নগাঁওঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনটোত সাধাৰণ গণিত বিষয়ৰ পৰীক্ষা চলি থকা সময়তে ৭ জন ছাত্ৰ-ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰাত  তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়।

প্ৰাপ্ত বাতৰি মতে, নগাঁও জিলাৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত ROLL-B18-617 NO-408 আৰু NO-429 নম্বৰৰ দুজন ছাত্ৰক বহিষ্কাৰ কৰা হয় বুলি অধ্যক্ষই জানিবলৈ দিয়ে।

ইপিনে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত পাঁচ জন পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয় বুলি অধ্যক্ষই জানিবলৈ দিয়ে৷