ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ গাড়ীত শিল দলিওৱা প্ৰতিবাদকাৰীক প্ৰতিহত কৰাৰ বাবে প্ৰতিবাদকাৰীৰে এজনক সেনাৰ গাড়ীৰ বনেটত বন্ধাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এই কাৰ্যক অমানৱীয় আখ্যা দি দাখিল কৰা হৈছে এজাহাৰ।

দেওবাৰে বীৰবাহ আৰক্ষী চকীত আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটযোগে এই ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতেই দেশজুৰি সেনাৰ এই কাৰ্য নিন্দিত হৈছিল।

৯ এপ্ৰিলৰ শ্ৰীনগৰৰ উপনিৰ্বাচনৰ দিনাই সেনাই এনেদৰে শিল দলিওৱা প্ৰতিবাদকাৰীৰ পৰা বাচিবৰ বাবে মানৱ ঢাল হিচাপে বনেটতত বান্ধি লৈছিল যুৱকজনক।  

সুত্ৰ অনুসৰি জম্মু-কাশ্মীৰৰ সেনাৰ বাবে এক পৰামৰ্শাৱলীও জাৰী কৰা হৈছে। এই পৰামৰ্শাৱলীৰ অধীনত আগন্তুক কেইমাহমানলৈ সেনাৰ জোৱানক ছুটী নলবলৈ কোৱা হৈছে। তদুপৰি সকলো সময়তে সতৰ্ক আৰু ধৈৰ্যশীল হ’বলৈও কোৱা হৈছে উক্ত পৰামৰ্শাৱলীত।