গুৱাহাটীঃ ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট নাগৰিকক সোমবাৰে গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশেষ ভাৱে বঁটা তথা সম্বৰ্ধনা যাচে৷ অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, অভিনয়কে ধৰি বিভিন্ন ক্ষেত্ৰত বৃহত্তৰ অসমীয়া সমাজ খনক আগুৱাই নিয়াত, বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ অহৰহ চেষ্টা কৰা কেইবাগৰাকী লোকক বঁটা তথা সম্বৰ্ধনা জ্ঞাপন কৰে৷

ওৰেটো জীৱন সমাজ, জাতি, দহৰ মংগলৰ হকে কাম কৰি ভাগৰি নপৰা শিক্ষাবিদ, বুদ্ধীজীৱী, সাংবাদিক, লিখক ড০ দীনেশ বৈশ্যক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে৷

সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সাধাৰণ মানুহৰ কন্ঠ হৈ সততে দুৰ্নীতি ভ্ৰষ্টচাৰ, জনবিৰোধী নীতিৰ বিৰুদ্ধে থিয়া দিয়া ড০ বৈশ্যই ওৰে জীৱন কাম কৰাৰ স্বীকৃতি স্বৰূপে এই আদৰ-সন্মান লাভ কৰে৷ newsnextone.comৰ মুখ্য সম্পাদক ড০ বৈশ্যই সমাজৰ বিভিন্ন দিশত নিৰৱচ্ছিন্ন ভাবে কাম কৰি আছে৷

লৌহপুৰুষ খ্যাত প্ৰেমদা কান্ত শৰ্মাৰ সোঁৱৰণত যোৱা কেইবাটাও বছৰ ধৰি প্ৰদান কৰি অহা এই বঁটা "অসম ক্ৰীড়া আৰু সাংস্কৃতিক উৎসৱ" (The Assam Sports & Cultural Festival) নামৰ অনুষ্ঠানটোৰ জৰিয়তে প্ৰদান কৰি আহিছে৷

সমাজ, জাতিৰ উন্নতিৰ হকে বিভিন্ন ক্ষেত্ৰত একগ্ৰতাৰে কাম কৰি অহা কেইবাগৰাকী বিশিষ্ট লোকক বঁটা প্ৰদান কৰা অনুষ্ঠানত ৰাজ্যৰ কেইবা শতাধিক লোক উপস্থিত থাকে৷ গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ২০১৭ বৰ্ষৰ শ্ৰেষ্ঠ লোক-অনুষ্ঠানক বঁটা প্ৰদান কৰে৷

জীৱন জোৰা সাধনাৰ বঁটা প্ৰদান কৰে সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰদীপ বৰুৱাক, শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট বুদ্ধিজীৱী ড০ দীনেশ বৈশ্যক, চিকিৎসাৰ ক্ষেত্ৰত ডা০ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাক, সংস্কৃতিৰ ক্ষেত্ৰত দ্বীপেন বৰুৱাক, ক্ৰীড়াৰ ক্ষেত্ৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক৷

আনহাতে বৰ্ষশ্ৰেষ্ঠ বঁটা জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক, শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক ৰিতুৰাজ ভাগৱতীক, শ্ৰেষ্ঠ ক্ৰীড়াবিদ ৰিয়ান পৰাগ দাসক, শ্ৰেষ্ঠ শিক্ষানুষ্ঠান অসম জাতীয় বিদ্যালয়ক, শ্ৰেষ্ঠ নাট্য সংগঠন কামৰূপ নাট্য সমিতিক প্ৰদান কৰে৷

ক্ৰীড়াবিদ প্ৰেমা দৰ্জী, নাট্যকৰ্মী ভৱেন ৰায়, ভাস্কৰ্য শিল্পী ৰাজ আহমেদ, সংগীত শিল্পী পাৰ্থজ্যোতি বৰগোহাঁইক জুৰীৰ বিশেষ বঁটা প্ৰদান কৰে অনুষ্ঠানটোৱে৷ বিশেষ বঁটা শ্ৰীকৃষ্ণৰ গকুল বৃন্দাবন লীলা গ্ৰন্থখনে লাভ কৰে৷ ভ্ৰাম্যমাণৰ শ্ৰেষ্ঠ নাট্য দলৰ বঁটা লাভ কৰে আৱাহৰ থিয়েটাৰে৷ শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা ৰঞ্জিত দাসক, শ্ৰেষ্ঠ অভিনেতাৰ বঁটা মৃদুল ভূঞা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰস্তুতি পৰাশৰক প্ৰদান কৰে৷ লৌহপুৰুষ প্ৰেমদাকান্ত শৰ্মাৰ ১০৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা বৰ্ণাঢ্য অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হয়৷