গুৱাহাটীঃ প্ৰথম বৰ্ষপূৰ্তিৰ দিশে অগ্ৰসৰ হোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বহুচৰ্চিত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ একাংশ কংগ্ৰেছ বিধায়কে বিজেপিলৈ ঢাপলি মেলাৰ সম্ভাৱনা প্ৰকট হৈছে। একমাত্ৰ মন্ত্ৰিত্বৰ আশাত দলীয় নীতি-আদৰ্শ বিসৰ্জন দিবলৈ কমেও পাঁচজন কংগ্ৰেছ বিধায়ক সাজু হোৱাৰ তথ্য পোহৰলৈ আহিছে।

এই বিধায়ককেইজনক বিজেপিলৈ নিবলৈ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে বিশেষ উৎসাহ প্ৰদৰ্শন কৰা বুলি চৰ্চা হৈছে। প্ৰাক্তন মুখামন্ত্ৰী তৰণ গগৈসহ একাংশ কংগ্ৰেছ নেতাই দলৰ কোনো নেতাই বিজেপিলৈ নাযায় বুলি দাবী কৰিছে যদিও বাস্তৱৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক বুলি এক সূত্ৰই সদৰী কৰিছে। সূত্ৰটোৰ মতে, ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ দলকেইটাৰ মাজত ক্ৰমে মতানৈক্য বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ অগপৰে বিজেপিৰ সম্পৰ্ক তিক্ত হৈ উঠিছে।

আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি একাংশ অগপ বিধায়কে বিজেপিৰ প্ৰতি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰাই নহয়, বিজেপিয়ে মিত্ৰতাৰ মূল চৰ্তও ভংগ কৰিছে বুলি জাঙুৰ খাই উঠিছে। লক্ষ্যণীয় যে ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত কিছুদিনলৈ অগপৰ ফালৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তইহে কেতবোৰ চৰকাৰী কাম-কাজক লৈ ৰাজহুৱাকৈ অসন্তুষ্টি ব্যক্ত কৰে।

সম্প্ৰতি তেওঁৰ কাষত থিয় দিছে দলৰ ১৪ বিধায়কৰ দুজন ক্ৰমে ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু পবিন্দ্ৰ ডেকাই।বিধায়কদ্বয়ে মহন্তৰ সুৰতে সুৰ মিলাই বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম মানি নচলা বুলি অভিযোগ কৰিছে। ইয়াৰ প্ৰতু্ত্তৰ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে মিত্ৰদলৰ বিধায়ককেইজনক কটু ভাষাৰে সমালোচনা কৰে। কাজেই সম্প্ৰতি দল দুটাৰ মাজৰ সম্পৰ্কত ঘূণে ধৰাৰ আভাস স্পষ্ট হৈছে।

দলৰ সভাপতি মন্ত্ৰী অতুল বৰা অথবা মন্ত্ৰিত্ব লাভৰ আশা পালি থকা দুই-এজন জ্যেষ্ঠ অগপ বিধায়কে এই সম্পৰ্কত মুকলিকৈ কোনো মন্তব্য নকৰিলেও বিজেপিৰ সৈতে দলৰ সম্পৰ্ক যে জটিল হৈ উঠিছে সেই কথা ঘনিষ্ঠ দুই-একৰ আগত ব্যক্ত কৰা বুলি সূত্ৰটোৱে ইংগিত দিছে। ইয়াৰ মূল কাৰণ হৈছে সুদীৰ্ঘ ছবছৰীয়া আন্দোলনৰ পাছত ১৯৮৫ত তদানীন্তন আছু নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত অসম চুক্তি অন্তঃসাৰশূন্য বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাটো। মন্ত্ৰীজনৰ এই মন্তব্যই অগপক নেতৃত্বক অস্বস্থিত পেলাইছে।

এইদৰে অগপৰ সৈতে বিজেপিৰ সম্পৰ্ক তিক্ত হৈ উঠাৰ সমান্তৰালভাৱে বি পি এফৰ সৈতেও মিত্ৰজোঁটৰ মূল দলটোৰ ব্যৱধান ক্ৰমে বৃদ্ধি পাইছে সূত্ৰটোৱে জানিবলৈ দিছে। ইয়াৰ মূল কাৰণ হৈছে বি পি এফৰ মন্ত্ৰীদ্বয়ৰ কাম-কাজক লৈ মুখ্যমন্ত্ৰী সোণোৱাল সন্তুষ্ট নোহোৱাটো বুলি সূত্ৰটোৱে কয়। সূত্ৰটোৰ মতে, যি সময়ত মুখ্যমন্ত্ৰী সোণোৱালে দুৰ্নীতিবিৰোধী স্থিতি প্ৰবল কৰি তুলিছে তেনে স্থিতি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰত ল’ব পৰা নাই। পূৰ্বে অজস্ৰ দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ থকা বিভাগটোৰ তৰুণ গগৈ চৰকাৰৰ দিনৰ একালৰ মন্ত্ৰী ৰিহন দৈমাৰী বৰ্তমানেও বিভাগটোৰ দায়িত্বত আছে।

তেওঁৰ পূৰ্বৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰীৰ কাৰ্যকালতে স্বয়ং মহানগৰীতে এটা খোৱাপানী যোগান প্ৰকল্প স্থাপনত বৃহৎ অনিয়ম সংঘটিত হয়। গতিকে মুখ্যমন্ত্ৰীয়ে জনস্ব্যস্থ্য বিভাগৰ দুৰ্নীতিৰ তদন্ত দিবলৈ আগবাঢ়িও থমকি ৰব লগা হৈছে। একেদৰে বি পি এফৰ আনগৰাকী মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ কাম-কাজক লৈও মুখ্যমন্ত্ৰী সন্তুষ্ট নহয়। কাৰণ মন্ত্ৰী ব্ৰহ্মই গঁড় হত্যা ৰোধতে ব্যৰ্থতা স্বীকাৰ কৰাই নহয়, দালাল নিয়োগ কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগো মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে যদিও ব্যৱস্থা গ্ৰহণ কৰিবলৈ থমকি ৰৱ লগা হৈছে। কাৰণ ইয়ে চৰকাৰখনক অস্থিৰ কৰি তোলাৰ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত বিজেপিৰ এটা গোটে আন দলৰ পৰা বিধায়ক আমদানি কৰি অনাৰ অংক কৰিছে। এই ক্ষেত্ৰত গোটটোৰ মূল লক্ষ্য একাংশ কংগ্ৰেছ বিধ্যয়ক। বিশেষকৈ বৰ্তমানৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ সৈতে পূৰ্বৰে পৰা ঘনিষ্ঠ সম্পৰ্ক থকা একাংশ কংগ্ৰেছ বিধায়কে বিজেপিগামী হোৱাৰ প্ৰস্তুতি তুংগত তুলিছে। এইসকলক মন্ত্ৰিত্বৰো প্ৰলোভন দিয়া হৈছে।

তেওঁলোকৰ দৃঢ় বিশ্বাস যে তেওঁলোকে দলত্যাগবিৰোধী আইনৰ বাবে বিধায়ক পদ হেৰুৱাবলগীয়া হ’লেও পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে সহজে জয়লাভ কৰিবলৈ সক্ষম হ’ব। কাৰণ বিজেপিয়ে ডাঃ ৰণোজ পেগুসহ এজন দলত্যাগী কংগ্ৰেছী বিধায়কক উপ-নিৰ্বাচনৰ জৰিয়তে জয়ী কৰি আনিবলৈ সক্ষম হৈছে। লক্ষ্যণীয় যে সম্প্ৰতি ৰাজ্যৰ বিজেপি বিধায়কৰ সংখ্যা ৫৯জন।

এককভাৱে চৰকাৰ গঠন কৰিবলৈ দলটোক আৰু পাঁচজন বিধায়কৰ প্ৰয়োজন। সেয়েহে দলটোৱে কংগ্ৰেছৰ পৰা অন্ততঃ অনাৰ লক্ষ্য লোৱা বুলি দলীয় সূত্ৰই ইংগিত দিছে। ইতিমধ্যে মণিপুৰত দলটোৱে চাৰিজন কংগ্ৰেছী বিধায়ক দলত যোগদান কৰাবলৈ সক্ষম হয়।