নতুন দিল্লীঃ লোকসভাত যোৱা ৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিছা কথা কোৱাৰ প্ৰসংগ এতিয়া চৰ্চিত হৈ পৰিছে সংবাদ মাধ্যমসমূহত। এই ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ সাল-সলনি কৰা আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়টো উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত ভাষণত জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই জন্মু-কাশ্মীৰ সন্দৰ্ভত কৰা এক মন্তব্যৰ উধৃতি দি কয়, 'ওমৰ আব্দুল্লাই কৈছিল, ৩৭০ নং অনুচ্ছেদটো সংবিধানৰ পৰা উঠাই দিলে ভাৰতবৰ্ষ ভূমিকম্পৰ দৰে কঁপি উঠিব। কিয়নো তেনে কৰিলে কাশ্মীৰখন ভাৰতৰ পৰা আতৰি যাব। ফাৰুক আব্দুলাই কৈছিল যে ৩৭০ নং অনুচ্ছেদটো উঠাই দিলে কাশ্মীৰৰ জনসাধাৰণৰ বাবে স্বাধীনতাৰ পথ প্ৰশস্ত হৈ পৰিব! যদি ৩৭০ নং অনুচ্ছেদটো উঠাই দিয়া হয় তেন্তে কাশ্মীৰত ত্ৰিৰংগা উত্তোলন কৰা এজনো লোক বিচাৰি পোৱা নাযাব।’

ওমৰ আব্দুল্লাই প্ৰকৃততে তেনেকৈ কৈছিল নে? 

প্ৰকৃততে এনেধৰণৰ কোনো মন্তব্য কৰা নাছিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। ইণ্টাৰনেটত ছাৰ্চ কৰিলেও ওমৰ আব্দুল্লাই কোৱা বুলি মোদীয়ে ভাষণত উল্লেখ কৰাৰ দৰেকৈ 'ভূমিকম্পৰ দৰে পৰিস্থিতি হোৱাৰ’ কোনো কথা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ ৱেবছাইট বা ইউটিউবৰ ভিডিঅ’ত পাবলৈ নাই।

অৱশ্যে এই সম্পৰ্কত ছাৰ্চ কৰিলে এটাই মাত্ৰ তথ্য ইণ্টাৰনেটত পোৱা যায় যিটো নেকি প্ৰচাৰ কৰিছিল মনোৰঞ্জনৰ বাবে 'ফেক নিউজ’ প্ৰচাৰ কৰা এটা ৱেবছাইটে। উক্ত ৱেবছাইটটোৱে প্ৰকাশ কৰা বাতৰিৰ শিৰোনাম আছিল এইটো, '৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰিলে ভূমিকম্প হ'ব ভাৰতত, দাবী ওমৰ আব্দুল্লাৰ’

www.fakingnews.com নামৰ এই ৱেবছাইটৰ এবাউটত স্পষ্টভাৱে লিখা আছে যে তাত প্ৰকাশ কৰা বাতৰিসমূহ সত্য নহয়, কেৱল মনোৰঞ্জনৰ বাবেহে। 'আমি ভুল বাতৰি প্ৰচাৰ কৰো, কেৱল জনতাৰ আকৰ্ষণ লাভ কৰিবলৈ আৰু মনোৰঞ্জনৰ বাবে। আমি বিনম্ৰতাৰে মানিও লৈছো যে ভুল বাতৰি প্ৰচাৰৰ জৰিয়তে আমি জনপ্ৰিয়তা লাভ কৰিব বিচাৰো।’

ফেক নিউজ প্ৰচাৰ কৰা এই ৱেবচাইটটোৱে ২০১৪ চনৰ ২৮ মে’ তাৰিখে এই ব্যংগ বাতৰিটো প্ৰকাশ কৰিছিল। ইয়াৰ এদিন পূৰ্বে ওমৰে এটা টুইট কৰিছিল। টুইটোত ওমৰে কৈছিল, 'মোৰ এই কথাখিনি ভালদৰে চাওক আৰু টুইটতো ছেভ কৰি ৰাখক। মোদী চৰকাৰ অহাৰ পিছত হয় জম্মু-কাশ্মীৰ ভাৰতৰ পৰা আতৰি যাব, নহয় ৩৭০নং অনুচ্ছেদটো একেই থাকিব।’ 

কি কয় ওমৰৰ পাৰ্টিয়ে ? 

ওমৰ আব্দুলাৰ দল 'নেচনেল কংগ্ৰেছ'-ৰ কেবাজনো নেতাই সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে যে মোদীয়ে ভাষণত উল্লেখ কৰাৰ দৰেকৈ কোনো কথা ওমৰ আব্দুল্লাই কোৱা নাছিল। ফেক নিউজৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা নিউজ ৱেবছাইট altnews.inৰ আগত নেচনেল কংগ্ৰেছৰ প্ৰৱক্তা ইমৰাণ ডাৰে কয়, 'তেওঁ এনে মন্তব্য আগবঢ়াইছিল বুলি মই নাভাবো! মোৰ বোধেৰে এই বাতৰিটো নিশ্চয়কৈ ফেক নিউজ দিয়া ৱেবছাইটতে মোদী ডাঙৰীয়াই পাইছে।'

ইয়াৰ পৰা এয়া স্পষ্ট হৈ পৰে যে লোকসভাত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰাৰ দৰেকৈ ওমৰ আব্দুল্লাই ৩৭০নং অনুচ্ছেদ উঠাই দিলে ভাৰতত ভূমিকম্প হ’ব বুলি কোৱা নাছিল। অৰ্থাৎ এটা ফেক নিউজ ৱেবছাইটৰ বাতৰিক ভিত্তি হিচাপে লৈ দেশৰ সংসদত ভাষণ প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰীৰ দৰে দায়িত্বশীল পদৱীত থকা নৰেন্দ্ৰ মোদীয়ে।