চন্দ্ৰযান-২ৰ বিফলতাৰ ফূৰ্তিত ৰসগোল্লা খাওতে ডিঙিত লাগি মৃত্যু বাংলাদেশীৰ। এটা বাতৰিৰ শিৰোনাম। বাতৰিটো ইতিমধ্যে অসমৰ নেটিজেনসকলৰ মাজত একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে। হয়তো বাতৰিটো  আপুনিও শ্বেয়াৰ কৰিছে। বাতৰিটোত আৰু কোৱা হৈছে যে চন্দ্ৰযান–২ৰ বিফলতাক লৈ ভাৰতত নিৰাশাৰ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে বাংলাদেশত একাংশ লোকে উৎসৱ পালন কৰিছে। পিছে এই বাতৰি কিমান সত্য? মানুহৰ মৃত্যু ঘটিব পৰাকৈ ৰসগোল্লা সঁচাকৈয়ে ডিঙিত লাগি ধৰিব পাৰেনে? 

 

ক’ত প্ৰকাশ পাইছে এই বাতৰি?

 

অসমত ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ মাজত ভাইৰেল হৈ পৰা বাতৰিটো প্ৰকাশ পাইছে ভাৰতৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক বুলি দাবী কৰি অহা নিউজ চেনেল News18ৰ ৱেবছাইটটোৰ অসমীয়া সংস্কৰণত। ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.৩১ বজাত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে যে চন্দ্ৰযান–২ৰ বিফলতাৰ আনন্দত আত্মহাৰা হৈ বন্ধুৰ সৈতে সমীপৰ দোকানত নিশা ২ বজাত গৰম ৰসগোল্লা খাবলৈ গৈছিল বাংলাদেশৰ ৰেজাউল শ্বেখ নামৰ লোকজনে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দোকানত গৰম ৰসগোল্লা খাই থকাৰ সময়তে ৰস ডিঙিত লাগি ধৰাত অচেতন হৈ পৰে ৰেজাউল। ততালিকে লোকজনক হাস্পতাললৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে। চেনেলটোৰ অসমীয়া সংস্কৰণটোৱে বাতৰিটোৰ উৎস 'ইণ্ডিয়া টুডে’ বুলিও উল্লেখ কৰিছে।

 

বাতৰিটো প্ৰকাশ কৰাৰ লগে লগে অসমৰ চেনেলসমূহৰ ভিতৰত অফিচিয়েল ফেচবুক পেজত সৰ্বাধিক লাইক থকা চেনেলটোৰ হাজাৰ হাজাৰ ভিউৱাৰ্ছে সেয়া সত্য বুলি ভাবি লৈ নিজৰ নিজৰ টাইমলাইনত শ্বেয়াৰ কৰাৰ লগতে হোৱাটছএপযোগেও ফৰৱাৰ্ড কৰা দেখা গৈছে। ৯ ছেপ্টেম্বৰৰ দিনৰ ১২ বজা পৰ্যন্ত বাতৰিটো ফেচবুক পেজৰ পৰা শ্বেয়াৰ কৰিছে ২৩০০ৰো অধিক লোকে। বাতৰিটো অসমৰ আন কোনো কোনো কাকত-চেনেল-পৰ্টেলসমূহে প্ৰকাশ কৰিছে নে নাই সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই। কিন্তু এয়া স্পষ্ট স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা বাতৰিটো প্ৰকাশ পাইছে নিউজ-১৮অসমত। বাতৰিটো পঢ়ি অধিকাংশই সেয়া সত্য বুলিয়েই মানি লোৱাতো স্পষ্ট কৰি তুলিছে চেনেলটোৰ ফেচবুক পেজত পঢ়ুৱৈসকলে কৰা কমেণ্টসমূহে। 

 

News18ৰ এই বাতৰিটো সত্যনে?

 

বাতৰিটোত চেনেলটোৱে স্পষ্টকৈ কৈছে যে সেয়া তেওঁলোকৰ নিজৰ সৰ্ববৃহৎ নেটৱৰ্কৰ নিউজ নহয়, 'ইণ্ডিয়া টুডে’ৰ হে নিউজ।  বাতৰিটো য’তেই প্ৰকাশ নাপাওক কিয় প্ৰথমে আমি বিশ্লেষণ কৰিব লাগিব বাতৰিটোৰ সত্যাসত্য। সত্য কথা এয়ে যে বাতৰিটো হৈছে সম্পূূৰ্ণৰূপে ভিত্তিহীন অৰ্থাৎ ফেক নিউজ। ভাৰতৰ চন্দ্ৰযান-২ৰ অভিযান আশা কৰা ধৰণে সফল নোহোৱাত বাংলাদেশত ক’তো বাতৰিটোত কোৱাৰ দৰেকৈ উৎসৱ পালন কৰা হোৱা নাই। 

 

আন এটা সকলোৱে জনা কথা হৈছে যে কঁঠাল খাওতে ডিঙিত লাগি ধৰিব পাৰে। তামোল ডিঙিত লাগি চৰ্চৰণি খাই মানুহৰ মৃত্যু হ'ব পাৰে। কিন্তু ৰসগোল্লাৰ দৰে পিছল ৰসেৰে পৰিপূৰ্ণ হৈ থকা কোমল বস্তু এটা ডিঙিত লাগি ধৰি সাধাৰণতে মানুহ নমৰে। বাতৰিটোত গৰম ৰসগোল্লাৰ কথা কোৱা হৈছে যদিও ডিঙিত লাগি ধৰিব পৰাকৈ বা খাদ্যনলী পুৰিব পৰাকৈ ইমান গৰমে গৰমে কোনোৱে ৰসগোল্লা নাখায়। 

 

'ইণ্ডিয়া টুডে’ৰ দৰে আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে কিয় প্ৰকাশ কৰিছে এনে ফেক নিউজ?

 

নিউজ-১৮ অসমে ফেক বাতৰি প্ৰচাৰ কৰিয়েই ক্ষান্ত থকা নাই। লগতে আন এটা সংবাদ প্ৰতিষ্ঠানক বদনামো কৰিছে। News Next Oneৰ Fact চেকিঙত পোহৰলৈ আহিছে যে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান 'ইণ্ডিয়া টুডে’ই অফিচিয়েল ৱেবছাইটৰ ক’তো এনেধৰণৰ বাতৰি প্ৰকাশ কৰা নাই। প্ৰকৃততে বাতৰিটো প্ৰকাশ পাইছে এটা ফেক নিউজ বিয়পোৱা বাংলা ব্লগছাইটত। এই ব্লগছাইটটো হৈছে indiatodaydailynews.blogspot.com। ইণ্ডিয়া টুডেৰ লগো ব্যৱহাৰ কৰা এই ফেক ছাইটোত বাতৰিটো প্ৰকাশ কৰা হৈছে 'চন্দ্রযান 2 বিফলের খুশিতে মিষ্টি খেতে গিয়ে গলায় রসগোল্লার রস আটকে মৃত্যু বাংলাদেশির’ শিৰোনামেৰে। এই ফেক ছাইটটোৰ বাতৰিটোকে নিউজ-১৮ অসমে অনুবাদ কৰি নিজৰ ৱেবছাইটত প্ৰকাশ কৰি ফেক নিউজ বিয়পোৱাসকলক এক প্ৰকাৰ উৎসাহিত কৰিছে। 

 

 

বাতৰিটোত সন্নিবিষ্ট লোকজনৰ ফটোখন কাৰ?

 

বাংলা ফেক ব্লগছাইটটোৱে বাতৰিটোৰ সৈতে প্ৰকাশ কৰা ফটোখন তাত উল্লেখ কৰাৰ দৰে কোনো ৰেজাউল শ্বেখৰ নহয়। এই ফটোখন তুলিছিল বাংলাদেশ ভ্ৰমণলৈ অহা আমেৰিকাৰ গৱেষকৰ এটা দলে। গৱেষক দলটোৰ এজন সদস্যই ৱৰ্ডপ্ৰেছ ব্লগত iacobelli09 একাউণ্টেৰে লিখা ব্লগ এটাত আছে এই ফটোখন। ব্লগাৰজনে ব্লগটোত লিখা মতে ছাইট ভিজিট কৰি থকা স্থানলৈ ঘূৰি অহাৰ সময়ত ২০১০ চনৰ বসন্তৰ কোনো এটা দিনত ভাৰত-বাংলাদেশ সীমান্তৰ এখন বাংলাদেশী গাঁৱত এজন বৃদ্ধ লোকে তেওঁলোকক হাত-বাউলি মাতিছিল আৰু আকাৰে-ইংগিতে কোন ঠাইৰ বুলি প্ৰশ্ন কৰিছিল। লোকজনৰ প্ৰশ্ন শুনি ব্লগাৰজনে আমেৰিকা বুলি কৈ কাষ চাপি আহিছিল বৃদ্ধজনৰ। 

 

বৃদ্ধজনে আমেৰিকান ব্লগাৰ গৱেষকজনক আৰু তেওঁৰ বন্ধুসকলক ঘৰলৈ লৈ যায় আৰু ঘৰতে তৈয়াৰ কৰা পিঠা-পনাৰে আপ্যায়িত কৰে। লোকজনৰ ব্যৱহাৰত ব্লগাৰ আৰু তেওঁৰ বন্ধুসকল ইমানেই আকৃষ্ট হয় যে এখন ফটো কেমেৰাত আৱদ্ধ কৰি সেয়া ব্লগত আপলোড কৰে। ফটোখনৰ তলত ব্লগটোত প্ৰকৃত পৰিচয় গোপন কৰি ৰখা ব্লগাৰজনে কেপশ্যন দি লিখিছে, 'Nice old man who invited us into his home.’ (আমাক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনোৱা সুদৰ্শন বৃদ্ধজন)। অৱশ্যে অতিথিক আপ্যায়ন কৰি ভালপোৱা বাংলাদেশী বৃদ্ধজনৰ নামটো উল্লেখ কৰা নাই ব্লগাৰজনে।

 

 

আমেৰিকান গৱেষকৰ দলক নিজ ঘৰলৈ মাতি নি চাহ-পিঠা খুৱাই পঠিওৱা বাংলাদেশৰ কোনো এখন প্ৰত্যন্ত গাঁৱৰ এই বৃদ্ধজনকে এতিয়া ফেক নিউজ ৱেবছাইটটোৱে প্ৰচাৰ কৰিছে ভাৰতৰ চন্দ্ৰ অভিযানৰ ব্যৰ্থতাত উৎফুল্লিত হৈ নিশা ২ বজাত গৰম ৰসগোল্লা খাই ডিঙিত লাগি ধৰা এজন বিকৃত মানসিকতাৰ লোক হিচাপে। আচৰিত ধৰণে সেই বাতৰিটোকে গুৰুত্বসহকাৰে কোনোধৰণৰ অনুসন্ধান নকৰাকৈ প্ৰকাশ কৰিছে অসমৰ এটা আগশাৰীৰ টিভি চেনেলে। 

 

ফেক নিউজ আৰু সংবাদ মাধ্যম

 

ইণ্টাৰনেটৰ এই যুগত ফেক নিউজে এখন সমাজ, এখন দেশক নিমিষতে ছাৰখাৰ কৰি দিব পাৰে। অভি-নীলৰ হত্যাকাণ্ডৰ লগতে ফেক নিউজৰ প্ৰভাৱত সংঘটিত অনেক কৰুণ ঘটনা আমি সকলোৱে প্ৰত্যক্ষ কৰি আহিছো। এনে ফেক নিউজৰ বিৰুদ্ধে মাত মতাৰ দায়িত্ব সংবাদ মাধ্যমৰ। পিছে সেই সংবাদ মাধ্যমে নিজেই যদি ফেক নিউজ প্ৰচাৰ কৰে তেন্তে তেনে সংবাদ মাধ্যমৰ পৰা ৰাইজে আশা কৰিবই বা কি? নিজেই ফেক নিউজ প্ৰচাৰত আগভাগ লোৱা সংবাদ মাধ্যমে ফেক নিউজৰ ফলত সংঘটিত অঘটনৰ বিৰুদ্ধে মাত মাতিবই বা কেনেকৈ?

 

আৰু এবাৰ ফেক নিউজ প্ৰচাৰ কৰিছিল এই চেনেলটোৱে

 

নিউজ-১৮ অসমে ফেক নিউজ প্ৰচাৰ কৰা ঘটনা এয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও যোৱা জানুৱাৰী মাহত এটা ফেক নিউজ সম্প্ৰচাৰ কৰিছিল চেনেলটোৱে। উক্ত বাতৰিটোত ফেচবুক-ইউটিউবত উপলব্ধ বাংলাদেশৰ গাত ভূতে লম্ভা মহিলাৰ আসুৰিক চিকিৎসাৰ ভিডিঅ'ক অসমত সংঘটিত Love জেহাদৰ ঘটনা আখ্যা দি অসম আৰক্ষীক তদন্ত কৰিবলৈ দাবী জনাইছিল চেনেলটোৱে।

 

ফেক নিউজৰ বিৰুদ্ধে News Next Oneৰ যুদ্ধ

 

ফেক নিউজৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰিবলৈ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল কেইজনমান ইউটিউবাৰে৷ ফেচবুক, হোৱাটছএপৰ লগতে মুখ্যধাৰাৰ হিন্দী আৰু ইংৰাজী নিউজ চেনেলসমূহে প্ৰপাগাণ্ডামূলক ফেক নিউজ প্ৰচাৰ কৰালৈ চাই সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ আগবাঢ়ি আহিছিল এইসকল ইউটিউবাৰ৷ ইয়াৰ পিছতে ফেক নিউজৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামে বিশিষ্ট সাংবাদিক প্ৰতীক সিনহা৷  এইগৰাকী সাংবাদিকে altnews.in নামৰ বেৱছাইটটোৰ জৰিয়তে ভাৰতত ফেক নিউজৰ বিৰুদ্ধে আৰম্ভ কৰে জেহাদ৷ ইয়াৰ বাবে সাংবাদিকজনে ফেক নিউজ মেকাৰসকলৰ পৰা যথেষ্ট ভাবুকিৰো সন্মুখীন হ’বলগীয়াত পৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যধাৰাৰ সংবাদ প্ৰতিষ্ঠান কেইটাও ভাইৰেল পড়তাল আদি নাম দি ফেক নিউজৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সেয়া সঠিক ৰূপত কৰা দেখা পোৱা হোৱা নাই৷ 

 

অসমতো ইতিমধ্যে ফেক নিউজে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷ ফেক নিউজৰ পৰা যাতে অসমৰ নেটিজেনসকলক ৰক্ষা কৰিব পৰা যায় তাৰ বাবে News Next One-এ হাতত লৈছে বিশেষ পদক্ষেপ৷ আমাৰ Fact-চেকিং শিতানত পঢ়িবলৈ পাব প্ৰতিটো ফেক নিউজৰ সত্যাসত্য৷ ফেচবুক, হোৱাটছএপ, আনকি টিভি চেনেলত পোৱা বাতৰিক লৈয়ো যদি আপোনাৰ সন্দেহ ওপজে তেন্তে বাতৰিটোসহ আমালৈ মেইল (newsnextonene@gmail.com) কৰিব পাৰে৷ আমাৰ Fact-চেকিং টীমে তেনে বাতৰিৰ প্ৰকৃত সত্য অসমবাসী ৰাইজক জনাবলৈ সংকল্প গ্ৰহণ কৰিছে৷

 


শ্বেয়াৰ কৰাৰ আগত হওক সাৱধানঃ

 


এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us