newsnextone.com | ডিজিটিল ডেস্কঃ ২০২৬ চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আমেৰিকা, কানাডা আৰু মেক্সিকোত৷ ২১১ খন দেশৰ ভোটদানৰ অন্তত ফিফা-২০২৬ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিলে উত্তৰ আমেৰিকাই৷ বুধবাৰে ফিফা কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে৷

২০১৮ আৰু ২০২২ চনৰ ফিফা ৱাৰ্ল্ডকাপ প্ৰতিযোগিতাৰ স্থান নিৰ্ধাৰণক লৈ তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰাত ফিফা কৰ্তৃপক্ষই বিশেষ নজৰ দি ঠাই নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত পদ্ধতি সলনি কৰে৷ ভোটাধিকাৰৰ নিয়ম পৰ্যন্ত সলনি কৰে৷ ২১১ খন দেশৰ ভিতৰত ১০৪ খন দেশৰ ভোট লাভ কৰিলে খেল অনুষ্ঠিত কৰাৰ দাবীদাৰ হয়৷ কিন্তু স্বচ্ছ ভোটদান হোৱাৰ অন্তত ১৩৪টা ভোট লাভ কৰি আমেৰিকা, কানাডা আৰু মেক্সিকোৱে ২০২৬ চনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিলে৷

২০২৬ চনৰ ফিফা ৱাল্ডকাপ খেল ৪৮ খন দেশে খিলিব৷ খেল অনুষ্ঠিত হ’ব ৩৪ দিন৷ ৮০ খন মেচ অনুষ্ঠিত হ’ব৷ ব্যায়বহুল আৰু বহু ষ্টেডিয়ামৰ প্ৰয়োজন হ’ব বাবেই তিনি খন দেশ নিৰ্ধাৰণ কৰা হয়৷ ১৯৯৪ চনৰ পিছত পুনৰ ২০২৬ চনত ফুটবল বিশ্বকাপ অনুষ্ঠিত কৰিব আমেৰিকাই৷