গুৱাহাটীঃ দেশৰ দুই ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশত চলিত বৰ্ষতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷

ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ ৯ নৱেম্বৰত ভোটগ্ৰহণ হ’ব হিমাচল প্ৰদেশত৷ ১৮ ডিচেম্বৰত ভোটগণনা কৰিব নিৰ্বাচন আয়োগে৷

৬৮টা বিধান সভা সমষ্টিৰ ৰাজ্য খনত ইতিমধ্য নিৰ্বাচনৰ বতাহ-বলা পৰিলক্ষিত হৈছে৷বৃহস্পতিবাৰে এই ঘোষণা কৰে নিিৰ্বাচন আয়োগে।আনহাতে গুজৰাট বিধান সভা নিৰ্বাচনৰ দিন এতিয়ালৈ ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে।শুকুৰবাৰে গুজৰাট বিধান সভাৰ দিন ঘোষণা  কৰাৰ সম্ভৱনা আছে।