newsnextone.com | কলিয়াবৰঃ ৰাজ্যৰ উজনি-নামনি পথাৰ, বিল, খাল, পুখুৰীত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমূহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং,আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হ'ব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে অগণন থলুৱা কণীযুক্ত মাছৰ নিধন যজ্ঞও চলে অসমত। 

সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা কণীযুক্ত মাছৰ নিধন কৰা হয়৷ মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে দুগৰাকী থলুৱা যুৱকে থলুৱা মাছৰ উৎপাদন বৃদ্ধি কৰি দেখুৱাইছে আদৰ্শ। পেটত কণী থকা থলুৱা মাছৰ নিধন যজ্ঞ ৰোধ কৰাৰ লগতে তেনে মাছৰ পৰা পোনা মেলাৰ বাবে ব্যৱস্থা কৰি সমগ্ৰ ৰাজ্য খনতে যোগান ধৰিবলৈ সক্ষম হৈছে।

মীন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ পৰা মাছ আনি অসমত বিক্ৰী কৰা সকলক প্ৰত্যাহ্বান জনাই থলুৱা মাছেৰে অসমত থলুৱা মাছৰ বজাৰ গঢ়ি তোলাৰ বাবে পণ লৈছে নগাঁও জিলাৰ কলিয়াবৰৰ দুই যুৱকে। কুইণ্টলে কুইণ্টলে থলুৱা মাছৰ উৎপাদন কৰি থুলাৱ মাছৰ ব্যৱসায় কৰি স্বাৱলম্বি হ'বলৈ সমৰ্থ হৈছে।

পুখুৰী সদৃশ কংক্ৰিটৰ দুটা টেংকীত মাছ পালনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কলিয়াবৰৰ উলুৱনি গাঁৱৰ শৈলেন্দ্ৰ গোস্বামী আৰু মিছাৰ ধনঞ্জয় উপাধ্যায়ে। ২৫ ফুট দীঘল, ২৫ ফুট বহল আৰু ৫ ফুট গভীৰ কংক্ৰিটৰ টেংকীত কৃত্ৰিম পুখুৰীত কৰি থলুৱা মাছ উৎপাদন কৰে দুই যুৱকে। কৃত্ৰিম পুখুৰীত পাম্পেৰে যোগান ধৰা হয়। প্ৰতিদিনে সলনি কৰা হয় টেংকীৰ পানী। টেংকীৰ সমীপতে স্থাপন কৰা ফিল্টাৰৰ পৰা পাম্পৰে অক্সিজেনযুক্ত পানী প্ৰেৰণ কৰা হয় টেংকীলৈ। 

ফিল্টাৰৰ পৰা টেংকীত প্ৰেৰণ কৰা পানীত মজুত থাকে বীজাণু নাশকাৰী বেক্টেৰীয়া। মাছ উৎপাদনৰ প্ৰকল্পটো প্ৰস্তুত কৰোতে ব্যয় হৈছে প্ৰায় দহ লাখ টকা। প্ৰথম বাৰলৈ পুখুৰীত এৰা হৈছে কাৱৈ মাছৰ ৪০ হজাৰ পোনা। মাছৰ আহাৰ যোগানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে বজাৰত উপলব্ধ জৈৱিক ভাৱে প্ৰস্তুত কৰা দানা। চাৰি মাহত বিক্ৰীৰ বাবে উপযুক্ত হৈ পৰিব কাৱৈ মাছসমুহ। 

৪০ হাজাৰ পোনাৰ পৰা তিনিৰ পৰা চাৰি টন কাৱৈ মাছ উৎপাদনৰ কৰিবলৈ সক্ষম হয় দুই যুৱকে। প্ৰতি চাৰি মাহত ৭ লাখ টকা উপাৰ্জন কৰে মীন পালক শৈলেন্দ্ৰ গোস্বামী আৰু ধনঞ্জয় উপাধ্যায়ে। বিহাৰ  হাইদৰাবাদত এই পদ্ধতিৰ শিক্ষা লয় কলিয়াবৰৰ শৈলেন্দ্ৰ আৰু ধনঞ্জয়ে। বৈজ্ঞানিক পদ্ধতিৰে মৎস পালন সন্দৰ্ভত দীৰ্ঘ অধ্যয়ন কৰি এতিয়া এনেদৰে থলুৱা মাছ উৎপাদন কৰি চাৰিজনৰ বাবে আদৰ্শ হৈ পৰিছে।