ডিজিটেল ডেস্কঃএটাৰ পিছত আনটো ঘটনাই অশান্ত কৰি তুলিছে কাশ্মীৰৰ পৰিস্থিতি৷ এই পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি নিৰ্বাচন আয়োগে বাতিল কৰিছে ৰাজ্যখনৰ সমাগত উপ নিৰ্বাচন৷

জম্মু কাশ্মীৰৰ অনন্তনাগত অনুষ্ঠিত হ’বলগীয়া আছিল এই উপ নিৰ্বাচন৷ কিন্তু শেহতীয়া পৰিস্থিতিত কোনোমতেই ’ফ্ৰী এণ্ড ফেয়াৰ’ নিৰ্বাচন অনুষ্ঠিত নহ’ব বুলি উল্লেখ কৰিয়েই এই সিদ্ধান্ত নিৰ্বাচন আয়োগৰ৷

প্ৰথমতে এই নিৰ্বাচন ১২ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল৷  কিন্ত পৰৱৰ্তী সময়ত ২৫ মে'ত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে৷ কিন্তু সোমবাৰে ৰাতি নিৰ্বাচন আয়োগে নিৰ্বাচন বাতিল কৰাৰ কথা ঘোষণা কৰে৷

মূলত শেহতীয়াভাৱে ৰাজ্যখনৰ বিভিন্ন অঞ্চল আৰু সীমামূৰীয়া ঠাইসমূহত বৃদ্ধি পাইছে হত্যা-হিংসাৰ ঘটনা৷ তদুপৰি সোমবাৰে পাকিস্তানৰ দ্বাৰা যুদ্ধবিৰতি উলংঘা আৰু ভাৰতীয় সেনাৰ মৃতদেহৰ পৰা অংগ কাটি নিয়া ঘটনাই অধিক অশান্ত কৰিছে ৰাজ্যখন৷