নতুন দিল্লীঃ হাতত মৃত কৃষকৰ লাওখোলা লৈ নায্যপ্ৰাপ্তিৰ যুঁজ অব্যাহত ৰাখিছে কৃষকে। ঋণ ৰেহাই তথা খৰাঙৰ বাবে সাহায্যৰ দাবীৰে আজি সামূহিক মুণ্ডন কাৰ্যসূচীৰে যন্তৰ-মন্তৰ প্ৰতিবাদমুখৰ কৰি তোলে তামিলনাডুৰ কৃষকসকলে৷

মূলতঃ তামিলনাডুত খৰাঙৰ সাহায্যৰ বাবে ৪০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যখনৰ কৃষকসকলে৷ উত্তৰ প্ৰদেশৰ দৰে তামিলনাডুৰ কৃষকৰো ঋণ ৰেহাইৰ দাবী জনাইছে কৃষকে৷

শনিবাৰে ডিএমকে দলৰ  নেতা এম কে ষ্টেলিনে প্ৰতিবাদকাৰীসকলৰ লগত যন্তৰ মন্তৰত এক আলোচনাত মিলিত হয়৷ ৰাজ্যখনৰ বিৰোধী দলৰ নেতাজনে বিধানসভাত কয় যে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক সাক্ষাৎ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে৷

তদুপৰি সমস্যাটো সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপুৰ্ণ ভুমিকা ল’ব লাগে বুলিও ষ্টেলিনে উল্লেখ কৰে৷ উল্লেখ্য যে, বিগত প্ৰায় ১৯ দিনৰ পৰাই কৃষকসকলে যন্তৰ মন্তৰত অনশনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে যন্তৰ-মন্তৰত প্ৰতিবাদ কৰি আহিছে।