ডিজিটেল ডেস্কঃ শক্তিশালী বিস্ফোৰণে কঁপালে কাবুল৷ আফগানিস্তানৰ ৰাজধানী চহৰখনত পুৱা সংঘটিত হোৱা কাৰ বোমা বিস্ফোৰণত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ লগতে ৩৫০ জন লোক আহত হৈছে৷

ভাৰতীয় দূতাবাসৰ সমীপতে সংঘটিত হয় এই বিস্ফোৰণ৷ অৱশ্যে এই বিস্ফোৰণত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীসকল সুৰক্ষিত অৱস্থাত আছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা৷

এই বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈ স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে৷ আনহাতে উক্ত অঞ্চলটোত আন কেইবাটাও দূতাবাস থকাৰ পৰিপ্ৰেক্ষিতত কাক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত হৈছিল সেই কথাও স্পষ্ট হোৱা নাই৷

উল্লেখযোগ্য যে বিগত দিনসমুহত দেশখনত বৃদ্ধি হৈছে কূটাঘাতমুলক কাৰ্যকলাপ৷ ২৭ মে’ত দেশখনৰ খোষ্ট চহৰত সংঘটিত আত্মঘাতী বিস্ফোৰণত ১৮ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হৈছিল৷ পিছত উক্ত ঘটনাৰ দায়িত্ব তালিবানে স্বীকাৰ কৰিছিল৷