ডিজিটেল ডেস্কঃ পৃথিৱী সলনি হৈছে, সলনি হৈছে চিন্তাধাৰা। উন্মোচিত হৈছে জীৱন যাপনৰ ন ন ৰং। এই পৰিৱৰ্তনৰেই ইংগিত বহন কৰিছে নিউয়ৰ্কৰ ন্যায়ালয়ৰ এক আদৰণীয় সিদ্ধান্তই। 

ৰাজ্যখনৰ ক’ৰ্ট অব আপিলে নিযুক্তি দিছে ৰাজ্যখনৰ প্ৰথমজন সমকামী ন্যায়াধীশ। পল জি ফাইনমেন নামৰ এই ন্যায়াধীশজনক পূৰ্বৰ ন্যায়াধীশ প্ৰয়াত শ্বেলা আবদাছ চালামৰ ঠাইত নিযুক্তি দিয়া হৈছে।

ক’ৰ্ট অব আপিলত এজন এলজিবিটি কমিউনিটিৰ ন্যায়াধীশ নিযুক্তি দিয়াৰ বাবে নিউয়ৰ্কৰ সাংসদ ব্ৰেড হাওলমেনে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। ফাইনমেনক নিযুক্তি দিয়াত ই আদালতত অতদিনে এলাগী হৈ থকা এটা গুৰুত্বপূৰ্ণ দিশ পোহৰাই তোলা বুলি মন্তব্য কৰে। 

সমকামীসকলৰ অধিকাৰ খৰ্ব হৈ অহাৰ সময়তে এয়া এক প্ৰাসংগিক সিদ্ধান্ত বুলি মত প্ৰকাশ কৰে সাংসদ ব্ৰেডে। প্ৰাৰ্থীৰ সাতজনীয়া তালিকাৰ পৰা ৫৭ বছৰীয়া ফাইনমেনক বাচনি কৰাত উৎফুল্লিত হৈ পৰিছে এলজিবিটি কমিউনিটিৰ লোকসকল। 

ন্যায়াধীশ হিচাপে ২০ বছৰৰ অভিজ্ঞতাসম্পন্ন ফাইনমেনে এতিয়া ১৪ বছৰৰ বাবে নিউয়ৰ্কৰ সৰ্বোচ্চ আদালতখনত সেৱা আগবঢ়াব পাৰিব বুলি সূত্ৰত প্ৰকাশ