বিদেশী প্ৰব্ৰজন অসমৰ বাবে সদায় এক উদ্বেগজনক বিষয়। বিদেশী বিতাড়নৰ দাবীৰেই আশীৰ দশকত ৰাজ্যজুৰি আৰম্ভ হৈছিল অসম আন্দোলন। বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যেই চৰকাৰে অসমত আনিছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। কিন্তু এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নিকা আৰু স্বচ্ছতাক লৈও উত্থাপন হ’ল অলেখ প্ৰশ্নৰ। ২০১৯ত ৰাজপথত অসমীয়াৰ আন্দোলন আৰু ৫ শ্বহীদৰ বলিদানকো নেওচি বিজেপি চৰকাৰে আইনলৈ পৰিণত কৰিছিল নাগৰিকত্ব সংশোধনী আইন। কিন্তু আজি ৪ বছৰ পিছতো কাৰ্যকৰী নহ’ল এই আইন। এই সকলোবোৰৰ মাজতে আজি ৰাজ্যৰ ৬খনকৈ জিলাত অৱস্থিত ডিটেনশ্যন চেণ্টাৰত বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকে। 

অসমৰ গোৱালপাৰা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰৰ জিলা কাৰাগাৰৰ ভিতৰত অৱস্থিত ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ আছে হাজাৰোধিক লোক। ২০২০ চনৰ মাৰ্চ মাহলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, এই ৬ জিলাৰ ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ আছে মুঠ ৩,৩১ জন সন্দেহযুক্ত বিদেশী নাগৰিক। অৱশ্যে পৰৱৰ্তী সময়ত কেইবাশতাধিক লোকৰ পৰা বিদেশী নাগৰিকৰ ফলক আঁতৰাই মুকলি কৰি দিয়াও হৈছে।  

বিদেশী নাগৰিকৰূপে চিহ্নিত কৰাৰ পিছত দুবছৰ ধৰি এই শৰণাৰ্থী শিৱিৰত কাৰাবন্দী হৈ থকা এগৰাকী মহিলাৰ নামেই হৈছে দুলুবী বিবি। নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবলৈ ৮ বছৰ ধৰি কঠোৰ সংগ্ৰাম কৰাৰ পিছত অৱশেষত নিজৰ ওপৰৰ পৰা বিদেশী নাগৰিকৰ দাগ আঁতৰাই ভাৰতীয় নাগৰিকৰ মৰ্যাদা লাভ কৰে ৫১ বৰ্ষীয় মহিলাগৰাকীয়ে। শিলচৰ জিলা কাৰাগাৰৰ ভিতৰৰ ডিটেনশ্যন চেণ্টাৰত সম্পূৰ্ণ দুটা বছৰ তেওঁ কাৰাবন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছিল। ভাৰতীয় নাগৰিক হৈও নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ অসমৰ্থ আছিল এইগৰাকী মহিলা।

দুলুবী বিবিৰ বাবে এয়া এক দুঃসহ স্মৃতি। তেওঁ কয়, "পুলিচে মোক চোৰ-ডকাইতৰ দৰে ঘৰৰ পৰা উঠাই লৈ গৈছিল। ২০১৮ চনৰ ১৮ এপ্ৰিলৰ সেই সন্ধিয়াটো মোৰ বাবে দুৰ্যোগৰ দৰেই আহিছিল। উধৰবন্দ থানাৰ পৰা আৰক্ষী আহি মোক লগত লৈ গৈছিল। প্ৰথমে মোক থানাত বহিবলৈ দিছিল। তাৰ পিছত মোক শিলচৰলৈ লৈ গ'ল। দুদিনৰ বাবে জিম্মালৈ পঠিয়াবলৈ কোৱাৰ পিছত ২ বছৰ ১০ দিন মোক জেলত ৰখা হ'ল।"

জীৱনৰ দুটা গুৰুত্বপূৰ্ণ বছৰ কাৰাবন্দী হৈ পাৰ কৰিবলগীয়া হোৱা দুলুবী বিবিৰ কথাত অসহায়বোধ আৰু ক্ষোভৰ সংমিশ্ৰণ ঘটিছে। ২০১৭ চনৰ ২০ মাৰ্চত দুলুবী বিবিক ‘বিদেশী নাগৰিক’ ঘোষণা কৰিছিল বিদেশী ন্যায়াধিকৰণে (এফ টি ক’ৰ্ট)। কিন্তু নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ সংগ্ৰামখন আৰম্ভ হৈছিল তাৰো বহু বছৰ আগৰ পৰাই।  বিগত ৮ বছৰ ধৰি দুলুবী বিবিয়ে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ যুঁজখন চলাই গৈছে। অৱশেষত এই যুঁজত বিজয়ী হ’ল তেওঁ। গৌহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত যোৱা ৭ অক্টোবৰত তেওঁক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা হৈছে।

কিন্তু শিলচৰ কাৰাগাৰত কটোৱা কাৰাবন্দীত্বৰ সেই দুটা বছৰৰ মানসিক আতিশয্যই এতিয়াও খেদি ফুৰিছে দুলুবী দেবীক। নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ সংগ্ৰামখনৰ অন্ত পৰিলেও এতিয়া তেওঁ মানসিক আঘাতৰ পৰা নিষ্ঠাৰ পোৱাৰ সংগ্ৰামখন চলাবলগীয়া হৈছে। 

"মোক কিয় জেলত ৰখা হ'ল?"

ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত দুলুবী বিবিৰ মনৰ অৱস্থা জানিবলৈ তেওঁৰ ঘৰলৈ গৈছিল বিবিচিৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ শৰ্মা। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লিখিছে, “শিলচৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগত মধুৰা নদীৰ কাষৰ দয়াপুৰ (খণ্ড-১) গাঁৱৰ এটা সৰু গলিয়েদি দুলুবী বিবিৰ ঘৰলৈ যায়। তেওঁৰ ঘৰ পোৱাৰ সময়ত তেওঁ চোতালত বহি ভাত ৰান্ধি আছিল। মোৰ সাক্ষাতৰ মাত্ৰ কেইমিনিটমানৰ পিছতে তেওঁ মোক প্ৰশ্ন কৰে- মোক কিয় দুবছৰ ধৰি জিম্মাত ৰখা হ'ল? জেলত মোৰ উচ্চ ৰক্তচাপ আৰু বুকুৰ বিষ হ'ল। এতিয়াও মোৰ চিকিৎসা চলি আছে। ইয়াৰ বাবে দায়ী কোন?”

দুলুবী বিবিৰ মুখৰ এই প্ৰশ্নতেই পৰিস্ফুট হৈ আছে তেওঁৰ মানসিক অৱস্থা। বিবিচিৰ সাংবাদিক দিলীপ কুমাৰ শৰ্মাই কৈছে, “হয়তো এই প্ৰশ্নবোৰে আগন্তুক কেইবছৰমানলৈকে দুলুবী বিবিক অশান্তি দি থাকিব।“

অসমৰ নাগৰিকত্বৰ বিষয়টো যিমান পুৰণি সিমানেই জটিল। সেয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সংশোধন আৰু নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছতো এক বৃহৎ অংশৰ লোকৰ জীৱন অসুবিধা আৰু সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহিছে। যিসকলক নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হয় তেওঁলোক বাংলা মূলৰ হিন্দু আৰু মুছলমান উভয় মূলৰ লোক। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ কোৱা সেই ভুক্তভোগীসকলৰ ভিতৰত দুলুবী বিবিও এগৰাকী।

প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


দুলুবী বিবিক যেতিয়া বিদেশী নাগৰিক বুলি ঘোষণা কৰা হৈছিল...

১৯৯৮ চনত প্ৰথমবাৰৰ বাবে দুলুবী বিবিৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ (নং ৯৭১২/১৯৯৮) অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ণয় ন্যায়াধিকৰণ (আই এম ডি টি) আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। দৰাচলতে ১৯৯৭ চনত উধাৰবন্দ বিধান সভা সমষ্টিৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ত নির্বাচনী পঞ্জীয়ন বিষয়াজনে দুলুবী বিবিৰ নামৰ সন্মুখত সন্দেহবাদী ভোটাৰ (ডি ভোটাৰ)ৰ টেগ লগাই দিছিল৷

তদন্তৰ সময়ত দুলুবী বিবিৰ নাম খচৰা ভোটাৰ তালিকাত আছিল যদিও পূৰ্বৰ ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে তেওঁক সন্দেহজনক নাগৰিক হিচাপে চিহ্নিত কৰা হৈছিল। ২০১৫ চনত এই সন্দৰ্ভত প্ৰথম জাননী লাভ কৰিছিল দুলুবী বিবিয়ে।

এই জাননী সন্দৰ্ভত দুলুবী বিবিয়ে কয়, "প্ৰথমবাৰৰ বাবে যেতিয়া আৰক্ষীয়ে জাননীখন আনিছিল, তেতিয়া মই একেবাৰেই ভয় কৰা নাছিলো। কিন্তু মই নিশ্চিতভাৱে আচৰিত হৈছিলো যে কিয় কোনো তদন্ত নকৰাকৈ এজন ভাৰতীয় নাগৰিকলৈ জাননীখন প্ৰেৰণ কৰা হ'ল। মোৰ জন্ম এইখন গাঁৱতে। এয়া মোৰ ককা-আইতাৰ মাটি। তেন্তে মই কেনেকৈ বিদেশী হ'ম?"

বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশৰ কপি, ফটোঃ দিলীপ কুমাৰ শৰ্মা, বিবিচি

তেওঁ কয়, "মই প্ৰথমে মোৰ সকলো নথি-পত্ৰ লৈ সীমান্ত আৰক্ষীৰ ওচৰলৈ গৈছিলো। তাৰ পিছত মই দুবছৰ শিলচৰ বিদেশী ন্যায়াধীকৰণ (এফ টি ক'ৰ্ট)লৈ অহা-যোৱা কৰি পাৰ কৰিলোঁ। ২০১৭ চনত যেতিয়া এফ টি ক'ৰ্টে মোক বিদেশী ঘোষণা কৰিছিল, তেতিয়া আমি উচ্চ ন্যায়ালয়লৈ গৈছিলো। মোৰ স্বামী পেছাত এজন ট্ৰাক চালক। এই গোচৰটো চলাবলৈ তেওঁ নিজৰ সমগ্ৰ উপাৰ্জন খৰছ কৰিছিল। আমি যে বিদেশী নহয়, সেয়া প্ৰমাণ কৰিবলৈ মোৰ স্বামীয়ে সকলো ত্যাগ কৰিছিল। "

ইয়াৰ ৬ বছৰৰ পাছত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যেতিয়া এফ টি আদালতে পুনৰ গোচৰৰ তদন্ত কৰে তেতিয়াই প্ৰতিষ্ঠা হ’ল যে ১৯৯৭ চনৰ ভোটাৰ তালিকাত থকা দুলুবী বিবি আৰু ১৯৯৩ চনৰ ভোটাৰ তালিকাত থকা দুলোবজান বেগম একেগৰাকী মহিলাৰে নাম। এফ টি ক’ৰ্টে শেহতীয়াকৈ দিয়া আদেশতো দুলুবী বিবি আৰু দুলোবজান বেগম একেগৰাকী ব্যক্তি বুলি উল্লেখ কৰিছে।

দুলুবী বিবিক কিয় বিদেশী বুলি ৰায় দিছিল এফ টি আদালতে?

২০১৭ চনৰ ২০ মাৰ্চত যেতিয়া শিলচৰস্থিত বিদেশী ন্যায়াধীকৰণে দুলুবী বিবিক ‘বিদেশী নাগৰিক’ ঘোষণা কৰিছিল, তেতিয়াৰ কাৰণটো দিয়া হৈছিল ভোটাৰ তালিকাত তেওঁৰ নামত থকা অমিল। এই আদেশ অনুসৰি দুলুবী বিবিয়ে এফ টি ক’ৰ্টত দাখিল কৰা নাগৰিকত্ব সম্পৰ্কীয় সকলো প্ৰমাণ আৰু নথি-পত্ৰত পিতৃ আৰু ককাকৰ সম্পৰ্ক স্থাপন কৰাত বিফল হৈছিল।

যিহেতু এফ টি আদালতৰ আদেশত এইটোও উল্লেখ কৰা হৈছে যে তেওঁৰ লিখিত বিবৃতিত দুলুবী বিবিয়ে আদালতত স্থায়ী বাসিন্দা হোৱাৰ সৈতে জড়িত সকলো নথি দাখিল কৰিছিল। কিন্তু এফ টিৰ সদস্য বি কে তালুকদাৰে তেওঁৰ সকলো নথি নাকচ কৰাৰ সময়তে তেওঁৰ আদেশত দুলুবী বিবিক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশী নাগৰিক বুলি অভিহিত কৰে।

এফ টি আদালতে তেওঁলোকক সেই নিৰ্দিষ্ট অঞ্চলটোলৈ উভতি যাবলৈ নিৰ্দেশ দিলে। অৱশ্যে কোভিড মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ২০২০ চনৰ ২৭ এপ্ৰিলত জামিন লাভ কৰে দুলুবী বিবিয়ে।

বিদেশী ন্যায়াধিকৰণৰ ৰায়ক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মদন বি লোকুৰে এবাৰ নতুন দিল্লীত কৈছিল যে অসমৰ বিদেশী ন্যায়াধিকৰণে স্বেচ্ছাচাৰীভাৱে কাম কৰি আছে। এই ন্যায়াধিকৰণসমূহত কোনো ধৰণৰ একাকাৰীতাৰ অভাৱৰ বাবে দুই তৃতীয়াংশ আদেশ একপক্ষীয় হৈ আহিছে। দুলুবী বিবিৰ গোচৰত আইনী সাহায্য প্ৰদান কৰা অধিবক্তা মোহিতোষ দাসেও কয় যে এফ টি ক’ৰ্টৰ কাম-কাজত ৰাজনৈতিক হেঁচা আছে। কাৰণ এই অৰ্ধ ন্যায়িক আদালতৰ সদস্যসকলক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে।

তেওঁ কয়, “এফ টি ব্যৱস্থাত বিদেশী বুলি অভিযুক্ত ব্যক্তিজনে নিজকে বিদেশী নহয় বুলি প্ৰমাণ কৰিব লাগে। দুখীয়া আৰু নিৰক্ষৰ লোকে জটিল প্ৰক্ৰিয়াবোৰ বুজিব নোৱাৰে আৰু নামৰ বানানত সৰু সৰু ভুল ৰৈ যায়, যাৰ বাবে তেওঁলোকক বিদেশী সজোৱা হয়। দুলুবী বিবিৰ গোচৰত যদি উচ্চ ন্যায়ালয় নাথাকিলহেঁতেন, তেন্তে তেওঁৰ ভাৰতীয় নাগৰিকত্ব এক প্ৰকাৰে কাঢ়ি লোৱা হ'লহেঁতেন।"

মোহিতোষ দাসে কয়, "দুলুবী বিবিৰ দৰে প্ৰকৃত ভাৰতীয় নাগৰিকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। যিসকল ভাৰতীয় নাগৰিকক প্ৰথমে বিদেশী ঘোষণা কৰা হৈছিল আৰু পিছত ভাৰতীয় বুলি গণ্য কৰা হৈছে, তেনে লোকসকলৰ মনত যথেষ্ট প্ৰভাৱ পৰে। সেয়েহে তেওঁলোকে ক্ষতিপূৰণ লাভ কৰিব লাগে যাতে ভৱিষ্যতে তেওঁলোকে উন্নত জীৱন যাপন কৰিব পাৰে।"

দুলুবী বিবি, ফটোঃ দিলীপ কুমাৰ শৰ্মা, বিবিচি

কাছাৰ জিলাত বিদেশী ন্য়ায়াধিকৰণৰ জৰিয়তে ঘোষণা কৰা বিদেশী নাগৰিকক বিভিন্ন ধৰণে সহায় কৰি অহা সামাজিক, মানৱ অধিকাৰ আৰু এন আৰ চি কৰ্মী কমল চক্ৰৱৰ্তীয়ে কয়, ‘দুলুবী বিবিৰ দৰে বহু গোচৰ এতিয়ালৈকে পোহৰলৈ আহিছে। এনে ব্যৱস্থা কেৱল অসমতে চলি আছে। চৰকাৰে প্ৰকৃত নাগৰিকক বিদেশীলৈ ৰূপান্তৰিত কৰা বিদেশী ন্যায়াধিকৰণৰ কাম-কাজৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন।"

এন আৰ চি, নাগৰিকত্ব সংশোধনী আইন আৰু বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰি চক্ৰৱৰ্তীয়ে কয়, "অসম চৰকাৰে ১৬০০ কোটি টকা খৰচ কৰি এন আৰ চি প্ৰস্তুত কৰিছিল। এই প্ৰক্ৰিয়াত হোৱা সমস্যাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছিল। এতিয়া এন আৰ চি পুনৰীক্ষণৰ অপেক্ষাত চেপা উত্তেজনাৰ মাজত অনেকে দিন পাৰ কৰিবলগীয়া হৈছে। বৰ্তমান চৰকাৰ-প্ৰশাসনে এই এন আৰ চিক নাগৰিকত্বৰ নথি হিচাপে গণ্য নকৰে আৰু বিদেশী ন্যায়াধিকৰণ আদালতত জামিন লাভ কৰিবলৈ প্ৰয়োজনীয় লোকৰ নাম এন আৰ চিত থাকিব লাগিব। সেয়েহে দুয়োটা কথা সাধাৰণ ৰাইজৰ বুজাৰ বাহিৰত।“

কি হ’ল এনআৰচি-‘কা’ৰ?

২০১৯ৰ ৩১ আগষ্টত অসমত প্ৰকাশ পোৱা এন আৰ চি চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম। অসম চৰকাৰে এই নথিখন এতিয়াও মানি লোৱা নাই। এন আৰ চিৰ তালিকাখনক “ত্ৰুটিপূৰ্ণ” বুলি অভিহিত কৰি ২০২০ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ৰাজ্য চৰকাৰে।

আনহাতে ২০১৯ চনৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন অনুমোদন কৰা হৈছিল। এই অনুমোদনৰ এতিয়া চাৰি বছৰ পাৰ হৈ গ’ল যদিও এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা নাই চৰকাৰে।

অসম বিধানসভাত কংগ্ৰেছ দলৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই কয়, "'প্ৰকৃত' ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে সংশোধিত এন আৰ চি সন্দৰ্ভত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি এতিয়ালৈকে পূৰণ হোৱা নাই। বিজেপিয়ে এনআৰচি আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মানুহক সজাগ কৰাত ব্যৰ্থ হৈছে। এয়া এক জটিল বিষয়, আৰু ইয়াৰ বাবেই দুলুবী বিবিৰ দৰে বহু লোকে নাগৰিকত্ব হেৰুওৱাৰ উপক্ৰম হৈছে।"

কংগ্ৰেছৰ প্ৰশ্ন- "এন আৰ চিক লৈ অমিত শ্বাহে যি বৰ বৰ প্ৰতিশ্ৰুতি দিছিল, তাৰ বিনিময়ত ৰাইজে কি পালে? এই এন আৰ চিৰ বাবে ১৯ লাখ লোকৰ বায়'মেট্ৰিকত লক হৈ গ'ল। যাৰ ফলত বহু প্ৰকৃত ভাৰতীয় নাগৰিক ছাত্ৰবৃত্তিৰ পৰা আৰম্ভ কৰি অন্যান্য চৰকাৰী সুবিধালৈকে বহু ক্ষেত্ৰত বঞ্চিত হ’বলগীয়া হৈছে। " 

কি কয় বিজেপিয়ে?

উধাৰবন্দৰ পৰা একেৰাহে দুবাৰকৈ বিধায়কৰূপে নিৰ্বাচিত হোৱা বিজেপি নেতা মিহিৰ কান্তি সোমৰ মতে দুলুবী বিবি তেওঁৰ বিধানসভা সমষ্টিৰ যদিও এই বিষয়টো কেতিয়াও তেওঁৰ ওচৰলৈ অহা নাছিল। তেওঁ কয়, "আমাৰ চৰকাৰে কৈছে যে যিসকল লোকৰ হাতত নাগৰিকত্বৰ সৈতে জড়িত সকলো নথি-পত্ৰ আছে, তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে। সেয়া হিন্দু হওক বা মুছলমান হওক।"

এনে এজন প্ৰকৃত ভাৰতীয়ক ক্ষতিপূৰণ দিয়াৰ প্ৰশ্নত বিজেপিৰ বিধায়কগৰাকীয়ে কয়, "ভাৰতীয় নাগৰিক এজনে বিনাদোষত যদি জে’লত থাকিবলগীয়া হোৱা ঘটনা সঁচা হয়, তেন্তে তেওঁক সহায় কৰা উচিত। কিন্তু তেওঁৰ সকলো নথি-পত্ৰ বিদেশী ন্যায়াধিকৰণৰ আদালতত দাখিল কৰাটোও প্ৰয়োজনীয়।"

বিৰোধীৰ অভিযোগ আৰু এন আৰ চি-কা ৰূপায়ণত পলম হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক মিহিৰ কান্তি সোমে কয়, "আমি বিচাৰো অসমৰ জনসাধাৰণে এখন নিকা আৰু ভুলমুক্ত এন আৰ চি লাভ কৰক। এই এন আৰ চিত বহুত ভুল আছে। সেইবাবেই আমাৰ চৰকাৰে ইয়াৰ বিৰোধিতা কৰিছে, উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছে। বৰ্তমান এন আৰ চিৰ গোচৰ আদালতত আবদ্ধ হৈ আছে। নাগৰিকত্ব সংশোধনী আইন ইতিমধ্যে আমাৰ দলৰ এজেণ্ডা। ইয়াত পলম হোৱাৰ কাৰণ কংগ্ৰেছ আৰু বাওঁপন্থী দলকে ধৰি বহু লোকৰ বিৰোধিতা। কিন্তু আমি শীঘ্ৰে এই আইন ৰূপায়ণ কৰিম।"


• বিবিচিৰ সৌজন্যত