ডিজিটেল ডেস্কঃ এই সুন্দৰ পৃথিৱীখন নোহোৱা বা ধ্বংস হৈ যোৱাৰ কথা আপুনি ভাবিছেনে? কোনো গ্ৰহাণুৰ সৈতে খুন্দা আৰু কোনো নক্ষত্ৰৰ বিস্ফোৰণত পৃথিৱী ধ্বংস হোৱাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে৷

তেতিয়ালৈ হয়তো কোনো জীৱ বাচি নাথাকিব পৃথিৱীত৷ কিন্তু শেহতীয়াকৈ বিজ্ঞানীসকলে এক নতুন তথ্য প্ৰকাশ কৰিছে৷ ধ্বংস হোৱাৰ শেষৰ দিনসমূহতো টাৰ্ডিগ্ৰেড নামৰ জীৱবিধ থকাৰ সম্ভাৱয়তা প্ৰকাশ হৈছে এই তথ্যত৷

এই জীৱৱিধক জল ভালুক বুলিবও পাৰি৷ চূড়ান্ত প্ৰতিকূল অৱস্থাতো নিজকে অস্তিত্ব ৰক্ষা কৰিব পাৰে এই সাগৰীয়া জীৱবিধে৷ মাত্ৰ আাধামিলিমিটাৰৰ টাৰ্ডিগ্ৰেডে সূৰ্যৰ অস্তিত্ব শেষ নোহোৱা পৰ্যন্ত নিজকে ৰক্ষা কৰিব পাৰে৷

১৫০ ডিগ্ৰী পৰ্যন্ত গৰম সহ্য কৰিব পৰা টাৰ্ডিগ্ৰেডে বায়ুহীন অৱস্থাতো জীয়াই থাকিব পাৰে৷ তদুপৰি ৩০বছৰ পৰ্যন্ত নোখোৱাকৈ থাকিব পাৰে এই সামুদ্ৰিক ভালুকে৷ পাহাৰৰ চূড়াৰ পৰা এন্টাৰ্কটিকাৰ হিমবাহলৈ, আগ্নেয়গিৰিৰ পৰা প্ৰচুৰ বৰষুণলৈ সকলোতে জীয়াই থাকিব পাৰে টাৰ্ডিগ্ৰেডে৷