newsnextone.com |  ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু হস্তক্ষেপ সন্দৰ্ভত গৰজি উঠিল এডিটৰ্ছ গীল্ড। বুধবাৰে এক বিবৃতি যোগে সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিব খোজাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এডিটৰ্ছ গীল্ডে। 

আনহাতে সংবাদ মাধ্যমৰ গুৰিয়ালক কোৱা হৈছে যে ৰাজনৈতিক চাপত আপোনালোক নপৰিব। নিউজ চেনেলৰ অনুষ্ঠান সম্প্ৰচাৰ হৈ থকাৰ সময়তে চিগনেল নোহোৱা হৈ পৰা বিষয়ত তদন্ত যথাযথ কৰি ব্যাখ্যা দিব লাগিব বুলি দাবী কৰে। অন্যথাই ভাৰতৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতাত কুঠাৰঘাট কৰা হ'ব। সকলো সংবাদ প্ৰতিষ্ঠানে কওক কোনো এটা সংস্থাৰ সৈতে চৰকাৰ জৰিত নহয়। যদি হয় অনতি বিলম্বে ব্যৱস্থা লওক। সংবাদমাধ্যমৰ স্বাধীনতা কোনো কালেই খৰ্ব হোৱাটো নিবিচাৰো বুলি কয় এডিটৰ্ছ গীল্ড।

উল্লেখ্য যে, এটা ৰাষ্ট্ৰীয় নিউজ চেনেলৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিকক কামৰ পৰা উলিয়াই দিয়াত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইমানে নহয় নিউজ চেনেলৰ সম্প্ৰচাৰ চলি থকাৰ সময়ত চিগনেল ব্যাহত হোৱাৰ ঘটনা সংঘটিত হয়। কংগ্ৰেছ ons বিজেপি চৰকাৰৰ অত্যাধিক চাপৰ বাবে সাংবাদিকক সংবাদ প্ৰতিষ্ঠানে খেদিবলৈ বাধ্য হৈছে বুলি কৈ আহিছে।

এডিটৰ্ছ গীল্ডে আৰু কয় যে কিছুদিন পূৰ্বে এটা বৈদ্যুতিন মাধ্যমৰ দুই শীৰ্ষ সাংবাদিকে দিয়া অভিযোগ মতে, তেওঁলোকেৰ সংবাদ উদ্দেশ্যপ্ৰনোদিত ভাৱে কাটি-কুটি প্ৰচাৰ কৰা হৈছিল। প্ৰধান বিষয় বস্তু দেখুওৱা নাছিল। চৰকাৰৰ চাপ পোৱাৰ বাবেই সংবাদ প্ৰতিষ্ঠানে এনে কৰিবলৈ বাধ্য হৈছে। সংবাদ প্ৰতিষ্ঠানৰ গুৰিয়ালে এনে কৰাৰ ফলতেই দুই সাংবাদিকে পদত্যাগ কৰিবলৈ বাধ্য হয়। 

পদত্যাগ কৰি এগৰাকী সাংবাদিকে তেওঁলোকৰ অভিযোগ লিখিত ভাৱে জমা দিয়ে এডিটৰ্ছ গীল্ডক। টিভি চেনেলৰ স্কিণ বন্ধ কৰাৰো প্ৰমাণ দিয়ে সাংবাদিকগৰাকীয়ে। গীল্ডৰ মতে সংবাধিনে প্ৰদান কৰা তথ্য জনাৰ অধিকাৰৰ ব্যৱস্থা এতিয়া প্ৰশ্নৰ সন্মুখীন হৈছে। সংবাদ মাধ্যমে বিৰোধী দলৰ কণ্ঠৰোধ কৰিবলৈ অপচেষ্টা কৰিছে।