৷ পালেংশাকৰ কেইবাটাও জাত আছে ৷ জাতভেদে আকাৰ আৰু ৰঙৰ কিছু তাৰতম্য দেখা যায় ৷ গা-গছজোপা লেহুকা আৰু গছৰ গুৰিৰ ফালৰ পাতবোৰ ডাঙৰ আৰু ওপৰৰ পাতবোৰ ক্ৰমে সৰু হয় ৷ পাতৰ বৰণ উজ্বল সেউজীয়া ৷ ত্ৰিভূজ বা ডিম্বৰ আকাৰৰ পাত দীঘে ২.৫চেন্টিমিটাৰৰ আৰু পথালিয়ে ১.৫চেন্টিমিটাৰৰ হব পাৰে ৷ ফুলৰ বৰণ সেউজীয়া-বগা-হালধীয়া মিশ্ৰিত ৷

পালেংশাকত থোপাথুপিকৈ সৰু সৰু ফল লাগে য'ত বহু বীজ থাকে ৷পালেংশাকত কি কি লাগতিয়াল তত্ব থাকে ? পালেংশাকত পানীৰ পৰিমাণ হ'ল ৯১শতাংশ ৷ কাৰ্বোহাইড্ৰেট ৪শতাংশ, প্ৰটিন ৩শতাংশ, ফেট প্ৰায় নথকাৰ দৰে (৩০০মিলিগ্ৰাম) ৷ ১০০গ্ৰাম পালেংশাকত ২৩কেলৰি শক্তি থাকে ৷ ডায়েটেৰি ফাইবাৰ থাকে ২.২গ্ৰাম ৷ ভিটামিনসমূ হ'ল ভিটামিন-কে, ভিটামিন-এ, ভিটামিন-চি,ভিটামিন-ডি, ভিটামিন-বি৬,ভিটামিন-বি৯,ভিটামিন-বি১২ আৰু ভিটামিন-ই  ৷

খনিজসমূহ হ'ল আইৰণ,কেলচিয়াম, মেগনেচিয়াম, প'টেচিয়াম, চ'ডিয়াম, মেংগানিজ,ক'পাৰ,জিংক আৰু ফচফ'ৰাচ ৷ ফাইটোনিউট্ৰিয়েন্ট থাকে-বিটা কেৰটিন, বিটা ক্ৰিপ্তঝেনথিন, লিউটিন-জিয়াঝেনথিন ৷ যথেষ্ট পৰিমাণত থাকে ক্ল'ৰফিল ৷ ১০০গ্ৰাম পালেংশাকত চ'ডিয়াম ৭৯মিলিগ্ৰামৰ বিপৰীতে ৫৫৮ মিলিগ্ৰাম প'টেচিয়াম থাকে ৷ এই প'টেচিয়াম শৰীৰৰ ৰক্তপ্ৰণালীৰ বাবে অনেক লাভদায়ক ৷ পালেংশাকত থকাৰ সমান ভিটামিন-কে আন কোনো পাচলিত পোৱা নাযায় ৷ ১০০গ্ৰাম পালেংশাকত ৪৮৩মাইক্ৰগ্ৰাম ভিটামিন-কে থাকে৷
উপকাৰিতাৰ তালিকাঃ মেদবহুলতা আৰু দেহৰ ওজন হ্ৰাস কৰাত লাগতিয়াল ভূমিকা - কম কেলৰি আৰু কম ফেটযুক্ত অথচ ঘুলনশীল ডায়েটেৰি ফাইবাৰ থকা খাদ্য ৷ শৌচ-কচা হবলৈ নিদিয়ে,  তেজত চুগাৰো নিয়ন্ত্ৰিত ৰাখে ৷ কেন্সাৰ প্ৰতিৰোধক- ইয়াত থকা এন্টিঅক্সিডেন্টৰ বাবে ৷ প্ৰষ্টেটৰ কেন্সাৰ বৃদ্ধি হবলৈ নিদিয়ে ৷ জাপানৰ গৱেষকসকলৰ মতে পালেংশাকত থকা ফ্লেভনয়েডৰ বাবে নাৰীৰ গৰ্ভাশয়ৰ  কৰ্কটৰোগ ৪০শতাংশলৈ হ্ৰাস পায় ৷

চকুৰ সুৰক্ষা- ভিটমিন-এ আৰু এন্টিঅক্সিডেন্টসমূহৰ বাবে  কেটেৰেক্ট, মেকুলাৰ  ডিজেনেৰেচন ৰোধ কৰে ৷ কুকুৰীকণা ৰোগ নিৰাময় কৰে ৷ হাঁড়ৰ সুৰক্ষা-ভিটামিন -কে থকাৰ বাবে হাঁড় শক্তিশালী হয় আৰু হাঁড়ৰ ক্ষয় যোৱা ৰোগ (Osteoporosis)  নহয় ৷

হাঁড়ৰ বিষ (Osteoarthritis) কমায় ৷ উচ্চ ৰক্তচাপ কমায় - ভিটামিন-চি আৰু প'টেচিয়ামৰ ভূমিকাৰ বাবে উচ্চ ৰক্তচাপ কমে-কিডনি সুৰক্ষিত থাকে ৷ হৃদৰোগৰ পৰাও সুৰক্ষা পায় ৷ হৃদৰোগৰ পৰা সুৰক্ষা-তেজৰ নলীত চৰ্বি জমা হবলৈ নিদিয়ে ৷ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ ষ্ট্ৰ'ক প্ৰতিৰোধ কৰে ৷

দেহ-মনৰ চাপ (ষ্ট্ৰেচ) কমায় - জিংক আৰু মেগনেচিয়ামে শৰীৰক ততালিকে  শক্তি দিয়ে আৰু সুনিদ্ৰাত সহায়ক হয় ৷ মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে উপকাৰী- ভিটামিনবিগোট,ভিটামিন-চি,ভিটামিন-কে উপস্থিতিৰ বাবে ৷ পাকস্থলীৰ ঘাঁ (Gastric ulcer) নিৰ্মূল কৰাত পালেংশাক সহায়ক সিদ্ধ হৈছে ৷ পাক প্ৰণালীৰ বাবে উপযোগী-শৌচ খোলোচা কৰাত সহায়ক ৷

তদুপৰি ফলিক এচিডে কলোনৰ ডি এন এ বিসংসতি হবলৈ নিদি ক'লোনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৷ পালেংশাকে শৰীৰৰ ইমিউনিটি বঢ়ায় -ভিটমিন-এ আৰু এন্টিঅক্সিডেন্টৰ গুণৰ হেতুকে ৷ এনিমিয়া প্ৰতিৰোধক-আইৰণ,ক'পাৰ,ভিটামিন-চিৰ বাবে ৷ ছালৰ উজ্বলতা,কমনীয়তা বঢ়ায় আৰু মুখমণ্ডলত বয়সৰ আঁচোৰ পৰিব নিদিয়াকৈ ৰাখে ৷

চানবাৰ্ণৰ পৰা সুৰক্ষা দিয়ে ৷ আলট্ৰাভায়লেট ৰশ্মিৰ অপকাৰৰ পৰা বচায় ৷ শালমন আতৰাবলৈ পালেংশাক পিচা প্ৰলেপ ব্যৱহাৰ কৰিব লাগে ৷ চুলিক কমনীয়তা পালেংশাকে বঢ়ায় ৷ চুলিসৰা ৰোধ কৰে ৷ কাহ-কফ,হাপানি আৰু শ্বাসজনিত ৰোগ জালুক,কলা নিমখ মিহলাই  পালেংশাকৰ জোল খালে উপশম হয় ৷ শিশুৰ শৰীৰৰ আপুষ্টি, ৰক্তহীনতা আতৰাবলৈ পালেংশাক উপযোগী ৷

পালেংশাকৰ ৰস গাজৰৰ সৈতে খালে দাঁত আৰু দাঁতৰ আলু মজবুট হয় ৷গৰ্ভৱতী মাতৃৰ বাবে অতি উপযোগী খাদ্য ৷ এনিমিয়া ৰোধ কৰাৰ ওপৰিও গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ উন্নতি হয় ৷ ফলিক এচিডে গৰ্ভস্থ সন্তানৰ Spina bifida জাতীয় বিসংগতি ৰোধ কৰে ৷ স্তনপান কৰোৱা মাতৃদুগ্ধ বঢ়োৱাত পালেংশাক সহায়ক ৷ মাংসপেশী সবল কৰাত সহায়ক- পালেংশাকত থকা এটি CO-Q10  নামৰ এন্টিঅক্সিডেন্টৰ বাবে (Journel of Cardiovascular Nursing, Australia) ৷ Insulin sensitivity বঢ়োৱাৰ যোগেদি পালেংশাকে ডায়েবেটিজৰ ৰোগীৰ উপকাৰ সাধন কৰে ৷
 সতৰ্কবাণীঃ
 ১-কেঁচা  পালেংশাক চালাড কৰি খাওঁতে অতি সতৰ্ক হোৱা উচিত ৷  ভালকৈ  পৰিষ্কাক নকৰিলে ই-কলাই বেক্টেৰিয়াই আপোনাৰ পেটত প্ৰবেশ কৰি ফুড পইজনিং কৰিব পাৰে ৷
২- পালেংশাকত থকা অক্সেলিক এচিডে শৰীৰৰ কেলচিয়ামৰ লগত ক্ৰিয়া কৰাৰ সম্ভাৱনা থাকে ৷ যি সকলোকৰ কিডনিত বা পিত্তত পাথৰ থাকে তেনেলোকে পালেংশাক (বিশেষকৈ কেঁচাকৈ) নাখাব ৷ সিজোৱা পালেংশাকত অক্সেলিক এচিডৰ সক্ৰিয়তা কিছু হ্ৰাস পায় ৷

৩-তেজত ইউৰিক এচিড বেচি থকা লোকেও পালেংশাক কমকৈ খাব ৷

 ৪-পালেংশাকে থাইৰয়েডৰ ক্ৰিয়া কিছু পৰিমাণে প্ৰভাৱিত কৰিব পাৰে সেয়ে হাইপ'থাইৰইডিজম আৰু হাইপাৰথাইৰয়ডিজম থকা ৰোগীয়ে কম পৰিমাণতহে পালেং খাব লাগে ৷

  ৫-কিডনিৰ অসুখত ভূগা ৰোগীয়ে, বিশেষকৈ ডায়েলাইচিচৰ সন্মুখীন হবলগীয়া ৰোগীয়ে উচ্চ প'টেচিয়াম থকা হেতুকে পালেংশাক বৰ্জন কৰা বাঞ্চনীয় ৷

ডা০ ভূপেন শইকীয়া    ২০ জানুৱাৰী ২০১৮, ডোহা, কাটাৰৰ পৰা      
যোগাযোগ : drbksaikia@gmail.com   আৰু ৱাটচএপ নম্বৰ ০৯৭৪৩৩৭৩৮৭২২
ৱেবচাইট www.drbhupensaikia.com