প্ৰথমে ৫ ৰাজ্যত ছেমি ফাইনেল, তাৰ পিছত ২০২৪ৰ ফাইনেল! এই বছৰতে অনুষ্ঠিত হ’ব দেশৰ ৫ খন গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। সোমবাৰে অৰ্থাৎ ৯ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্য ৫ খনৰ নিৰ্বাচনৰ তাৰিখ। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলৰ জৰিয়তে ৫ ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে ৰাজ্য কেইখনৰ ৰাজনৈতিক দলৰ ৰণনীতিক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

উল্লেখ্য যে, এইবছৰ অনুষ্ঠিত হ’বলগীয়া এই ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলেই ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ এক ধাৰণা প্ৰদান কৰিব বুলি ইতিমধ্যে মন্তব্য কৰিছে বহু ৰাজনৈতিক বিশ্লেষকে। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য কেইখনৰ ২খনতেই আছে কংগ্ৰেছৰ শাসন। আনহাতে কেন্দ্ৰৰ শাসিত দল বিজেপিৰ হাতত আছে কেৱল মধ্যপ্ৰদেশ। তেলেংগানা আৰু মিজোৰামত বৰ্তমান আঞ্চলিক দলে অধিপত্য অক্ষুণ্ণ ৰাখিছে।

দৰাচলতে চাবলৈ গ’লে ২০১৮ৰ নিৰ্বাচনত মধ্যপ্ৰদেশতো গঠন হৈছিল কংগ্ৰেছৰে চৰকাৰ। ৰাজ্যখনত ২৩০ খন বিধানসভা আসন থকা ৰাজ্যখনত কংগ্ৰেছে সেই নিৰ্বাচনত ২১৪ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ১০৯ খন আসন। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছে নিৰ্দলীয় বিধায়কৰ সমৰ্থনত কমল নাথৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও ২০২০ চনত জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছতে ক্ষমতাৰ বাঘজৰী বিজেপিৰ হাতলৈ পৰিৱৰ্তিত হৈছিল।

এতিয়া নিৰ্বাচন আয়োগে ৰাজ্য কেইখনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে নিজৰ নিজৰ চৰকাৰ অক্ষুণ্ণ ৰখা আৰু ক্ষমতা ঘূৰাই লোৱাৰ প্ৰয়াসত নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ইতিমধ্যে কংগ্ৰেছ-বিজেপিকে ধৰি ৰাজনৈতিক দলৰ নেতাই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে নিৰ্বাচনমুখী ৰাজ্য কেইখনত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইতিমধ্যে ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, তেলেংগানা ভ্ৰমণ কৰি নিৰ্বাচনী ৰণডংকা বজাইছে। 

কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন?

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সোমবাৰে দুপৰীয়া ১২ বজাত সম্বোধন কৰে এক সংবাদমেল। এই সংবাদমেলত কুমাৰে ৫ ৰাজ্যৰ নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰাৰ লগতে নিৰ্বাচনী বিৱৰণীও প্ৰদান কৰে।  সেই অনুসৰি মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত, ছত্তীশগড়ত দুটা পৰ্যায়ত ৭ আৰু ১৭ নৱেম্বৰত, মিজোৰামত ৭ নৱম্বৰত আৰু তেলেংগানাত ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে আটাইকেইখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল একেলগে ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব।

অন্য়হাতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে এই নিৰ্বাচনত মুঠ ১৬.১৪ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৮.২ কোটি পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭.৮ কোটি। তদুপৰি ৫ ৰাজ্যত ১৮-১৯ বছৰৰ ভিতৰত মুঠ ৬০.২ লাখ নতুন ভোটাৰে এইবাৰ সাব্যস্ত কৰিব ভোটাধিকাৰ। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে, এইবাৰ নিৰ্বাচনত মধ্য প্ৰদেশত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫.৬ কোটি। সেইদৰে ৰাজস্থানত ৫.২৫ কোটি, তেলেংগানাত ৩.১৭ কোটি, ছত্তীশগড়ত ২.০৩ কোটি আৰু মিজোৰামত ৮.৫২ লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

অন্যহাতে পাঁচখন ৰাজ্যৰ মুঠ বিধানসভা আসনৰ সংখ্যা হৈছে ৬৭৯খন। ৰাজ্যৰ শাসন ব্যৱস্থালৈ চালে বৰ্তমান মধ্যপ্ৰদেশত বিজেপি চৰকাৰ থকাৰ বিপৰীতে ছত্তীশগড় আৰু ৰাজস্থানত আছে কংগ্ৰেছৰ শাসন। তেলেংগানাত কে. চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ)ৰ আৰু মিজোৰামত জোৰামথাংগাৰ মিজো নেচনেল ফ্ৰন্টৰ হাতত আছে শাসনৰ বাঘজৰী।

উল্লেখ্য যে, ২০১৮ চনত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল ৬ অক্টোবৰত। চত্তীশগড়ত দুটা পৰ্যায়ত আৰু মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামত এটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ১১ ডিচেম্বৰত ঘোষণা হৈছিল পাঁচোখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল।

মধ্যপ্ৰদেশত কংগ্ৰেছৰ হাঁহি নে পদুমৰ পাহি?

২০১৮ চনৰ ২৮ নৱেম্বৰত অনুষ্ঠিত হৈছিল মধ্যপ্ৰদেশৰ শেহতীয়া বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগৰ তথ্য় অনুসৰি ২৩০ খন আসনৰ বাবে সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুঠ ২৮৯৯ জন প্ৰাৰ্থীয়ে। ২০১৮ নিৰ্বাচনত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ৩ কোটি ৭৮ লাখ ৫৪ হাজাৰ ৮১১ জন। নিৰ্বাচনত মুঠ ভোটদানৰ হাৰ আছিল ৭৪.৯৭ শতাংশ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, এইবাৰ নিৰ্বাচনত মধ্যপ্ৰদেশত ১৭ লাখ ভোটাৰ বৃদ্ধি পাইছে।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত জানিবলৈ দিয়া মতে, অহা ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল। আনহাতে অহা ২১ অক্টোবৰত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব। ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ আৰু নাম প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২ নৱেম্বৰ।

ৰাজ্যখনৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাতকৈ দুখন আসন কম অৰ্থাত্ ১১৪ খন আসন লাভ কৰিছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে ১০৯ খন আৰু বিএছপি, এছপি আৰু নিৰ্দলীয়ই মিলি ৫ খন আসন লাভ কৰিছিল। অৱশ্যে বিজেপিয়ে ৪১% ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৪০.৯% ভোট। ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছে এছপি আৰু নিৰ্দলীয় বিধায়কৰ সমৰ্থনত কমলনাথৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ৰাজ্যখনত ১৫ বছৰৰ পিছত কংগ্ৰেছে প্ৰত্যাৱৰ্তন ঘটাবলৈ সক্ষম হৈছিল যদিও মাত্ৰ ১৫ মাহৰ পিছতে ৰাজনৈতিক বিসম্বাদৰ পৰিনতিত কমলনাথ চৰকাৰৰ পতন ঘটে আৰু বিজেপিৰ শিৱৰাজ সিং চৌহানে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।

২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০২০ চনৰ মাৰ্চলৈকে কংগ্ৰেছে চৰকাৰ চলায় মধ্যপ্ৰদেশত। এই সময়ছোৱাত বহু সময়ত দলৰ নেতাসকলে প্ৰতিশ্ৰুতি পূৰণৰ বাবে নিজৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল। ১৫ মাহ সম্পূৰ্ণ হোৱাৰ সময়লৈকে কমল নাথ চৰকাৰৰ ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ চিত্ৰনাট্য সাজু হৈ উঠিছিল। ২-৩ মাৰ্চৰ নিশা মধ্যপ্ৰদেশৰ কেইবাজনো বিধায়কে হঠাতে গুৰুগ্ৰামৰ এখন হোটেলত বাহৰ পাতে। এই বিধায়কসকলৰ ভিতৰত আছিল এছ পিৰ বিধায়ক ৰাজেশ শুক্লা (বাবলু), বি এছ পিৰ সঞ্জীৱ সিং কুশৱাহা আৰু ৰামবাই, কংগ্ৰেছৰ আইন্দল সিং কানছানা, ৰণবীৰ জাটাভ, কমলেশ জাটাভ, ৰঘুৰাজ কনছানা, হৰদীপ সিং, বিছাহুলাল সিং আৰু নিৰ্দলীয় সুৰেন্দ্ৰ সিং শ্বেৰা। একেখন হোটেলতে দেখা গৈছিল বিজেপিৰ নৰোত্তম মিশ্ৰ, ৰামপাল সিং আৰু অৰবিন্দ ভাদৌৰিয়াকো।

২০২০ চনৰ ৫ মাৰ্চলৈকে মধ্যপ্ৰদেশৰ ৰাজনৈতিক পৰিঘটনাৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হয় বাংগালুৰু চহৰ। দুসপ্তাহৰ ভিতৰতে বিসম্বাদী বিধায়কৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাই একপ্ৰকাৰ পতন নিশ্চিত কৰে কমলনাথ চৰকাৰৰ। ইফালে ২০২০ চনৰ ১০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ হঠাৎ দিল্লীত উপস্থিত হয় প্ৰবীণ কংগ্ৰেছী নেতা তথা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত জ্যোতিৰাদিত্য সিন্ধিয়া। এই বৈঠকৰ পিছত তেওঁ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি পিছদিনাই অৰ্থাৎ ১১ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে সিন্ধিয়াই।

ক্ৰমান্বয়ে বৃদ্ধি পোৱা ৰাজ্যখনৰ ৰাজনৈতিক অস্থিৰতাই অৱশেষত পায় উচ্চতম ন্যায়ালয়ৰ মজিয়া।  মধ্যপ্ৰদেশত ফ্ল’ৰ টেষ্টৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে। ১৯ মাৰ্চত আদালতে নিৰ্দেশ দিয়ে যে মধ্যপ্ৰদেশ বিধানসভাৰ ফ্ল’ৰ টেষ্ট ২০ মাৰ্চ ২০২০ তাৰিখে সন্ধিয়া ৫:০০ বজাৰ ভিতৰত সম্পন্ন কৰিব লাগিব। কিন্তু এই ফ্ল’ৰ টেষ্ট অনুষ্ঠিত হোৱাৰ পূৰ্বেই পিছদিনা এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে কমলনাথে। পিছদিনা ২১ মাৰ্চত দিল্লীত জে পি নড্ডাৰ উপস্থিতিত বিধায়িনী দলৰ পৰা পদত্যাগ কৰা ২২ জন বিদ্ৰোহীয়ে বিজেপিত যোগদান কৰে। ইয়াৰ পিছত ২০২০ চনৰ ২৩ মাৰ্চত শিৱৰাজ সিং চৌহানে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

কিন্তু চৰকাৰৰ পতনৰ পাছতো কংগ্ৰেছৰ পদত্যাগৰ ঢৌ যেন বন্ধ নহ’ল। ২০২০ চনৰ ২৩ জুলাইত দলটোৰ আন তিনিজন বিধায়কে কংগ্ৰেছক বিদায় দি বিজেপিত যোগদান কৰে। ইয়াৰ বাহিৰেও তিনিগৰাকী বিধায়কৰ মৃত্যুৰ ফলত তিনিখন আসন (জৌৰা, আগৰ আৰু বিয়াওৰা) খালী হৈ পৰে। ২০২০ চনৰ ৩ নৱেম্বৰত খালী হৈ থকাকে ধৰি মুঠ ২৮ খন আসনৰ বাবে অনুষ্ঠিত হয় উপ-নিৰ্বাচন। এই উপ-নিৰ্বাচনত ২৮ খনৰ ভিতৰত বিজেপিয়ে ১৯খন আৰু কংগ্ৰেছে ৯খন আসন লাভ কৰে। আমোদজনক কথাটো হ’ল কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ২৫ জন বিধায়কৰ ভিতৰত ১৮ জন নেতাই বিজেপিৰ টিকটত পুনৰ নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে ৭ জন নেতাই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

মধ্যপ্ৰদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত ২৩০ জনীয়া বিধানসভাত ১২৭ জন বিজেপি বিধায়ক, ৯৬ জন কংগ্ৰেছ বিধায়ক, ৪ জন নিৰ্দলীয়, ২ জন বিএছপি আৰু এজন আছে সমাজবাদী পাৰ্টীৰ বিধায়ক। আগন্তুক নিৰ্বাচনত কংগ্ৰেছে যদি ক্ষমতা ঘূৰাই অনাৰ যুঁজত অৱতীৰ্ণ হ’ব, বিপৰীতে বিজেপিৰ বাবে এই নিৰ্বাচন হ’ব শাসনৰ গাদীখন বাহাল ৰখাৰ যুঁজ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এইবাৰ মধ্যপ্ৰদেশত নিবনুৱা সমস্যা, মহিলাৰ সুৰক্ষা, কৃষকৰ আয় আদি বিষয়ে সময়ে নিৰ্বাচনী প্ৰাধান্য লাভ কৰিব। কংগ্ৰেছে কমলনাথক সন্মুখত লৈয়েই অৱৰ্তীৰ্ণ হ’ব নিৰ্বাচনী ৰণত। কংগ্ৰেছে কৃষকৰ ঋণ ৰেহাই, মহিলাৰ বাবে ফ্ৰী বাছ সেৱা, সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে প্ৰচাৰ চলাইছে।

অন্যহাতে পিছ পৰি ৰোৱা নাই বিজেপিও।  মধ্যপ্ৰদেশত সংস্থাপন হীনতাক লৈ যুৱক-যুৱতীৰ মাজত বৃদ্ধি পোৱা অসন্তুষ্টি দূৰ কৰিবলৈ ইতিমধ্যেই প্ৰচেষ্টা গ্ৰহণ কৰিছে শিৱৰাজ সিং চৌহান চৰকাৰে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ যুৱক-যুৱতীৰ বাবে এক লাখ নিযুক্তিৰ ঘোষণা কৰিছিল।  একেদৰে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈও প্ৰচেষ্টা গ্ৰহণ কৰি আছে চৰকাৰে। এই বছৰৰে ৫ মাৰ্চৰ পৰা চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছিল লাডলী ব্ৰাহ্মণ যোজনা। এই আঁচনিৰ অধিনত বাৰ্ষিক ২.৫ লাখ টকাতকৈ কম উপাৰ্জন কৰা মহিলাক প্ৰতিমাহে এক হাজাৰ টকাকৈ প্ৰদান কৰাৰ ঘোষণা কৰে শিৱৰাজ সিং চৌহান চৰকাৰে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশ চৰকাৰৰ এনেবোৰ আঁচনি বিজেপিৰ বাবে লাভজনক প্ৰমাণিত হ’ব পাৰে। 

ইফালে, নিৰ্বাচনলৈ দিন যিমানেই চমু চাপিছে সিমানেই শাসকীয় বিজেপিত দেখা গৈছে অস্থিৰতা। কৰ্ণাটকৰ অনুৰূপ ধৰণে ৰাজ্যখনত যোৱা ৩ মাহত এজনৰ পিছত এজনকৈ বিজেপি নেতাই পদত্যাগ কৰি কংগ্ৰেছ দলত যোগ দিছে। জ্যোতিৰাদিত্য সিন্ধেৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া নেতাসকলৰ অধিকাংশই এইকেইদিনত পুনৰ কংগ্ৰেছলৈ উভতি অহাত কংগ্ৰেছৰ শিবিৰ উৎসাহিত পৰা দেখা গৈছে। অপিনিয়ন প'লৰ অধিকাংশতে বিজেপিয়ে ক্ষমতালৈ অহাৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ পোৱাৰ পিছতে বিজেপিয়ে ৩গৰাকী কেন্দ্ৰীয় মন্ত্ৰীসহ ৭ গৰাকীকৈ সাংসদক বিধানসভা নিৰ্বাচনত টিকট প্ৰদান কৰাৰ ফলতো বিজেপিৰ ভিতৰচ'ৰাত এতিয়া অসন্তুষ্টি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ৰাজস্থানত সঘনাই সলনি পট, ক্ষমতাত থাকিব নে অশোক গেহলট?

প্ৰবীণ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু যুৱ নেতা শচীন পাইলটৰ মাজৰ সংঘাতে শেহতীয়াকৈ ৰাজস্থানক লৈ এক নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিছিল। কিন্তু কংগ্ৰেছৰ দাবী এতিয়াৰ দাবী মতে, এতিয়া আৰু কোনো সংঘাত নাই এই দুই জ্যেষ্ঠ নেতাৰ মাজত। ইয়াৰ বিপৰীতে শেহতীয়াকৈ বিজেপিৰ ভিতৰচ’ৰাতহে বিসম্বাদৰ উকমুকনি ঘটাৰ বিষয়ে চৰ্চা চলিছে। 

বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই একপ্ৰকাৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ কৰা পৰিলক্ষিত হৈছে। বসুন্ধৰা ৰাজেই দিনদিয়েক পূৰ্বে কংগ্ৰেছ ৱৰ্কি কমিটিৰ সদস্য গৌৰৱ গগৈৰ লগতে মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে বাৰ্তালাপত মিলিত হোৱা বিষয়টোৱেও বিজেপিক কিছু পৰিমাণে শংকিত কৰি তুলিছে। ৰাজ্যখনৰ দুটা মুখ্য দল কংগ্ৰেছ আৰু বিজেপিৰ ভিতৰচ’ৰাৰ অসন্তুষ্টি আৰু ৰাজনৈতিক চৰ্চাই ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনক আমোদজনক কৰি তুলিব বুলি মন্তব্য কৰে ৰাজনৈতিক বিশ্লেষকসকলে।

উল্লেখ্য যে, ৰাজস্থানৰ শেষ বিধানসভা নিৰ্বাচন ২০১৮ চনৰ ২৮ নৱেম্বৰত অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ বাবে মুঠ ২,২৯৪ জন প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ৩,৫৩,৯০,৮৭৬ জন। 

২০১৮ চনৰ ১১ ডিচেম্বৰত ৰাজ্যখনৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হৈছিল। আলৱাৰৰ ৰামগড় আসনৰ বাহিৰে বাকী ১৯৯খন আসনত ভোটগ্ৰহণ কৰা হয়। বিএছপি প্ৰাৰ্থী লক্ষ্মণ সিঙৰ মৃত্যুৰ বাবে ৰামগড় আসনৰ নিৰ্বাচন পিছুৱাই দিয়া হয়। এই নিৰ্বাচনত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰি ৯৯খন আসন লাভ কৰে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ক্ষমতা পৰিবৰ্তনৰ পৰম্পৰা চলি থাকে। 

নিৰ্বাচনত বিজেপিয়ে ৭৩খন আসন, মায়াৱতীৰ দল বিএছপিয়ে ৬খন আসন আৰু আনসকলে ২০খন আসন লাভ কৰে। সংখ্যাগৰিষ্ঠতাৰ বাবে কংগ্ৰেছৰ প্ৰয়োজন আছিল ১০১ জন বিধায়কৰ। কংগ্ৰেছে নিৰ্দলীয় আৰু অন্যান্যৰ সহায়ত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীৰূপে শপত লয় অশোক গেহলটে।

ধানেই পাতে ছত্তীশগড়ৰ চৰকাৰ, এইবাৰ বা কাক দৰকাৰ?

কৃষিপ্ৰধান ছত্তীশগড়ত বিগত কেইবাটাও নিৰ্বাচনত ধানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।  ৰাজ্যখনত সাধাৰণ কৃষকৰ আস্থাৰ ওপৰতে নিৰ্ভৰশীল প্ৰতিটো ৰাজনৈতিক দলৰ ক্ষমতাৰ ভৱিষ্যত। উল্লেখ্য যে, ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন।

ছত্তীশগড়ৰ ক্ষমতাৰ ইতিহাস খুচৰি চালে এই কথা স্পষ্ট হৈ পৰে যে ধানৰ ওপৰত ৰাজনৈতিক দলে প্ৰদান কৰা বোনাছৰ প্ৰতিশ্ৰুতিৰ ওপৰতে কোন দলে চৰকাৰ গঠন কৰিব সেয়া নিৰ্ধাৰণ হৈ আহিছে।  ২০১৩ চনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে প্ৰতি কুইণ্টলত ২৪০০ টকাকৈ ধান ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আনহাতে ২০০০ টকা কংগ্ৰেছে ঘোষণা কৰিছিল। যাৰ পৰিণিতিত বিজেপিয়ে ধানৰ আধাৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

একেদৰে ২০১৮ চনৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে প্ৰতি কুইণ্টলত ২৫০০ টকাত ধান ক্ৰয় কৰাৰ লগতে ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। বিপৰীতে বিজেপিয়ে চৰকাৰ গঠনৰ পিছত ২৪০০ টকাৰ সলনি সৰ্বাধিক প্ৰদান কৰিছিল ১৭৪০ টকাহে। কেৱল এয়াই নহয়, নিৰ্বাচনৰ সময়ত ধানৰ এম এছ পিৰ ওপৰত বিজেপিয়ে কোনো ঘোষণা কৰা নাছিল। যাৰ পৰিণামস্বৰূপে সেইবাৰ ৰমন সিঙৰ চৰকাৰৰ পতন ঘটি মুখ্যমন্ত্ৰী হয় ভূপেশ বঘেল।

২০২৩ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে যে পুনৰ চৰকাৰ গঠন হ’লে ধান ক্ৰয়ৰ পৰিমাণ ৩৬০০ টকা হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা সাধাৰণ গ্ৰেডৰ ধানৰ এম এছ পি প্ৰতি কুইণ্টলত হৈছে ২,১৮৩ টকা। আনহাতে কিষাণ ন্যায় যোজনাৰ ইনপুট ৰাজসাহায্যৰে প্ৰতি কুইণ্টলত ২৬৪০ আৰু ২৬৬০ টকা দিয়া হয়। বিজেপিৰ ১৫ বছৰীয়া শাসন কালত সমগ্ৰ ৰাজনীতি চাউলৰ ওপৰত কেন্দ্ৰিত আছিল। প্ৰতি কিলোগ্ৰাম চাউলত ১ টকা দি ৰমন সিং সমগ্ৰ ৰাজ্যতে ‘চাউল বাবা’ ৰূপে পৰিচিত হৈ পৰিছিল। কিন্তু বাবাৰ ভাবমূর্তি ভাঙিবলৈ ‘কাকা’ অৰ্থাৎ মুখ্যমন্ত্রী ভূপেশ বাঘেলে গ্ৰহণ কৰিছিল নতুন পন্থা৷ যোৱা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী বাঘেলে ধানৰ সমৰ্থন মূল্য ২৫০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি জয়লাভ কৰিছিল।

প্ৰণিধানযোগ্য যে, ছত্তীশগড়ৰ ৮০ শতাংশ জনসংখ্যা খেতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। ২০১৮ চনত ২৫০০ টকাৰ সমৰ্থন মূল্যৰে ক্ষমতালৈ অহা দলটোৱে ২০২৩ চনত ২৬৫০ টকা সমৰ্থন মূল্যত উপনীত হৈছে। কংগ্ৰেছ চৰকাৰে চাৰি বছৰত কৃষকক ৮৫ হাজাৰ কোটি টকা প্ৰদান কৰি ইতিমধ্যেই এক ৰাজনৈতিক ইমেজ গঢ়িবলৈ সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পুনৰ কংগ্ৰেছেই চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বহু নিৰ্বাচন বিশেষজ্ঞই। 

তেলেংগানাত যোৱাবাৰ আহিছিল কে চি আৰ, এইবাৰ কাৰ চৰকাৰ?

২০১৮ৰ নিৰ্বাচনত তেলেংগনাত চৰকাৰ গঠন কৰিছিল কে চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছে। এইবাৰ  নিৰ্বাচনত বি আৰ এছে চৰকাৰ বচাবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। একে সময়তে বিজেপি আৰু কংগ্ৰেছে ৰাজ্যত ক্ষমতালৈ আহিবলৈ অশেষ চেষ্টা কৰিছে। ইয়াৰ পূৰ্বে ১১ আগষ্টত বি আৰ এছে ১১৯ জনীয়া তেলেংগানা বিধানসভাৰ বাবে ১১৫খন আসনৰ বাবে ১১৪টা নাম ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দুটা বিধানসভা সমষ্টিৰ পৰা নিজৰ ভাগ্য পৰীক্ষা কৰিব। আনহাতে ৰাজ্যৰ আন আন প্ৰধান বিৰোধী দল কংগ্ৰেছ, বিজেপি, টিডিপি আৰু এআইএমআইএম-এ এতিয়ালৈকে কোনো তালিকা প্ৰকাশ কৰা নাই।

বৰ্তমান তেলেংগানাৰ ৰাজনৈতিক সমীকৰণৰ কথা ক’বলৈ গ’লে ১১৯ জনীয়া বিধানসভাত বি আৰ এছৰ ১০১ জন, এ আই এম আই এমৰ ৭ জন, কংগ্ৰেছৰ ৫ জন, বিজেপিৰ ৩ জন আৰু এ আই এফ বিৰ এজন বিধায়ক আছে। এখন আসনত নিৰ্দলীয় বিধায়ক আছে, আনহাতে এখন আসন এতিয়াও খালী হৈ আছে।

নিৰ্বাচন বিশেষজ্ঞৰ মতে ৰাজ্যত নিবনুৱা সমস্যা,  প্ৰশ্নকাকত ফাদিলৰ দৰে বিষয়সমূহ এইবাৰ নিৰ্বাচনত কেচিআৰ চৰকাৰৰ বাবে সমস্যা হৈ পৰিব পাৰে। নিযুক্তিৰ বিষয়ত নিবনুৱা যুৱক-যুৱতীয়ে প্ৰতিদিনে অব্যাহত ৰাখিছে প্ৰতিবাদ। যোৱা বিধানসভা নিৰ্বাচনত নিবনুৱাক ভাট্টা দিয়াৰ কথাও ঘোষণা কৰা হৈছিল, কিন্তু সেই ঘোষণা কাৰ্যকৰী নোহোৱাৰ বাবে যুৱক-যুৱতীসকল ক্ষুব্ধ হৈ পৰিছে। 

ইফালে যুৱক-যুৱতীসকলক আকৰ্ষণ কৰিবলৈ বি আৰ এছে আৰম্ভ কৰিছে ‘বিদ্যাৰ্থী আৰু যুৱজান’ৰ দৰে কাৰ্যসূচী। দুই লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজৰ ভূমিকা পালন কৰা বুলি দাবী কৰিছে চৰকাৰে। এই নিৰ্বাচনত ৰাজ্যৰ মহিলা, জনজাতীয়, কৃষকৰ সৈতে জড়িত বিষয়সমূহো উত্থাপন হৈছে। এইবোৰ বিষয়ত বিৰোধী দলসমূহে চৰকাৰক ঘেৰাৰ চেষ্টা কৰি আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। অন্যহাতে বিআৰএছে দাবী কৰা মতে, চৰকাৰৰ উন্নয়নমূলক কামসমূহ সন্মুখত লৈয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাব দলটোৱে।

মিজোৰামতো বলিছে নিৰ্বাচনী বতাহ

বৰ্তমান মিজোৰামত শাসনাধীষ্ঠ হৈ আছে মিজোৰাম নেচনেল ফ্ৰণ্ট। এইবাৰ নিৰ্বাচনত নিজৰ ক্ষমতা ৰক্ষাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী জোৰামথাংগা। একে সময়তে কংগ্ৰেছে ৰাজ্যত পুনৰ ক্ষমতালৈ আহিবলৈ অশেষ চেষ্টা কৰিছে। ইয়াৰ পূৰ্বে ৪ অক্টোবৰত এম এন এফে ৪০ জনীয়া মিজোৰাম বিধানসভাৰ সকলো আসনৰ নাম ঘোষণা কৰিছিল। আইজল ইষ্ট-প্ৰথমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী তথা এমএনএফৰ অধ্যক্ষ জোৰামথাংগাই। এই আসনখন ২০১৮ চনৰ বিধানসভা নিৰ্বাচনতো মুখ্যমন্ত্ৰীয়ে লাভ কৰিছিল। আনহাতে ৰাজ্যৰ আন প্ৰধান বিৰোধী দল কংগ্ৰেছ, বিজেপি আৰু জোৰাম পিপলছ মুভমেণ্টে এতিয়ালৈকে কোনো তালিকা প্ৰকাশ কৰা নাই।

বৰ্তমান ৰাজনৈতিক সমীকৰণৰ কথা ক’বলৈ গ’লে ৪০ জনীয়া মিজোৰাম বিধানসভাত এম এন এফৰ ২৮ জন, কংগ্ৰেছৰ ৫ জন, জেড পি এমৰ এজন আৰু বিজেপিৰ এজন বিধায়ক আছে। পাঁচখন আসনত নিৰ্দলীয় বিধায়ক আছে। এই নিৰ্বাচনত ৰাজ্যৰ মহিলা, যুৱক-যুৱতী আৰু শ্ৰমিকৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন হৈছে। এইবোৰ বিষয়ত বিৰোধী দলসমূহে চৰকাৰক ঘেৰিবলৈ চেষ্টা কৰা দেখা গৈছে। কংগ্ৰেছ, বিজেপিয়ে কৃষকৰ সমস্যাসমূহ অহৰহ উত্থাপন কৰি আছে। বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী ঘোষণাত চৰকাৰ গঠন হ’লে স্বনিয়োজন আৰম্ভ কৰাসকলক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কৃষকক সুতমুক্ত কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) ঋণ প্ৰদানৰ লক্ষ্যও আগবঢ়াইছে দলটোৱে। একেদৰে কংগ্ৰেছেও মহিলাৰ সুৰক্ষা, নিবনুৱা সমস্যা আৰু কৃষকৰ আয়ক ইছ্যু হিচাপে লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।