newsnextone.com | ডুমডুমাঃ হিন্দু সমাজৰ পৰম ইশ্বৰ ভগৱান ৰামক লৈ ফেচবুকত অশালীন মন্তব্য কৰাৰ পিছত হিন্দু-মুছলিমৰ মাজৰ সংঘাতে তিনিচুকীয়ৈ জিলাৰ ডুমডুমাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে ফেচবুকত মহম্মদ আজিজ খান নামৰ এজন যুৱকে এজন ব্যক্তিৰ এটা পোষ্টত হিন্দু ধৰ্মৰ ইশ্বৰ ভগৱান ৰামক উপলুঙা কৰি এক মন্তব্য কৰে৷ 

ইয়াৰ পিছতে মহম্মদ আজিজ খান নামৰ ফেচবুক একাউন্টধাৰী যুৱকজনৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ জনাই উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰে৷ ইফালে এই সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদে এখন এজাহাৰ দাখিল কৰি দোষীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায়৷ 

আনহাতে ঘটনা সন্দৰ্ভত একাংশলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ এজন মুছলামধৰ্মী লোকে হিন্দু ভগৱানক লৈ আপত্তিজনক মন্তব্য কৰি হিন্দু-মুছলিমৰ মাজত সংঘাতৰ বীজ ৰোপন কৰিব বিচাৰিছে বুলি মন্তব্য কৰি যুৱকজনক আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷

ইফালে ঘটনাক কেন্দ্ৰ কৰি ডুমডুমাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জৰ লগতে শূন্যলৈ গুলিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে৷ প্ৰতিবাদস্থলীত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ফেচবুকত আপত্তিজনক মন্তব্য কৰা যুৱকজনৰ বিৰুদ্ধে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে৷