ডিজিটেল ডেস্কঃ⁠⁠⁠⁠ সৌসিদিনা আহি মাতৃৰ কোলাত মূৰ থৈছিল কণমানিজনীয়ে। এতিয়া আকৌ যাবৰে হ'ল। বিদায়ৰ লগ্ন যেতিয়া সমাগত, বাধা দি ৰাখেনো কোন সতে। সেয়ে অনাহক বেজাৰত মন মাৰি নাথাকি বিদায় মধুৰ কৰি তুলিবলৈ প্ৰতিটো ক্ষণতে চেষ্টা অব্যাহত ৰাখিছে কণমানিগৰাকীৰ পিতৃ-মাতৃ, আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱীয়ে।

কণমানিটিৰ জীৱনৰ যৱনিকা পৰিবলৈ মাজত মাথো কেইটামান মাহ বাকী। এনে এক বিষাদগধুৰ পৰিৱেশৰ মাজতো ভাগি পৰা নাই পিতৃ-মাতৃ। বিপৰীতে পৃথিৱী এৰি যাবলৈ ওলোৱা ৰাজকুমাৰীগৰাকীৰ শেষ ইচ্ছা পূৰ্ণ কৰিবলৈ উঠি-পৰি লাগিছে তেওঁলোক। এই অনুযায়ী মহা ধুমধামেৰে  আয়োজন কৰা হৈছে ৫ বছৰীয়া এইলিধ পেটাৰছনৰ বিয়া। দৰা হৈছে তেওঁৰ  প্ৰিয় বন্ধু ৬বছৰীয়া হেৰিছন গ্ৰিয়াৰ।

দুৰাৰোগ্য নিউৰোব্লাষ্টোমা কৰ্কটত ভুগি থকা কণমানি এইলিধে নিশ্চিত মৃত্যুৰ কথা জানিব পাৰি ইতিমধ্যে জীৱনৰ শেষ ইচ্ছাৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে৷ তালিকাৰ প্ৰথম ইচ্ছাটোৱেই আছিল প্ৰিয় বন্ধু হেৰিছনৰ কইনা হোৱা৷ এইলিধৰ ইচ্ছা আছিল পৰীৰ দেশৰ সাধুত যিদৰে ৰাজকোৱৰৰ সৈতে ৰাজকুঁৱৰীৰ বিয়া হয় ঠিক তেনেকৈ তেওঁৰো বিয়া হ’ব৷ ছোৱালীজনীৰ ইচ্ছা পূৰণ কৰিবলৈ হাঁহিমুখে মান্তি হয় হেৰিছনৰ পিতৃ-মাতৃ৷ 

এনেদৰে ইচ্ছা অনুযায়ী সেইদিনা এইলিধৰ ঘৰখনত সৃষ্টি কৰা হৈছিল ৰাজকোঁৱৰ-ৰাজকুঁৱৰীৰ বিয়া সদৃশ পৰিৱেশ৷ ৰূপকথাৰ পৰীৰ দৰে কইনাৰ সাজত দেখা গৈছিল স্কটলেণ্ডৰ এইলিধ পিটাৰছেনক৷ মাত্ৰ ৫ বছৰ বয়সতেই মাৰাত্মক ৰোগত আক্ৰান্ত শিশুটোৰ জীৱনৰ অন্তিম ইচ্ছাসমূহ পূৰণ কৰিবলৈ অলপো ক্ৰুটি কৰা নাই পিতৃ-মাতৃয়ে৷ বিবাহৰ পিছত এতিয়া তেওঁৰ শেষ ইচ্ছাৰ তালিকাত বাকী আছে ডলফিনৰ সৈতে সাতোৰ, তুষাৰপাত দৰ্শন, ৱাটাৰ পাৰ্ক ভ্ৰমণ, বেডৰুম সজোৱা আৰু বিমানেৰে আকাশৰ নীলা চোৱাৰ হেঁপাহ৷

• Courtesy: www.dailymail.co.uk