মৰিয়নীঃ পুনৰ প্ৰকাশিত হ’ল ৰাজ্যৰ বিদ্যুৎ বিভাগৰ চৰম ব্যৰ্থতা৷ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায় ৭০ জনৰ প্ৰান হৰণ কৰাৰ পাছত এইবাৰ হাঁহিৰাম মন্ত্ৰীৰ বিভাগে প্ৰান ললে বন্যপ্ৰানীৰ৷ মৰিয়নী কাটনীবাৰীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিব লগা হ’ল এটা হাতীয়ে৷

নিশাৰ ভাগতে বিদ্যুত প্ৰবাহিত তাঁৰ গাত লাগি মৃত্যুমুখত পৰা হাতীটো আজি পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰায়৷

বিদুৎ বিভাগৰ চৰম গাফিলতি আৰু বন বিভাগৰ হেমাহিৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷