খেৰণিঃ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ডিমা হাচাওৰ জনপ্ৰিয় নেতা গোবিন্দ চন্দ্ৰ লাংথাছাৰ আকস্মিক মৃত্যুক শোকাকুল পৰিবেশে বিৰাজ কৰে ডিমা হাচাও জিলাত৷ শুকুৰবাৰে নিশা প্ৰায় ১ বজাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ৮৬ বছৰ বয়সত মৃত্যুক আকোৱালি লয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ তেওৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে পাহাৰীয়া জিলাখনত গভীৰ শোকৰ ছাঁ পৰে৷

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাৰ লগতে পৰিষদখনৰ প্ৰতিগৰাকী সদস্য, কংগ্ৰেছৰ নেতা-কৰ্মী, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি জ্যেষ্ঠ নেতাগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সমগ্ৰ জিলাখনৰ ৰাইজ তথা তেওঁৰ অনুগামীয়ে পাহাৰীয়া জিলাখনে এগৰাকী দক্ষতাপূৰ্ণ জ্যেষ্ঠ নেতাক হেৰুওৱা বুলি কৈ মৰ্মাহত হৈ পৰে।

প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাই অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ১৯৭১-৭৭ চনলৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত পঞ্চমগৰাকী মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পাছত পুনৰ ১৯৮৮-৯১ চনলৈ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পৰিষদখনত৷ আনহাতে তেওঁ ধাৰাবাহিকভাৱে তিনিবাৰকৈ পাহাৰীয়া জিলাখনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ ১৯৮৩, ১৯৯১ আৰু ২০০১ চনত প্ৰয়াত ৰাজ্যিক মন্ত্ৰীৰ দায়িক্ব বাৰ লৈ কাম কৰিছিল৷ গোবিন্দ চন্দ্ৰ লাংথাছাই কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত গুণমুগ্ধই লাংথাছাৰ বাসগৃহত ভিৰ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷