ডিজিটেল ডেস্কঃ সৰ্বসাধাৰণৰ বাবে উৰাজাহাজত ভ্ৰমণ কৰাটো এতিয়া আৰু বিলাসী কাৰবাৰ হৈ নাথাকে। দেশৰ সাধাৰণৰ নাগৰিকৰ বাবে ব্যয়সাধ্য মূল্যত বিমানসেৱা আগবঢ়াবৰ বাবে নতুন আঁচনিখনৰ আজি শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

২৫০০ টকাৰপৰা আৰম্ভ হোৱা এই আঞ্চলিক বিমানসেৱাৰ আঁচনি আজি চিমলাৰপৰা দিল্লীলৈ এঘণ্টাৰ উৰণেৰে উদ্ধোধনী কৰিব মোদীয়ে। ইয়াৰ পিছতে মোদীয়ে কৰপা-হায়দৰাবাদ আৰু নাদেৰ-হায়দৰাবাদ চেক্টৰৰ আঞ্চলিক বিমানলৈ সেউজ সংকেত দি উদ্ধোধনী কৰিব।

উল্লেখ্য যে অসামৰিক উৰণৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰচিএছ ২০১৬ বৰ্ষৰ অক্টোবৰ মাহতে চৰকাৰে মুকলি কৰিছিল৷ এই আঁচনি অসামৰিক উৰণ পলিচিৰ অধীনত মুকলি কৰা হৈছে৷

এই আঁচনিৰ জৰিয়তে দেশৰ কম দুৰত্বৰ সৰু চহৰবোৰৰ মাজত যাতায়ত ব্যৱস্থা উন্নত হ’ব৷ তদুপৰি সঘনাই ব্যৱহৃত নোহোৱা বিমানবন্দৰবোৰৰ পুনৰুত্থানৰ বাবেও এই আঁচনি গ্ৰহণ কৰা হৈছে বুলি জানিবপৰা গৈছে৷

মোদীয়ে কয় যে এই উৰণৰ ১ ঘণ্টা বা ৫০০ কিলোমিটাৰৰ বাবদ সৰ্বোচ্চ ২৫০০ টকাৰ নিৰিখ নিৰ্ধাৰণ কৰা হৈছে। এই একেধৰণৰ হাৰতে অইন ৰাজ্যৰ বিমানৰ নিৰিখ নিৰ্ধাৰণ কৰা হৈছে। 

চিমলাক এখন ৰেলীও সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে। তাৎপৰ্যৰ কথা যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদী প্ৰথমবাৰৰ বাবে চিমলালৈ আহিছে৷